ফটাঢোল

এটা বাছযাত্ৰাৰ কাহিনী – দিগন্ত বৰা

কেইবছৰমানৰ আগতে ফেচবুকৰ কবিতা গোট এটাৰ মিট্ এখনলৈ গৈছিলোঁ। হৈছিল কাজিৰঙাত। যোৰহাটৰ পৰা কাজিৰঙালৈ যাবলৈ এওঁ দিলে টকা দহটা। মই বোলোঁ-“তুমি পাগল হ’লা নেকি? যোৰহাটৰ পৰা কাজিৰঙালৈ কিমান দূৰ জানানে?”
এওঁ বোলে-“জানো। এইটো এটা পৰীক্ষা বুলি ধৰি লোৱাচোন। সামান্য পৰীক্ষাটোত পাছ কৰিব নোৱাৰিলে জীৱনৰ কঠিন পৰীক্ষাত কিদৰে পাছ কৰিবা?”
কথাষাৰ মোৰ ইজ্জতত লাগিল। দহ টকাটো এওঁক গতাই কাজিৰঙালৈ বুলি ওলাই আহিলোঁ। আহি আহি বাছ এখনৰ ছিট এটাত আৰামত বহি ল’লোঁ। মনত বহুত চিন্তা,লগতে উৎকণ্ঠা। কাষৰ ছিটটোত খুউব সুন্দৰী যুৱতী এগৰাকী। মনটো ভালো লাগিল। কিন্তু এইয়া কি? যুৱতীগৰাকীয়ে মোক দেখোন পাত্তাই দিয়াই নাই! তাৰ বিপৰীতে তাইৰ বাউসিটো মোৰ বাউসিত লাগি ছিগি পৰে বুলি ক্ৰমাৎ খিৰিকিৰ ফালেহে গৈ আছে। ভগৱানলৈ খঙো উঠিল৷ ভাল মিস্ত্ৰী এজনৰ হতুৱাই চেহেৰাটোত ‘ফিনিছিং পলিচ’ এটা দি মোক এই মৰ্ত্যলোকলৈ পঠাব নোৱাৰিলা !

যি কি নহয়ক, কোন কিমান পানীৰ মাছ দেখা যাব বুলি লগৰ বিমানলৈ মেছেজ এটা কৰি মোলৈ ইমিডিয়েট ফোন এটা কৰিবলৈ ক’লোঁ। অলপ পাছতে বিমানৰ ফোন আহিল। আমি দুয়োটাই কথা পাতিলোঁ এনেদৰে….
মই: হেল্লো বিমান, তই আছ ক’ত?
বিমান: বগীবিলতে আছোঁ চাৰ?
মই: লেবাৰ পেমেণ্টৰ টকাখিনি অসীমৰ পৰা লৈ লবি। চাবি যাতে লেবাৰৰ ক্ৰাইচিচ নহয়৷
তাৰ পাছত বিমানক কথা পাতিবলৈ চান্সেই নিদিলোঁ। মই বোলোঁ-“কি…. কি ক’লি? জেচিবি লাগে? কেইখন?  একৈশখনেও হোৱা নাই? হা? ৰ’ ৰ’ মই গুৱাহাটী পাই লওঁগৈ। নাই নাই৷ হংকং পৰহিলৈ যাম৷ দিল্লী? অ’ কাইলৈ যাম৷ কি? লোকেল পাৰ্টীয়ে দিগদাৰ কৰিছে? হোৱাট?…. কিমান ডিমাণ্ড কৰিছে?….. অ’হ মাই গড!…. পাঁচ লাখ ডিমাণ্ড কৰিছে?….. মই আজিয়েই ডিজিপিক চিকিউৰিটি টাইট কৰিবলৈ কম ৰ’।….. নাই নাই যোৰহাটৰ পৰা গাড়ী ঘূৰাই পঠালোঁ…..অ’ অ’ মই বাছতহে আহিছোঁ। কাজিৰঙাত ৰ’ম এঘণ্টা।….. বিপদ এটা হ’ল ?….. মানিবেগটো পৰি গ’ল যোৰহাটত। অ’ অ’ যোৰহাটত৷ নাই,টকা বেছি নাছিল৷ দহ-বাৰহেজাৰমান আছিল৷ এ.টি.এম,পান কাৰ্ড চব আছিল…. এটকা এটাও নাই হাতত…..নাই দিম দিম……কঁহৰা থানাতে ৰিপৰ্টটো দি দিম……নাই নাই৷…..বাছ-ভাড়া এটকাও নাই…… গমেই নাপালোঁ অ’ কেনেকে পৰিল….. ৰিকুৱেষ্ট কৰি চাম। কৰোঁ বুলি কৰা নাই নহয়। বাছৰ পৰা নমাই দিলে দিব ! গোলাঘাটৰ এছ.পি.লৈ ফোন কৰিলে বোকাখাত থানাই মোক গাড়ীতে টকা দি যাবহি…..কিন্তু ইমান সৰু হ’বলৈ মন যোৱা নাই,… নাই, চিন্তা নকৰিবি…নাই নাই মোৰ পাৰ্ছপৰ্ট-ভিছা চব গুৱাহাটীত আছে।”
ফোনটো থৈ পকেটত ভৰাবলৈ নাপালোঁৱেই । ছোৱালীজনীয়ে বোলে- “দাদা, এনেকুৱা বিপদ এটা আমাৰ পাপাৰো হৈছিল আগতে। আপোনাৰ ভাড়াটো ময়েই দি দিম বেয়া পাবনেকি?”

মই বোলোঁ: মোক টকা এশ দিলেই হ’ব। কাজিৰঙাত নামিমেই । আৰু তোমাৰ একাউণ্ট নংটো দিবা। মই কালিলৈকে ঘূৰাই দিম।
বেছেৰীয়ে এশৰ ঠাইত দুশ টকা দিলে।
বুকুখন দুই-তিনি ইঞ্চিমান ফুলাই কাজিৰঙাত বাছৰ পৰা মই নামি আহিলোঁ।

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *