ফটাঢোল

বুৰঞ্জীৰ প্ৰশ্নকাকত – অভিজিৎ কলিতা

॥ প্ৰশ্নকাকত ফাদিল ॥
সংশ্লিষ্ট সকলোকে জনোৱা হয় যে,বহু কষ্টৰ মূৰত আমি ২২১৩ চনৰ মাৰ্চ মাহত অনুষ্ঠিত হ’বলগীয়া বুৰঞ্জীৰ প্ৰশ্নকাকতখন ফাদিল কৰিবলৈ সক্ষম হৈছোঁ,লগত উত্তৰবিলাকো লিখি উলিয়াইছোঁ ৷ আমাৰ এই প্ৰচেষ্টাই পৰীক্ষাৰ্থীসকলক সহায় কৰিব বুলি আমি নিশ্চিত ৷ কেৱল কথাটো লুকুৱাই ৰখা হয় যেন৷ পুলিচ,চিআইডিয়ে গম পালে আমাৰ এই মহান উদ্দেশ্য বিফল হ’ব৷

বিষয়ঃ- বুৰঞ্জী আৰু সাধাৰণ জ্ঞান

প্ৰশ্ন ১:- ১৯৫০ চনৰ পৰা ২০৫০ চনলৈ এই শতিকাটো অসম বুৰঞ্জীত কি বুলি কোৱা হয়, আৰু কিয়? বহলাই লিখা।
উত্তৰঃ- অসম বুৰঞ্জীত এই সময়ছোৱাক ‘আন্দোলন যুগ’ বুলি কোৱা হয়। ইয়াৰ কাৰণ হ’ল-এই সময়ছোৱাত অসমত কেৱল আন্দোলনৰ বাদে বিশেষ একো হোৱা নাছিল। মূলতঃ সৎ উদ্দেশ্যেৰেই আৰম্ভ হোৱা এই আন্দোলনবোৰ পুৰাপুৰিকৈ বিফল হৈছিল আৰু তাৰ কুফল সমাজে বহু বছৰলৈ ভোগ কৰিব লগা হৈছিল। এই সময়ছোৱাতে ‘শান্তিপূৰ্ণ আন্দোলন’ বোলা প্ৰতিবাদটোৰ আমূল পৰিৱৰ্তন হয় আৰু শান্তিৰ দূতবিলাকে কিদৰে মানুহক একেৰাহে অশান্তি দিব পাৰে সেই বিষয়ত ব্যুৎপত্তি লাভ কৰে। ধমকি দিয়া, চৰ-লাঠি মৰা, লাঠিৰে টঙনিওৱা, মাহ-মাহ ধৰি কিবা-কিবি বন্ধ কৰা, আৰু সেই বন্ধ নমনাসকলক থলামুৰি দিয়া,ঘৰ-দোকান জ্বলোৱা,ৰাষ্টা ৰোকোৰ নামত আনকি এম্বুলেন্সো যাবলৈ নিদিয়া আদি কামবোৰক এই সময়ছোৱাতে ‘সংবিধান আৰু আইন-সন্মত শান্তিপূৰ্ণ প্ৰতিবাদ’ৰ মৰ্যাদা দিয়া হয়।
এইবিলাক কাৰণৰ বাবেই এই সময়ছোৱাক আন্দোলনৰ যুগ বোলা হয়।

প্ৰশ্ন২:- বানপানী কাক বোলে, আৰু অসমৰ পৰা বানপানী কেনেকৈ নাইকিয়া হ’ল ?
উত্তৰঃ- প্ৰাচীন কালত অসমত বাৰিষা কালত নদীৰ পানী বাঢ়ি, বা বৰষুণৰ পানী জমা হৈ গাঁও-চহৰ ডুবাই পেলাইছিল, তাকে বানপানী বোলা হৈছিল।
এই বানপানীক এই প্ৰাকৃতিক সমস্যা বুলি গণ্য কৰা হৈছিল, আৰু তাক নিয়ন্ত্ৰণ কৰিবলৈ বহু টকা-পইচা খৰছ কৰা হৈছিল। পিছে বিভিন্ন কাৰণত সেই টকা-পইচাবোৰে বিভিন্ন ঠাইত ডাঙৰ ডাঙৰ ঘৰ সজোৱাৰ বাদে বিশেষ ফলাফল দেখুৱাব নোৱাৰিলে৷ লাহে লাহে বানপানী বাঢ়ি আহিল আৰু অসমৰ তেতিয়াৰ মূল চহৰ গুৱাহাটীও দহ মিনটৰ বৰষুণতে এমাহৰ বাবে বানপানীত ডুবি থকাৰ অৱস্থা পালেহি।
এইখিনিতে মন কৰিব লগা কথা যে দেখাত সমস্যা যেন লাগিলেও আচলতে বানপানী এক আনন্দ-উৎসৱৰ দৰেহে আছিল। বহুতে বানপানীৰ নামত সা-সম্পত্তি গোটাব পাৰিছিল,অফিচ-কাছাৰী বন্ধ থাকিছিল। আৰু যিসকলৰ গাঁওবাসীৰ ঘৰ-দুৱাৰ মাটি-বাৰী উটি গৈছিল, তেওঁলোকেও চৰকাৰী খৰচত মথাউৰি আদিত তম্বু তঁৰি মহা সন্তোষে জীৱন কটাব পাৰিছিল। সেই সময়ত অসমৰ মূল উৎসৱ বিহুত গছৰ তলত নিয়মমতে হ’বলগীয়া প্ৰেম-পিৰীতিবোৰ লাহে লাহে হোৱাটচ্এপ,ফেচবুক আদি উন্নত প্ৰযুক্তিৰ সহায়েৰে মথাউৰিৰ এই তম্বুবোৰৰ তললৈ স্থানান্তৰিত হৈছিল। মুঠতে বানপানী বুলিলে সকলোফালে এক মহানন্দময় পৰিস্থিতিৰ সৃষ্টি হৈছিল। তথাপিও কিছুমান প্ৰতিক্ৰিয়াশীল মানুহে নজনা-নুবুজাকৈ বানপানী সমস্যাৰ সমাধান কৰিব লাগে বুলি চিঞৰ-বাখৰ কৰি আছিল।
তেনেতে অসম দেশৰ শাসন-ভাৰ সুদক্ষ লোকৰ হাতত পৰে, আৰু তেওঁলোকে বানপানীৰ প্ৰকৃত ৰূপ বুজি পায়। তেওঁলোকে বানপানী ৰোধ কৰিবলৈ চেষ্টা নকৰি গোটেই বছৰ যাতে অসম বানপানীত ডুবি থাকিব পাৰে তাৰ ব্যৱস্থা কৰে। তেওঁলোকে বানপানী নামটো গুচাই জলসম্পদ বুলি নামকৰণ কৰে আৰু বানপানীৰ সুবিধাবিলাক যাতে সকলোৱে চিৰকালৰ বাবে পাই থাকিব পাৰে তাৰ ব্যৱস্থা কৰে৷ অস্থায়ী তম্বুবিলাক স্থায়ী কৰা হয় আৰু ‘ডিচপ’জেবল’ মথাউৰি নামৰ প্ৰযুক্তিৰ দ্বাৰা বছৰে বছৰে মথাউৰি নিৰ্মাণ কৰি থকাৰ পৰম্পৰা  এটা আৰম্ভ হয়।
এইদৰেই অসমৰ পৰা বানপানীৰ সমস্যা নাইকিয়া হয়।

প্ৰশ্ন ৩:- অসমীয়া ভাষাৰ বিলুপ্তিৰ কাৰণবিলাক চমুকৈ লিখা৷
উত্তৰঃ- অসমীয়া ভাষাৰ বিলুপ্তিৰ কাৰণবোৰ তলত দিয়া ধৰণৰ-
ক)টিভিত একেৰাহে দেখুৱাই থকা হিন্দী চিৰিয়েল আৰু চিনেমাবোৰঃ- ইয়াৰ ফলত সৰু ল’ৰা-ছোৱালীবিলাকে অসমীয়াতকৈ হিন্দীত কথা পাতি ভাল পোৱা হয়, আৰু মাক-দেউতাকেও তাত উৎসাহ যোগায়। গতিকে লাহে লাহে অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যা কমি আহে।
খ) কঠিন বানানঃ- অসমীয়া ভাষাত বানান বোলা বস্তুটোৰ কোনো হিচাপ নাছিল। শুদ্ধ অসমীয়া লিখাটো কেৱল কেইজনমান বিশেষজ্ঞলোকৰহে ক্ষমতাধীন আছিল। কাৰণ প্ৰায়বোৰ বানানেই নিপাতনে সিদ্ধ আছিল, গতিকে সেইবোৰ শিকা অল্পমতি মানুহৰ বাবে প্ৰায় অসম্ভৱ আছিল। অসমীয়া অভিধানবোৰতো বানানৰ সংগতি নাছিল। গতিকে অসমীয়া লিখিব খোজা মানুহবোৰেও বানান ভুল হোৱাৰ ভয়ত ৰোমান লিপিতে লিখিছিল আৰু এনেকৈয়ে এদিন অসমীয়া লিপি বিলুপ্ত হৈছিলগৈ।
গ) অত্যাধুনিক ভাষাৰ উদ্ভাৱনঃ- নতুন প্ৰযুক্তি যেনে টিভি, ৰেডিঅ’ আদিক জনপ্ৰিয় কৰিবলৈ আৰু সময়ৰ লগত খোজ মিলাই চলিবলৈ বাৰে-বিংকৰা ভাষা সানমিহলি কৰি এটা অত্যাধুনিক ভাষা উদ্ভাৱন কৰা হৈছিল। কালক্ৰমত সেই ভাষাটো অসমীয়া নে এচপাৰেণ্টো সহজে ধৰিব নোৱাৰা হৈ পৰিছিলগৈ, আৰু এসময়ত ভাষাটোৰ নামটোৰ পৰা অসমীয়া শব্দটো নিজে নিজে নাইকিয়া হৈছিলগৈ।
ঘ) ইংৰাজী নজনাবিলাক ইতৰ প্ৰাণী বুলি সৃষ্টি হোৱা ধাৰণাঃ- এসময়ত পৃথিৱীৰ সকলোতকৈ বিখ্যাত আৰু জনপ্ৰিয় ভাষা আছিল ইংৰাজী৷ ইংৰাজী জানিলে সকলোৰে লগত কথা-বতৰা পাতিব পৰা গৈছিল। পৃথিৱীৰ সংযোগী ভাষা হিচাপে ইংৰাজীৰ যথেষ্ট গুৰুত্ব আছিল। অৱশ্যে একবিংশ শতিকাৰ আৰম্ভণিতে প্ৰযুক্তিৰ সহায়ত যিকোনো স্থানীয় ভাষাৰ যোগেৰেই পৃথিৱীৰ যিকোনো ঠাইৰ মানুহৰ লগত যোগাযোগ কৰিব পৰা ব্যৱস্থা হোৱাৰ ফলত ইংৰাজীৰ গুৰুত্ব লাহে লাহে কমি আহে৷ অৱশ্যে সেই সময়ত ইংৰাজী জানিলে সুবিধা নথকা বুলি ক’ব নোৱাৰি৷ কিন্তু অসমীয়া ভাষা কোৱা মানুহবিলাকে ইংৰাজী নেজানিলেই জীৱন ধ্বংস হ’ব বুলি ভাবিছিল আৰু দুই-এটা ইংৰাজী শিকিয়েই বাকী নজনাবোৰক গৰু-গাহৰিৰ সমতুল্য বুলি জ্ঞান কৰিছিল। গতিকে সকলোৱে উঠি-পৰি ইংৰাজী নাইবা ইংৰাজী নোৱাৰিলে হিন্দীকে শিকিবলৈ লোৱাত আৰু অসমীয়া মাধ্যমত পঢ়া-শুনা কৰাসকল চাকৰি-বাকৰি,ব্যৱসায় আদি সকলো দিশতে বিমুখ হ’বলৈ আৰম্ভ কৰাত অসমীয়া ভাষা লাহে লাহে বিলুপ্ত হয়গৈ।
এই কেইটাকে অসমীয়া ভাষাৰ বিলুপ্তিৰ মূল কাৰণ বুলি ধৰিব পাৰি।

প্ৰশ্ন ৪:- চমুটোকা লিখা (যিকোনো দুটা)
অচ্ছে দিন:- অচ্ছে দিন মানে ভাল দিন। এসময়ত অসম দেশত অচ্ছে দিন আহিব বুলি ৰাইজৰ মাজত বৰ উৎসাহ দেখা গৈছিল। ভোট দিয়া কামটো কেৱল অবৈধ অনুপ্ৰৱেশকাৰীৰ বাবে এৰি দিয়া বুলি অসমীয়া জাতিয়ে তৰা-নৰা ছিঙি ভোট দিছিলগৈ। পিছে তেওঁলোকে এই অচ্ছে দিন বোলা বস্তুটোৰ টাৰ্মচ এণ্ড কণ্ডিচনবোৰ ভালকৈ পঢ়ি নোচোৱাৰ বাবে, পিছলৈ সেইটো অচ্ছে দিনেই নে বুৰে দিন তাকে বুজি নেপোৱা হৈছিল।
তাৰ পিছৰ পৰাই কোনেও বুজি নেপোৱা বা কনফিউজ হৈ থকা বস্তু বুজাবলৈ ‘অচ্ছে দিন’ শব্দটো ব্যৱহাৰ কৰাৰ প্ৰথা আৰম্ভ  হয়।
চিণ্ডিকেটঃ- ইংৰাজী ভাষাৰ এই শব্দটোৱে অসমীয়া জাতিৰ ইতিহাসত বৰ গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আহিছে৷ কাম-বন নকৰাকৈ পৰৰ মূৰত কঁঠাল ভাঙি খোৱাৰ এই অভূতপূৰ্ব উপায় উদ্ভাৱনৰ বাবে সমগ্ৰ পৃথিৱী আজিও অসমীয়া নেতা,পালি-নেতা আৰু দেশপ্ৰেমিকসকলৰ ওচৰত কৃতজ্ঞ হৈ আছে। এই ব্যৱসায়ৰ বাবে কোনো মূলধনৰ প্ৰয়োজন নাই,কেৱল ৰাজনৈতিক কানেকচন বা হাতত ইলিগেল বন্দুক-বাৰুদ থাকিলেই এই ব্যৱসায় কৰিব পাৰি। সাধাৰণতে নিত্য-প্ৰয়োজনীয় বস্তু, কয়লা কাঠ বা আন যিকোনো প্ৰাকৃতিক সম্পদৰ ওপৰত চিণ্ডিকেট বহুৱাব পাৰি। চিণ্ডিকেটৰ দ্বাৰা বহু উচ্চক্ষমতাসম্পন্ন আৰু শক্তিৱান নিবনুৱাই সংস্থান লাভ কৰি আহিছে। চিণ্ডিকেট ব্যৱসায়ৰ বাবে সকলো বয়-বস্তুৰ মূল্য দুগুণতকৈয়ো অধিক বৃদ্ধি পায় আৰু তাৰ বাবেই দেশৰ অৰ্থনীতিৰ আকাৰ বিয়াগোম হয়গৈ।

বিঃদ্ৰঃ- ক্ষমা কৰিব, আমাৰ ওচৰত বাকীবিলাক প্ৰশ্নৰো উত্তৰ আছে৷ কিন্তু সেয়া বিনামূলীয়া নহয়৷ সেইবিলাক প্ৰশ্নৰ উত্তৰৰ প্ৰয়োজন হ’লে আপুনি আপোনাৰ “জেনেটিক ছিগনেচাৰ আধাৰ নাম্বাৰ”সহ আমাৰ স্থানীয় অফিচত যোগাযোগ কৰক। আপোনালোকৰ সুবিধাৰ বাবে আমাৰ কেইবাটাও নতুন স্কীম মুকলি কৰা হৈছে। আমাৰ সংস্থাৰ প্ৰিমিয়াম মেম্বাৰশ্বিপ ক্ৰয় কৰিলে আপুনি “মাননীয় ৰাকেশ পাল আঁচনি”ৰ অধীনত ঘৰতে বহি পৰীক্ষা দিব পাৰিব৷ আনকি বিশেষ মেধাসম্পন্ন পৰীক্ষাৰ্থীৰ বাবে আনৰ হতুৱাই উত্তৰ লিখোৱাৰ সুবিধাও আমি প্ৰদান কৰোঁ৷

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *