তেওঁ আৰু মই – যাযাবৰ পথিক
(১) নিৰ্যাতন
ৰাতিপুৱাই শ্ৰীমতীয়ে যেতিয়াই মৰমত “শুনিছে” বুলি ক’লে,মোৰ বুকুখন ঢিপিংকৈ গ’ল । হয় শ্বপিং,নহ’লে আজি নাৰী সমিতিৰ মিটিঙলৈ যাবলৈ মই ড্ৰাইভাৰৰ ভূমিকা ল’ব লাগিব । আজি বাচিবলৈ অফিচো নাই । মই বোলোঁ-“হেৰা দেৰি নকৰিবা ৷ কৈ দিয়া কোনটো কৰিব লাগে৷”
“ব’লানা সেই ওচৰৰে গাঁও এখনতে ‘নাৰী নিৰ্যাতন’ৰ এৱাৰনেছ কেম্প এটা আছে । আৰু তুমিতো জানাই মই নাৰী মুক্তি কমিটিখনৰ সভানেত্ৰী৷”
ভবাটোৱেই হ’ল ৷ এতিয়া আৰু নিস্তাৰ নাই । গা-পা ধুই চাহ কাপ খাইছোঁহে। শ্ৰীমতী ৰেডী ।
মই বোলোঁ-
“আনকালেতো ওলাই নহয়হে নহয় ৷ আজি যে ইমান সোনকালে ! ভাত কেইটামান খাই লওঁ নেকি ?”
“নালাগে বৰুৱানীহঁত ওলালেই,হোটেলত খাই ল’বা৷”
নাই,ভাত খাবলৈ নাপালোঁ ৷ চাহ কাপ খাইয়ে ওলাই গ’লোঁ ৷ মনে মনে ভাবিলোঁ-কমিটি এখন আমিও বনাব লাগে । নিৰ্যাতিত অকল নাৰীয়েই নে ! আমিও দেখোন অলপ-চলপ নিৰ্যাতিত ৷ নহয়নে?
(২) ভিজা মেকুৰী
ঘৰখনৰ ভিতৰতে মোৰ খং বেছি৷ এই কথা জনাই জানে ৷ নতুনকৈ কোৱাৰ প্ৰয়োজন নাই । পছন্দৰ তৰকাৰি নহ’লে ভাতৰ কাঁহিত পানী ঢালি উঠি যাওঁ । আৰু কেনেবাকৈ চুলি পৰিলে হ’ল আৰু, মায়ে জানেই মোৰ খং কেনেকুৱা৷ কেতিয়াবা মায়ে দুখ কৰি কয় “এজনী চপাই ল৷ তেতিয়া বুজিবি৷”
দুৰ্ভাগ্যক্ৰমে মোৰ বিয়াখন সোনকালেই হ’ল । এদিন শ্ৰীমতীয়ে ভাত দিওঁতে,ওলাল নহয় আপদীয়া চুলি এডাল । সিদিনা হয়তো প্ৰথমবাৰৰ বাবে তেওঁ মোৰ উগ্ৰমূৰ্তি দেখিছিল । তাৰ পাছৰপৰা তেওঁ সাৱধান হ’বলৈ ল’লে । লাহে মোৰ খংবোৰ কমিল ৷ তেওঁৰবোৰ বাঢ়িল । বাঢ়িল মানে মোতকৈ দুগুণ । ভয়তে মই নিমখ,জ্বলা বাছ-বিচাৰ নকৰাকৈ খাব পৰা হ’লোঁ । ভোকত থকাতকৈ যি পাইছোঁ তাকে লৈ সুখী হ’ব পৰা হ’লোঁ । বুজি পালোঁ- কিয় দেউতাৰ বেয়া পোৱা তৰকাৰি নাই । কিন্তু এদিন আকৌ মোৰ কাঁহীত পৰিল নহয় এডাল চুলি ! কিবা কওঁ বুলি তেখেতৰ ফালে চালোঁ ৷ হাতত কৰচালিখন লৈ কাষতে ৰৈ আছে৷
মই আৰু কোনেও নেদেখাকৈ চুলিডাল পেলাই ভাত খোৱাত লাগিলোঁ ।
(৩)স্বপ্নজাল
ৰাতিপুৱাৰ পৰাই বুকুখন বিষ । শুই উঠিয়ে ইফাল-সিফাল কৰি আছোঁ । ঠাণ্ডা পানী,গৰম পানী দুয়োবিধেই গিলিছোঁ৷ নাই কোনো মতেই উপশম পোৱা নাই । উপায় নাই৷ এওঁক ক’বই লাগিব । শ্ৰীমতীৰ আকৌ কবিৰাজী দৰব দিয়াত সুকীয়া স্থান আছে । কোমল মাত এটাৰে তেওঁক মাতিলোঁ-
“হেৰি শুনিছা,ৰাতিপুৱাৰ পৰাই বুকুখন বিষাই আছে জানা৷”
“ৰাতি দুপৰলৈ সেইসোপা গিলি বমিয়াই থাকিলে এনেকুৱা হ’বই৷”
মানুহজনীৰ পৰা যে একো লুকুৱাব নোৱাৰি৷ জেগাতে ধৰি লয় ৷ যা কি নহওঁক,কিবা বুদ্ধি কৰি বাচিব লাগিব৷
“মই বোলোঁ সেইটো কথা নহয় । কালি ৰাতি এটা সপোন দেখিলোঁ জানা৷”
“কি সপোন?” মোৰ ফালে নোচোৱাকৈয়ে ফুলৰ টাবকেইটাত পানী দি দি তেওঁ ক’লে৷
“সপোনাত মই ৰজা আৰু তুমি ৰাণী আছিলা । এদিনাখন তোমাক দৈত্য এটাই লৈ যাব খুজোঁতে মইও তোমাক বচাবলৈ দৌৰি দৌৰি গ’লোঁ ৷ পিছফালৰ পৰা দৈত্যটোক কেইবাটাও কাঁড় মাৰি বগৰাই দিলোঁ৷ দৈত্যটো পৰোঁতে হাতখন মোৰ বুকুত দি পৰিলে । মোৰ উশাহ বন্ধ হ’বলৈ ধৰাত মই সাৰ পাই গ’লোঁ৷ উঠি দেখিছোঁ তোমাৰ হাতখন মোৰ বুকুত…আৰু তেতিয়াৰ পৰাই মোৰ বুকুত বিষ৷”
তাৰ পাছত…
তাৰ পাছৰ কথা নুসুধিব৷
হস্পিটালৰ পৰা এইয়া ফে’চবুকত ষ্টেটাচ দি আছোঁ৷
☆★☆★☆