ফটাঢোল

চেকবুকৰ চহী – হিৰন্ময় বৰুৱা

হৰিচন্দ্ৰ বৰুৱা চাকৰিত সোমোৱাৰ দুদিনমান পিছৰে ঘটনা ৷ তেওঁৰ বন্ধু নৱ সেইদিনা প্ৰথমবাৰৰ বাবে বেংকলৈ গৈছিল৷ হাতত খুৰীয়েকে দিয়া ‘চেক’খন৷
বেংকত দীঘলীয়া শাৰী ৷ কাউণ্টাৰত আমাৰ হৰিচন্দ্ৰ ৷ এঘণ্টামান ৰৈ যেনিবা নৱ গৈ কাউণ্টাৰৰ সন্মুখত উপস্থিত হ’ল৷সি টকা উলিয়াবলৈ বুলি ‘চেক’খন বৰুৱালৈ আগবঢ়াই দিলে ৷
বৰুৱাই নৱক ক’লে-“চেকখনৰ পিছফালে ছিগনেছাৰ মাৰা৷” নৱই পিছে একো বুজি নাপালে ৷ বোলে-“কি মাৰিম?”
তিনিবাৰকৈ বুজোৱাৰ পিছতো সি বুজি নোপোৱাত হৰিচন্দ্ৰই ভাবিলে-ইয়াকে এনেকৈ কৈ থাকিলে কথা নিসিজিব৷ সেয়েহে বৰুৱাই লাহেকৈ নৱক ক’লে-“চিঠি লিখি পাইছা নহয়? চিঠিৰ শেষত যি লিখা,তাকেই ইয়াত লিখি দিয়া ৷”
নৱৰ গালৈ তেতিয়াহে যেন হুঁচ আহিল৷
পকেটৰ পৰা কলমটো উলিয়াই নৱই ঘপাঘপ লিখি দিলে-
“বুকুৰ তেজেৰে চলালোঁ কলম,
চিঠিৰ উত্তৰ নাপালে নঘহোঁ মলম৷
ইতি,
তোমাৰ নৱ৷”

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *