ফটাঢোল

নীলা খামৰ চিঠি – ববীতা কোঁৱৰ

মৰমৰ “জানমণি”

এবুকু মৰম ল’বা। তোমাক “ভালপাব নাজানিলো” বুলিয়েই তুমি নাভাবিবা । তোমাক মই “ত্যাগ” কৰিম। ১৬ বছৰ বয়সতে প্ৰথম “যৌৱনে আমনি কৰে”; তাৰ পাছত ক্ৰমান্বয়ে “ছয়গাঁৱৰ চম্পা” আৰু “কাদম্বৰী”ৰ স’তে “হিয়া-দিয়া–নিয়া” কৰি আহিছোঁ। তোমালৈ মোৰ মৰম “জেতুকা পাতৰ দৰে” সেউজীয়া যদিও “কেঁচা সোণ”ৰ পানী ছটিয়ালে “ৰামধেনু”ৰ দৰে সাতোৰঙী হৈ পৰে।
সিদিনা ৰাতি “চুৰেন চুৰৰ পুতেক”ৰ লগ লাগি তোমাৰ ঘৰৰ “ইটো সিটো বহুতো” চুৰ কৰি আনিলোঁ। কিন্তু পাছদিনা ৰাতিপুৱা “দীনবন্ধু” দোকানীয়ে তোমাৰ “ভাইটি”ক কথাষাৰ লগাই দিয়াত কমখন “লটিঘটি” কৰিলেনে সি ! মোৰ পিঠিত আজিও “দাগ”বোৰ ৰৈ গৈছে।
“প্ৰিয়া অ’ প্ৰিয়া”,“তুমি আহিবানে” আজি “মৰম নদীৰ গাভৰু ঘাট”লে ! মই ৰৈ থাকিম “চিঞৰ” মাৰি “আই লভ ইউ” ক’বলে।
ইমানবোৰ কথা জনাৰ পাছত তুমি হ’বা জানো মোৰ “জীৱন বাটৰ লগৰী”। “মাঘত মামণিৰ বিয়া”ৰ পাছতেই “কেলেণ্ডাৰ” চাই আমাৰ বিয়াৰ তাৰিখ ঠিক কৰিম।
ঘৰখনৰ একমাত্ৰ নাতিনী হ’লা বুলিয়ে “ককাদেউতাৰ ঘৰজোঁৱাই” হ’ব মই নোৱাৰোঁ। দেউতাক ক’বা “কন্যাদান” কৰিবলৈ৷ যদিহে নামানে,তোমাক পলুৱাই আনি মোৰ ঘৰৰ “লখিমী” “বোৱাৰী” পাতিম। মোৰ এই “অভিমানী মন”টোৱে তোমাৰ বাবে সকলো কৰিব;“পৰিণাম” কি হয় পাছত দেখা যাব।
আজিলৈ সামৰোঁ…….৷
অ’ শুনা,হনিমুনৰ বাবে “মিছন চাইনা”লৈ যাম ৷ বিয়াৰ পাছৰ প্ৰথমটো “খোজ”টো তাতেই দিমগৈ ৷ কৈ থ’লোঁ।

ইতি,
তোমাৰ জীৱনৰ,
“নায়ক”

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *