ৰে’ল-যাত্ৰাত লটিঘটি – অনুৰূপ মহন্ত
বিভিন্ন সময়ত আমি সকলোৱেই বিভিন্ন যাত্ৰা কৰিছোঁ ৷ কেতিয়াবা প্লেনত, কেতিয়াবা ট্ৰেইনত আৰু কেতিয়াবা বাছ বা সৰু গাড়ীত। এই যাত্ৰাসমূহৰ কিছুমান অভিজ্ঞতা আৰু লটিঘটি আমাৰ মনত ৰৈ যায়। ৰে’ল-যাত্ৰাৰ অভিজ্ঞতাবিলাক সাধাৰণতে মনত থাকি যায়। তেনেকুৱা দুটামান মনত ৰৈ যোৱা যাত্ৰাৰে কাহিনী ক’বলৈ ওলাইছোঁ। এই কাহিনী সম্পূৰ্ণ সঁচা।
(১)প্ৰথম যাত্ৰা
দেৰগাঁৱৰ পৰা ছিলভাচ্ছা (দাদৰা আৰু নগৰ হাভেলী)
*************************************
২০১১ চন, জুলাই মাহ। ইতিমধ্যে মই পলিটেকনিক (টেক্সটাইল) সমাপ্ত কৰি উঠি এবছৰ গুৱাহাটীৰ মিল এটাত চাকৰি কৰি ঘৰলৈ আহিছিলোঁ। তেনেকুৱাতে খবৰ পালোঁ যে-ছিলভাচ্ছাত থকা এটা ডাঙৰ কোম্পানীৰ পৰা ইণ্টাৰভিউৰ অ’ফাৰ আহিছে। ৫ দিনৰ ভিতৰত ইণ্টাৰভিউ দিবগৈ লাগিব। চাকৰি পালে তাতে থাকিব লাগিব আৰু নাপালে অহা যোৱাৰ ভাড়া দি ঘূৰাই পঠাব। মোৰ ছিনিয়ৰ দাদা দুজন আৰু লগৰ দুজনে আগৰ বছৰেই কেম্পাছ ইণ্টাৰভিউ যোগেৰে তাত চাকৰিত সোমাইছিল। পিছ এইবছৰ বিশেষ অসুবিধাৰ হেতু কেম্পাছ ইণ্টাৰভিউ আমাৰ ইন্ষ্টিটিউটত অনুষ্ঠিত হোৱা নাছিল;সেইকাৰণে আমাকেই তালৈ মাতিছিল৷ কোম্পানীৰ নতুন প্লাণ্ট বহিছিল, গতিকে তাত চাকৰি পোৱাৰ সম্ভাৱনা বহুত বেছি৷ এইবুলি লগৰকেইজনে মোক জনাইছিল৷ গতিকে মইও যেনেতেনে যাম বুলি ঠিক কৰিলোঁ। ইন্ষ্টিটিউটত খবৰ লৈ গম পালোঁ-মোৰ লগত পাঁচ-ছয়জনমান জুনিয়ৰো যাব ৷ আগতে নোযোৱা ইমান দূৰণিবটীয়া ঠাইলৈ অকলে যাবলৈ মোৰ মনটো কোঁচ খাইছিল। ঘৰতো মাহঁতে পঠাবলৈ টান পাইছিল ৷ কিন্তু যেতিয়া গুৱাহাটীৰ পৰা সিহঁতো মোৰ লগত যাব বুলি গম পালে,তেতিয়া আটাইৰে মনবোৰ ভাল লাগিল।
ইমান ততাতৈয়াকৈ প্লেনত যাবলৈ তেতিয়া মোৰ শকতি নাই, গতিকে ৰে’লতে ‘তৎকাল’ টিকট কৰি যাব লাগিব। ইফালে আমাৰ ইয়াৰপৰা মৰিয়নি বা ফৰকাটিঙলৈ গৈ ৰে’লৰ তৎকাল টিকট কৰাও সম্ভৱ নহয়। গতিকে মই তিনিচুকীয়াত ৰে’লৱেত চাকৰি কৰি থকা মোৰ দাদা এজনক যেনেতেনে টিকট এটাৰ যোগাৰ কৰি দিবলৈ ক’লোঁ। দাদায়ো টিকট কৰি দিলে। কিন্তু টিকটটো মোলৈ পঠাবলৈ একো উপায় নাপাই মোকেই তিনিচুকীয়ালৈ মাতিলে। মইও ভগৱানক চিন্তি ঘৰৰ পৰা ওলালোঁ বাছত,তিনিচুকীয়ালৈ। প্ৰায় ছয়-সাতঘণ্টীয়া বাছ-যাত্ৰাৰ মূৰত ট্ৰেইনৰ টিকটটো পালোঁ। দাদায়ে মোক গুৱাহাটী যাবলৈও বেলেগকৈ ট্ৰেইনৰ টিকেট কৰি দিলে। সেইমতেই প্রায় সন্ধ্যা ৬ বজাত তিনিচুকীয়াৰ পৰা মই যাত্ৰা আৰম্ভ কৰিলোঁ। পাছদিনা দুপৰীয়া গুৱাহাটীৰ পৰা মুম্বাইলৈ যোৱা ট্ৰেইন ধৰিম। দিনটো ভাগৰি আছিলোঁৱে, গতিকে ট্ৰেইনত খাই-বৈ শুই পৰিলোঁ।
ৰাতিপুৱা নমান বজাতহে যেনেতেনে গুৱাহাটী পালোঁগৈ। ৰাতি ৰে’ল কিমান লেট হ’ল একো গম নাপাওঁ। ষ্টেচনতে ‘ফ্ৰেছ’ হৈ গুৱাহাটী-লোকমান্য তিলক ৰে’লখনলৈ বাট চালোঁ। ট্ৰেইনৰ সময় হ’ল, কিন্তু একো খবৰেই নাই। ‘এনকোৱাৰী’ত খবৰ লৈহে গম পালোঁ, ট্ৰেইন দুঘণ্টা পলমকৈ চলিব৷ বোন্দাপৰ দিয়াৰ বাদে এতিয়া অইন উপায় নাই। অৱশেষত ট্ৰেইন লাগিলহি তিনিটা বজাত।বিচাৰি বিচাৰি মোৰ বাৰ্থটো পালোঁ যদিও মোলৈ ঠায়েই নাই। স্লিপাৰ ক’চৰ ছজনীয়া আসনত এঘাৰজন বহি আছে ! মই বাৰ নম্বৰজন। মই ভাবিলোঁ দুজন মানক থ’বলৈ চাগে বাকীসকল আহিছে, ট্ৰেইন চলিলে নামি যাব। তেওঁলোকেও ছিলেটীয়া ভাষাত কথা পাতি আছে নিজৰ মাজতে৷ মই বহিবলৈ যোৱাত প্ৰথমে মোক গুৰুত্বই দিব খোজা নাছিল। তলৰ ছিটটোৱে মোৰ আছিল, গতিকে খিৰিকীৰ কাষত বহি থকাজনক উঠিবলৈ দি মই বহি ল’লোঁ। এইবাৰ গপচ। মনে মনে খঙো উঠিল৷ এইসোপাৰ লগতহে মোৰ ছিট হ’ব লাগে নে বুলি! পিছে উপায়ো নাই। মনতে ভাবিলোঁ জুনিয়ৰ দুটামানতো যাবই এইখন ট্ৰেইনতে৷ তাঁহাতৰ লগতে কথা পাতি যাম দিনটো, ৰাতিহে ইয়াত শুম। পিছে ভবা কথা নহয় সিদ্ধি, বাটত আছে বোলে কণা বিধি। তাঁহাতৰ টিকট কনফাৰ্ম নহ’ল৷ সেইবাবে তাহাঁতে নোযোৱাটোকেই ঠিক কৰিলে। মই উপায় নাপাই অকলেই যাত্ৰা আৰম্ভ কৰিলোঁ । সহযাত্ৰীকেইজনে না ভালকৈ অসমীয়া ক’ব পাৰে, না হিন্দী। ভঙা ভঙা কথাৰে তাঁহাতে বুজালে যে তাঁহাতে মুম্বাইত লেবাৰৰ কাম কৰিবলৈ ওলাইছে। এটা নে দুটাই আগতে কাম কৰিছে, বাকী কেইটাক নিবলৈ আহিছে। টিকট ৱেইটিঙত আছে যদিও তাঁহাতে এনেকৈয়ে যাব। ৰাতি শুবৰ সময়ত চবেই ফ্লৰত পেপাৰ পাৰিয়েই শুই যাব। যা হওক-উপায় নাই, এনেকৈয়ে যাত্ৰা আৰম্ভ হ’ল। যথা সময়ত মই মোৰ খোৱাৰ অৰ্ডাৰ দিলোঁ৷ তাঁহাতে মোলৈ এনেকৈ ঘূৰি ঘূৰি চালে যেন মই কিবা নকৰিবলগীয়া কামহে কৰিলোঁ। মই মনতে ভাবিলোঁ ইহঁতেনো কি খাই যাব! কোনোবা এটা ষ্টেচনত এটাই কল অলপ কিনি আনিলে, এটাই বস্তাৰ পৰা চিৰা উলিয়ালে। আটাইকেইটাই বাতৰি-কাগজ ফালি ফালি অলপ অলপ চিৰা ল’লে। শুকান চিৰা কল আৰু পানীৰে তাঁহাতৰ খোৱা সমাপ্ত। মই তবধ মানিলোঁ। আমি কেতিয়াও এনেকৈ খোৱাতো নাইয়েই, খোৱাৰ কল্পনাও কৰা নাই। বিশ্বাস কৰক গোটেই ৰাস্তা তাঁহাতে অকল এনেকৈয়ে খাই গ’ল।
৫৬ ঘণ্টীয়া যাত্ৰাৰ মূৰত সন্ধ্যা ৮.৩০ মান বজাত আমি মুম্বাই পালোঁগৈ। লোকমান্য তিলকৰ পৰা ওলাই ছিলভাচ্ছা যাবলৈ অন্ধেৰী ষ্টেচনলৈ অট’ত যাব লাগে। লোকেল ট্ৰেইনত যাব পাৰি নেকি- মই নাজানিছিলোঁ। অট’ লৈ অন্ধেৰিলৈ যাত্ৰা কৰিলোঁ৷ ভাড়া বিনা মিটাৰত ১২০ টকা। অন্ধেৰিত অট’ চালকজনক মই ৫০০ টকা দিলোঁ৷ মই চাইয়েই দিছিলোঁ নোটখন। তথাপি সি ক’লে-“নহয় আপুনি ১০০ টকীয়াহে দিছে” । সি নোটখন ক’ত সুমুৱালে ক’ব নোৱাৰোঁ৷ মোক তাৰ গোটেই পইচা দেখুৱালে কিন্তু মই দিয়া ৫০০ টকাৰ নোটখন নোলাল । অচিনাকি ঠাইত,তাকো অকলে ৷ বৰ বিমোৰত পৰিলোঁ। খঙে-বেজাৰে আৰু ২০ টকা দি তাক বিদায় দিলোঁ। ইতিমধ্যে ১০ বাজিবৰ হৈছিল। মই ছিলভাচ্ছা যাবৰ বাবে টিকট কৰিবলৈ লাইনত লাগিলোঁ। বিশ মিনিটৰ পাছত যেতিয়া কাউণ্টাৰ পালোঁ,তেতিয়া গম পালোঁ যে-তাত বোলে লোকেল ট্ৰেইনৰহে টিকট দিয়ে। আকৌ তাৰ পৰা কাউণ্টাৰ বিচাৰি টিকট কৰি ট্ৰেইনত বহোঁ মানে প্রায় এঘাৰটাই বাজিল। সেইফালে জেনেৰেল ডবাত বহিবলৈ পোৱাটো দূৰৰে কথা, সোমাবলৈ পোৱাটোও বৰ ভাগ্যৰ কথা। তথাপি সোমাই ল’লোঁ। থিয় হৈয়ে আৰু ৩ ঘণ্টাৰ যাত্ৰাৰ বাবে নিজকে সাজু কৰি ল’লোঁ। ইফালে পেটে কলমলাইছিল। ৰাতিৰ সাজ একো খোৱাই নহ’ল দৌৰা-দৌৰিত। ট্ৰেইনত পোৱা চাহ-বিস্কুট খাই খাই যাত্ৰা আৰম্ভ কৰিলোঁ। লগৰকেইটাইও খবৰ লৈ আছিল ফোনত। বাৰে বাৰে সকীয়াই আছিল টোপনি নাযাবলৈ। অৱশেষত মই নামিব লগা “ভাপি” ষ্টেচনটো আহিল৷ কিন্তু ট্ৰেইনখন বৰ বেগেৰে সেইটো ষ্টেচনৰ মাজেৰে পাৰ হৈ গ’ল৷ তাত নৰখালেই। মই টিকট কৰোঁতে কৈছিল-“ভাপিত ষ্টপ আছে”৷ কিন্তু এতিয়া কিয়বা নৰখালে বুজি নাপালোঁ মই। ৩০ মিনিটৰ পাছত ভলষাদ ষ্টেচনতহে ৰে’লখন ৰখালে। উপায় নাপাই তাতেই নামিলোঁ । তাৰপৰা ‘ভাপি’ ৫০ কিলোমিটাৰ আৰু ভাপিৰ পৰা ছিলভাচ্ছা প্রায় ২৫ কিলোমিটাৰ। অৰ্থাৎ ৰাতি প্রায় ২.৩০ বজাত মই ছিলভাচ্ছাৰ পৰা মোটামুটি ৭৫ কিলোমিটাৰ দূৰত আছোঁ। তাৰ পৰা ঘূৰিবলৈ ট্ৰেইন ৰাতিপুৱাহে পাম বুলি শুনিলোঁ । ইফালে ৰাতিপুৱা ১১ বজাত ইণ্টাৰভিউ আছেই। চুচুক-চামাক কৰি থকা দেখি অট’ৱালা এজনে আহি মোক সুধিলে-“ক’ত যাব?” বুলি৷ মইও ক’লোঁ ছিলভাচ্ছাৰ ঠিকনাটো। তেওঁ ৬০০ টকা ভাড়া বিচাৰিছিল, দৰ দাম কৰি যেনিবা ৫০০ টকাত ছিঙিলোঁ। কিন্তু তেওঁ চৰ্ত ৰাখিলে বাটত চাহ খুৱাব লাগিব। মইও মানি ল’লোঁ ৷ আৰু এইবাৰ অট’ত মোৰ যাত্ৰা আৰম্ভ হ’ল।
মইও বৰ বেয়া দিনত গৈ তাত উপস্থিত হৈছিলোঁ ! সেইদিনাৰ পৰাই তাত বৰষুণ আৰম্ভ হৈছিল । আমাৰ ইয়াৰ দৰে তাত যেতিয়াই তেতিয়াই বৰষুণ নহয়৷ বছৰত অকল দুমাহ বৰষুণ হয় আৰু তাকো নেৰা-নেপেৰাকৈ। মোৰ বেগটো ভৰাই লৈ অট’ৱালাই মোক বহিবলৈ দিলে আৰু অট’খন ষ্টাৰ্ট কৰি দিলে। হাইৱেৰে ডাঙৰ বাছ-ট্ৰাকবিলাক বেগেৰে চলি আছে আৰু তাৰ মাজেৰে আমাৰ অকণমান অট’খন কঁপি কঁপি আগবাঢ়ি আছে। কোনোবা কোনোবা ঠাইত বাটৰ ওপৰত ডোঙা বান্ধি থকা পানী ট্ৰাকৰ চকাৰ দ্বাৰা চিটিকি আহি অট’খন বুৰাই দিওঁ যেন কৰে। ইফালে বিজুলি-গাজনিৰে স’তে বৰষুণ দিয়েই আছিল। মই অট’ৰ ভিতৰতে তিতি-বুৰি শেষ।ভগৱানৰ নাম লৈ লৈ তেনেকৈয়ে আগবাঢ়িলোঁ। বাটত লাইন হোটেলত অট’ৱালা আৰু মই দুবাৰকৈ চাহ খালোঁ। অৱশেষত লেলাই-ধেন্দাই ৰাতিপুৱা ৪.৩০ বজাত মই গৈ লগৰ বন্ধুকেইজনৰ এপাৰ্টমেণ্ট ওলালোঁগৈ। তাঁহাতেও মোৰ বাবে যথেষ্ট চিন্তাত আছিল।অৱশেষত যেনিবা তাঁহাতক লগ পালোঁগৈ। এইদৰে মোৰ প্রায় পঁচাশীঘণ্টীয়া যাত্ৰাটোৰ অন্ত পৰিল। এই যাত্ৰাত পোৱা অভিজ্ঞতা আজিও মোৰ মনত সজীৱ হৈ আছে।
(২) দ্বিতীয় যাত্ৰা
ছিলভাচ্ছা ৰ পৰা দেৰগাঁও
****************************************
ছিলভাচ্ছাত ইণ্টাৰভিউ দি চিফ্ট ইঞ্জিনীয়াৰৰ চাকৰি পালোঁ৷ দৰ্মহাও মোটামুটি ভালেই। কিন্তু ছুটী নাই। অৱশেষত ব’হাগ বিহুৰ সময়ত ছুটী পালোঁ প্রায় নমাহৰ পাছত।
২০০১ চন৷ এপ্ৰিল মাহৰ ৫ তাৰিখৰ কথা। মই আৰু মোৰ সৈতে একেটা কোম্পানীত কাম কৰা অসমৰে নিপন নামৰ ল’ৰা এটাই একেলগে বিহু বুলি ঘৰলৈ ওলালোঁ। আমাৰ ৰে’ল আছিল “দুৰন্ত”- মুম্বাই চেণ্ট্ৰেলৰ পৰা হাউৰা। সময় আবেলি ৫.১৫ বজাত। সেই হিচাপত মই ভাবিলোঁ- আমি দিনত ১০ মান বজাত ছিলভাচ্ছাৰ পৰা ওলালে ভাল হয়। কিন্তু মোৰ লগৰজনে ক’লে-“ভাত বনাই খাই যোৱা ভাল৷” সেই কথা মতেই ভাত-পানী খাই আমি ভাপি ষ্টেচন পাওঁ মানে ১২ বাজিলেই। ফলত আমি ১১.৪৫ ৰ ট্ৰেইন ধৰিব নোৱাৰি এঘণ্টা ৰ’ব লগা হ’ল। মনতে ভাবিলোঁ,তিনি ঘণ্টাহে লাগিব৷ এক বজাৰ ট্ৰেইনখনত গ’লেও চাৰিটাত গৈ মুম্বাই পাম৷ ৫.১৫তহে ৰে’ল। আৰামত পাই যাম। পিছে ১ বজাৰ ট্ৰেইন আহিল ১.২০ত;২০ মিনিট এইফালে গ’লেই। বাটত ক্ৰছিঙত ৰৈ ৰৈ ৰে’ল গৈ দাদৰ(মুম্বাই) সোমাইগৈ মানে ৪.৪৫য়েই হ’ল। আমাৰ হাতত সময় আছে মাথোঁ ৩০ মিনিট। আমি যাব লাগে দাদৰৰ পৰা চেণ্ট্ৰেললে। লৰালৰিকৈ টেক্সি এখন লৈ যাবলৈ ওলালোঁ। ড্ৰাইভাৰজনে ক’লে-“দূৰ বেছি নহয় যদিও এইটো সময়ত বহুত ভিৰ হ’ব ৰাস্তাত, গতিকে আপোনালোকে ট্ৰেইন ধৰিব নোৱাৰিব৷” আমাৰ চিন্তাত তত নাই৷ মই ড্ৰাইভাৰজনক ক’লোঁ -“আপুনি যিমান পাৰে চেষ্টা কৰক ৷ আমি আপোনাক ভাড়া বেছিকৈ দিম৷” ড্ৰাইভাৰজনেও বহু কষ্ট কৰি যেনিবা আমাক ৫.১০ত কিবাকৈ চেণ্ট্ৰেল পোৱালেগৈ। ট্ৰেইন এৰিবলৈ তেতিয়াও ৫ মিনিট বাকী৷ আমি বেগকেইটা মূৰত লৈ দৌৰিবলৈ লওঁতেই বি এছ এফৰ জোৱানে ধৰিলে আমাক ! তাত এক্স-ৰে মেচিনৰ মাজেৰে বেগ চেক কৰাবই লাগিব। উপায় নাই। বেগ চেক কৰাই দৌৰি ট্ৰেইনত উঠিছোঁ মাত্ৰ,ট্ৰেইন এৰিছে৷
‘দুৰন্ত’ৰ যাত্ৰাতো বাৰু ভালেৰেই পাৰ হ’ল। সাধাৰণতে পলম নহয় যদিও কলিকতাত বৰষুণ দিয়া বাবে ট্ৰেইন হাউৰা সোমাওঁতে প্রায় ৪৫ মিনিট পলম হ’ল। গুৱাহাটীলৈ যাত্ৰা কৰিবলৈ আমাৰ ট্ৰেইন “গৰিবৰথ” আছে ৯.৩০ত, কলিকতাৰ পৰা। ইতিমধ্যে ৮.১৫ হৈছিলেই। আমি ভাবি আছোঁ-একো নাই, এতিয়াওতো এঘণ্টাৰ বেছি সময় বাকী আছেই। আৰামত ষ্টেচনৰে চকীত বহি লৈ কঁকাল পোনাইছোঁ আৰু। তেনেকুৱাতে টি.টি. এজনে মানুহ এজনক বুজাই থকা শুনিলোঁ-“গৰিবৰথ হাউৰাৰ পৰা নহয় কলিকতা ষ্টেচনৰ পৰাহে চলে;কলিকতা ষ্টেচন ইয়াৰ পৰা যথেষ্ট দূৰত।” আমি কথা শুনি অবাক। আমি তেতিয়ালৈকে জনাই নাছিলোঁ কলিকতা ষ্টেচন বুলিও এটা বেলেগ ষ্টেচন আছে! লৰালৰিকৈ টেক্সি ষ্টেণ্ড পালোঁগৈ৷ তাতো ভিৰ। তাত মানুহে লাইন পাতিলেহে বোলে টেক্সি পায়- সেইটো কথা প্ৰথম জানিলোঁ। এফালে আমাৰ সময়ো নাই, ষ্টেচনো দূৰত ৷ গতিকে অলপ আগুৱাই গৈ লাইনৰ বাহিৰৰ টেক্সি এখনত বিনা মিটাৰতে যাবলৈ ওলালোঁ। মুম্বাইৰ ড্ৰাইভাৰজনৰ দৰেই এইজনকো বেছিকৈ ভাড়া দিম বুলি ক’লোঁ,যদিহে সময়ত পাওঁগৈ। ড্ৰাইভাৰজনে যিমান পাৰে কষ্ট কৰিছে৷ কিন্তু এফালে বৰষুণ আৰু আনফালে কলিকতাৰ ৰাস্তাত প্ৰতি ২০০ মিটাৰ মানৰ মূৰে মূৰে থকা ট্ৰেফিক ছিগনেল । এটাত ‘ৰঙা’ পালে সকলোতে পোৱা যায়। আমাৰো সেইটোৱে হ’ল। সকলোতে ৰৈ ৰৈ আগবাঢ়িব লগা হ’ল। তাতে আকৌ ভূতৰ ওপৰত দানহ পৰাৰ দৰে টং-টং ঘণ্টা বজাই ট্ৰামখন ৰাস্তাত আহি ওলায়। মুঠৰ ওপৰত এটা অশান্তিকৰ পৰিৱেশৰ মাজেৰে মনত দুশ্চিন্তা এসোপা লৈ আগবাঢ়িছোঁ। পিছে ভগৱান আৰু ড্ৰাইভাৰৰ শুভদৃষ্টি আমাৰ ওপৰত পৰি আছিল হ’বলা৷ ৯.২৫ বজাত আমি গৈ কলিকতা ষ্টেচনত উপস্থিত হ’লোঁ। টেক্সি-ভাড়া দি আমি লৰালৰিকৈ ট্ৰেইনৰ ফালে দৌৰিলোঁ৷ তাকে দেখি এজনে আমাক জনালে -‘দুৰন্ত’খন পলম কৈ আহি পোৱা বাবে এই ট্ৰেইনখনো এঘণ্টা পলমকৈ চলিব৷” তেতিয়াহে উশাহটো ঘূৰি অহা যেন পালোঁ। ইতিমধ্যে পেটৰ নাড়ী ডাল-ডাল হৈছিল ভোকত। ষ্টেচনতে পোৱা এগ-বিৰিয়ানি খাই পেটটো শান্ত কৰিলোঁ। ট্ৰেইন এৰিলে ১০.৩০ত ৷
এতিয়া আহিল ৰাতি শোৱাৰ সময়। নিজৰ নিজৰ ছিটত পৰি দিয়েই টোপনি গ’লোঁ। পিছে ২ ঘণ্টা মান পাছতে সাৰ পালোঁ-গাত কিবা এটা বগোৱা যেন গম পাই। উঠি চাই দেখোঁ;তিনি-চাৰিটা পঁইতাচোৰা গাত লোৱা কাপোৰখনত বগাই আছে। এ.চি. ডবাত কেনেকৈনো ইমান পঁইতাচোৰা ওলাল- একো ধৰিব নোৱাৰিলোঁ। মোৰ কাষৰ ছিটৰ ল’ৰাজনে (আমাতকৈ সৰু) ক’লে যে-তাৰ বোলে ভৰিৰ আঙুলিত পঁইতাচোৰাই কামুৰিলে। সি সেইবাবে বহিয়েই আহিছে। বৰ ঘিণ লাগিল,লগতে ভয়ো সোমাল। ট্ৰেইন-ষ্টাফক কমপ্লেইন দিবলৈ গৈ কাকো লগেই নাপালোঁ। উপায় নাপাই উজাগৰেই ৰাতিটো পাৰ কৰিলোঁ আৰু কাণত ধৰিলোঁ যে কেতিয়াও এইখন ট্ৰেইনত নুঠোঁ ।
অৱশেষত গুৱাহাটীৰ ষ্টেচনত নামিলোঁ৷ কমপ্লেইনো দিহে এৰিলোঁ। পিছে কাম দিলে নে নাই –তাৰ গম লোৱা নাই আজিলৈকে। গুৱাহাটীৰ পৰা আকৌ ৭ ঘণ্টা বাছত আহি যেনিবা ঘৰ পালোঁহি।
এইদৰে এটা উৎকণ্ঠাময় যাত্ৰাৰ অন্ত পৰিল।
☆★☆★☆