ফটাঢোল

মৰমৰ – উত্তৰা শৰ্মা বৰুৱা

মৰমৰ মোৰ দেহলাও,

জন্ম হোৱা দিন ধৰি সাঁচি ৰখা ভালপোৱাবোৰ যাচিলোঁ তোমালৈ।আশা কৰোঁ অনাদৰ নকৰি বুকুত আলফুলে সাবটি ল’বা।
সোণ, যদিও একেলগেই দুইটাই জন্ম লৈছিলোঁ,একেলগেই ডাঙৰ দীঘল হৈছোঁ তথাপিও আমাৰ মাজত সদায়ে কিমান দূৰত্ব !! তুমি আগবাঢ়িলে মই এখোজ পিছ পৰি ৰওঁ,আকৌ মই এখোজ আগুৱালে তুমি পাছ পৰি ৰোৱা। ভগৱানৰ লীলা চোৱাচোন, কাষতে থাকিও আমি কিমান দূৰ ! দুখ লাগে,খুউব দুখ লাগে ৷ মন যায় সকলো বাধা যেন ভাঙি পেলাম,কিন্তু তেতিয়া যে সমাজে আমাক হাঁহিব।

তোমাৰ কষ্ট হৈছে ন ? বুজিছোঁ । বহুত কষ্ট পাইছা তুমি অকলে অকলে। কিন্তু মই যে বৰ অসহায়। কৰোঁ বুলিও তোমাৰ কষ্টখিনি মূৰপাতি ল’ব নোৱাৰা হৈছোঁ। নহ’লে যে তুমি ব’ব লাগিব আজীৱন মোৰ ভাৰ। এয়া হ’বলৈ দিব নোৱাৰোঁ। সেয়ে আজীৱন সুখী হ’বলৈ তুমি কষ্ট স্বীকাৰ কৰিবই লাগিব সোণ।

দুখ নকৰিবা সোণ। মই সোনকালেই সুস্থ হ’ম।তেতিয়া আমি দুয়ো আকৌ এখোজ আগত,এখোজ পাছতকৈ আগবাঢ়িম।
এটা কথা কি জানা ! এইকেদিন কিন্তু মালিকেও মোৰ খুউব খিয়াল ৰাখিছে। এনেয়েতো আমাক বৰ গুৰুত্বই নিদিয়ে। কমখন কৰেনে ! ঠাণ্ডা দিন আহিলেই ভয় লাগে জানা। উশাহ-নিশাহ বন্ধ হৈ যায়। আৰু শিল মাৰি-মাৰি কমখন অত্যাচাৰ কৰেনে ! আনতকৈ কিন্তু আমাৰ মালিক ভাল, হয়নে নহয় কোৱা? মানুহজনী ক’ৰবালৈ ফুৰিবলৈ ওলালেহে মোৰ ভয় লাগে অ’। তেতিয়া আমি দুটা কিম্মান সাৱধান হ’ব লাগে ভাবাচোন।উস্ ভাবিলেই ভয় লাগে।
সোণ, তুমি চাগৈ ভাবিছা, আমি দুটা একেলগ হ’লে সমাজে কেলে হাঁহিব?
তেতিয়া যে আমি জঁপিয়াই জঁপিয়াই যাব লাগিব !
ঠাণ্ডাত উশাহ- নিশাহ বন্ধ হয় ভাবাচোন৷ মোজাই জোতাই কেনেকে’ ঠাহ খুৱাই পিন্ধি লয় !
আৰু আমাৰ পাছফালখন ফাটে বুলি গৰমপানীত সুমুৱাই কম শিলগুটি মাৰেনে?
ধৈৰ্য ধৰা, সোণ ।সোনকালেই সুস্থ হৈ আকৌ তোমাৰ কাষতে থাকিম। বুজিছোঁ ৷ এইজনীয়ে তিনিকোণীয়াডাল লৈ আকৌ তোমাৰ ওপৰত ভৰ দি তোমাক কষ্ট দিব এতিয়া।
আৰু নকওঁ একো ৷ বুকুখন শোকে খুন্দা মাৰি ধৰিছে । আহোঁ।

তোমাৰ মাথোঁ
তোমাৰ বাওঁ ঠেং।

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *