ফটাঢোল

বিহু ভালপোৱা ককাৰ খং – ৰঞ্জিত মুক্তিয়াৰ

অন্যদিনাৰ দৰে কালিও নিৰ্দিষ্ট বাছখনত উঠি কৰ্মস্থলীলৈ বুলি ৰাওনা হ’লোঁ৷ ডিগবৈ অতিক্ৰম কৰাৰ পাছত,টিংৰাই বজাৰত বাছখনত ককা এজন উঠিল আৰু মোৰ কাষৰ খালী হৈ থকা আসনত বহিল । বাছখনত বহিয়েই ককায়ে কাৰোবাক গোৱাল-গালি পাৰিবলৈ ধৰিলে৷ মই পিছে একো অনুমান কৰিব পৰা নাই । কিন্তু ককাৰ গালিৰ পৰা মই বুজিব পাৰিলোঁ যে;ককায়ে অসমত চলি থকা বিহু-সন্মিলনসমূহৰ কাৰ্যসূচীবোৰক লৈ একেবাৰে অসন্তুষ্ট । তাতোতকৈ অসন্তুষ্ট,অসমৰ টিভিচেনেলকেইটাই বিহুৰ ওপৰত দেখুৱাই থকা অনুষ্ঠানসমূহৰ ওপৰত । ককাৰ উঠি থকা খংটো বহিঃপ্ৰকাশ ঘটিল মোৰ ওচৰতে ।
এনেতে দিলে নহয় দবা-পিটা বৰষুণ এজাক ৷ ককাই ভোৰ-ভোৰাই নিজে নিজে কৈ উঠিল-“আৰু পাতহঁত বিহু !” মই একো নোকোৱাকৈ ককাই মোক লক্ষ্য কৰি কৈ উঠিল-“বুজিছ বোপাই,আমি আগতে বিহু পাতিছিলোঁ; সাতদিনতে শেষ৷ এতিয়া আৰু বিহু পুহ মাহতে আৰম্ভ হৈ আহাৰ মাহলৈকে চলি থাকে৷” গতিকে ঢোলৰ মাত শুনি বৰষুণ নহৈ কি হ’ব ! আগতে আমি সাত-বিহু মাৰি পথাৰত নামিছিলোঁ ৷ এতিয়া সৌখন পথাৰ চা-চোন ৷ নৰ-মনিচ এটাও নাই৷” টিংৰাইৰ বিশাল পথাৰখন দেখুৱাই ককাই ক’লে ।
ককাই কৈ গ’ল –“লোকৰ পিঠাৰে কিমান বিহু পাতিবিহঁত । নিলাজৰ পুতেকহঁত!! ক’ত লাজ পাবি ! নাঙল কি দেখা নাই,তাঁত-শাল কি চিনি নাপাৱ,আনকি ভালকে বিহু এফাঁকিকে গাব নাজান ! আকৌ আহাৰ মাহলৈকে বিহু পাত । হেৰৌ তহঁতে যদি তিনিমাহ বিহুকেই পাত, খেতি কেতিয়া কৰিবি ?”
মই ককাৰ কথাত ভাগ লৈ ক’লোঁ-“ককা এইয়াতো সাংস্কৃতিক পৰিৱৰ্তন৷” ককাই লগে-লগে ক’লে-“থ,থ, সাংস্কৃতিক পৰিৰ্ৱতন !! কি হৈছে দেখিছোঁ৷ বিহু গুচি ভুচুংপহু কৰিলি তহঁতে । তহঁতে বিহু নাপাত নহয়,ফাংছনহে পাত ৷ বিহুৰ নামত ডকাহকা দি চান্দা তুলিবিহঁত আৰু ৰাতিপুৱালৈকে ফাংচন পাতিবি !”
এনেতে নামনি অসমৰ ফালৰপৰা অহা পাচলিভৰ্তি ট্ৰাক এখন আমাৰ বাছখনৰ কাষেৰে পাৰ হৈ গ’ল । ককায়ে মোলৈ চাই ক’লে-“সেইখন গ’ল দেখিলিনে ? আবেলি কিনিবিগৈ৷ পটল পোৱা ৪০ টকা, ভাত কেৰেলা পোৱা ৬০ টকা,জিকা পোৱা ৫০ টকা ৷ হেৰৌ,বেপাৰীকেইটাও কম নহয়৷ কেজিত ভাও নকয়,পোৱাতহে কয় ।” মোক উদ্দেশ্যি ককাই পুনৰ ক’লে-“বোপাই,এই যে পাচলিৰ ট্ৰাকখন দেখিলি, নিশ্চয় খাৰুপেটীয়া বা নগাঁৱৰ পৰা আহিছে ! সিহঁতহে অসমৰ আচল খেতিয়ক ৷ সিহঁতে কিন্তু বিহু নাপাতে ৷ কাৰণ,খেতিৰ উৎসৱ বিহু আজি খেতিয়কৰ হাতত নাই । বিহু বেপাৰীৰ হাতলৈ গ’ল,যি বেপাৰত অসমীয়াৰ বাপতি-সাহোনে হেৰুৱাই পেলালে নিজৰ গৰিমা৷”

এনেতে বাছখন আহি মাকুম আস্থানত ৰ’ল । বাছখন ৰখাৰ লগে লগে কেইজনমান যুৱক হুৰমূৰ কৰি বাছখনলৈ উঠি আহিল । ড্ৰাইভাৰজনক উদ্দেশি ক’লে-“বিহু চান্দা লাগে । আমি কেন্দ্ৰীয় ৰঙালী বিহু পাতিছোঁ । এইখন ৰছিদ লওক৷” ৰছিদখন চাই ড্ৰাইভাৰজনে ক’লে, “দাদা পাঁচশ টকা দিব নোৱাৰিম । মাকুমতে এতিয়ালৈকে সাতখন বিহুত চান্দা দিলোঁ ৷ আৰু কিমান দিম !”
ককায়ে সিহঁতৰ কথা শুনি উচপিচাই আছে ৷ ককাই হুমুনিয়াহ কাঢ়ি মোক ক’লে-“বুজিছ বোপাই৷ অসমীয়াৰ অৱস্থা তিব্বতীৰ দৰে হ’বলৈ গৈ আছে ৷ মই সুধিলোঁ-“কেনেকৈ ককা?”ককাই ক’লে-“আমি সৰুতে এটা কাহিনী শুনিছিলোঁ৷ কাহিনীটো হ’ল-“অত্যধিক উৎসৱপ্ৰীতি এটা জাতিৰ মৃত্যু বা ধ্বংসৰ কাৰণ হ’ব পাৰে ৷ ককাই মোক কোৱা কাহিনীটো এনেধৰণৰ৷ ককায়ে মোক কাহিনীটো কৈ গ’ল-
“বোপাই তই নিশ্চয় তিব্বতৰ বিষয়ে শুনিছ৷ তিব্বতখন দ্বিতীয় বিশ্ব-যুদ্ধৰ সময়লৈকে এখন স্বাধীন দেশ আছিল ৷ কিন্তু এলাহ আৰু উৎসৱপ্ৰীতিয়েই তিব্বতৰ স্বাধীনতা হেৰুৱাৰ প্ৰধান কাৰণ । দ্বিতীয় বিশ্ব-যুদ্ধৰ সময়ত এখন আমেৰিকান যুদ্ধ-বিমান তিব্বতত ধ্বংসপ্ৰাপ্ত হৈছিল,কিন্তু বিমানখনত থকা সৈনিককেইজন ভাগ্যক্ৰমে ৰক্ষা পৰিছিল । তেওঁলোকে তিব্বত সম্পৰ্কে “লষ্ট ইন তিবেত” নামৰ গ্ৰন্থত বহু কথা লিপিবদ্ধ কৰি গৈছে । তেওঁলোকৰ মতে–তিব্বত ১৯৪৫-৪৬চন মানলৈকে স্বাধীন আছিল আৰু বৰ্হিঃবিশ্বৰ লগত তিব্বতৰ ইমান সম্পৰ্ক নাছিল বুলিয়ে ক’ব পাৰি ৷ চীনাসকলৰ ব্যৱসায়-বাণিজ্যতো ব্যাপকতা নাছিল৷ পিছে এসময়ত তিব্বতীসকলৰ কামৰ প্ৰতি ধাউতি নোহোৱা হ’ল । লাহ-বিলাস আৰু উৎসৱপ্ৰীতিত তিব্বতীসকল আক্ৰান্ত হ’ল । একোটা উৎসৱ মাহপৰ্যন্ত অনুষ্ঠিত কৰিছিল । লগতে আছিল মাহজোৰা বৰভোজ৷ এইবোৰত লাগি থাকোঁতেই চতুৰ চীনাসকলে দোপত-দোপে আগবাঢ়ি গৈ তিব্বতৰ ৰাজনীতি-ক্ষেত্রও দখল কৰিবলৈ সক্ষম হ’ল,আৰু এতিয়া তিব্বতীসকল নিজ দেশতেই ভগনীয়া হ’ল ।
ককাই তাৰপিছত এটা দীঘল হুমুনিয়াহ কাঢ়ি ক’লে, “অসমীয়াৰো যে, এই অৱস্থা নহ’ব কোনেও ক’ব নোৱাৰে অ’ বোপাই! এটা সময়ত “বাৰটা মাহত তেৰটা” খেতি কৰা ৰাজ্য আছিল অসম। আমি ল’ৰালিৰ দিনবোৰত লোণ আৰু কেৰাচিনকণৰ বাহিৰে একো বস্তু কিনা নাছিলোঁ । সকলো ফালৰপৰা নদন-বদন আছিল অসমখন । আজি কি হ’ল বোপাই চাচোন৷ মাটিবোৰ বণিয়াক বেচি পুতেকহঁতক লাখটকীয়া মটৰ-চাইকেল,হাজাৰটকীয়া ম’বাইল কিনি দিছে,মাছ-মাংসৰ পৰা চাউল-দাইললৈকে সকলো ব্যৱসায় আনৰ হাতত, আৰু “বাৰটা মাহত তেৰটা উৎসৱ” পাতি অসমীয়া মছগুল হৈ থাকে । চাচোন বোপাই, আজি অসমীয়াই বিহুত ব্যৱহাৰ কৰা পঘাডালৰ পৰা বিহুৰ ঢোলটোলৈকে, গেলামালৰ দোকানৰ পৰা মাছ-কণীলৈকে সকলো ব্যৱসায় পৰৰ হাতত । অসমীয়াসকলে উৎসৱ পাতে । আৰু অন্যসকলে অসমীয়াৰ উৎসৱক লৈ ব্যৱসায় কৰে।গতিকে এনে এটা কৰ্ম-সংস্কৃতিহীন জাতি ধ্বংস নহৈ হ’ব কোন ?”
ককাই বৰ ক্ষোভেৰে কথাখিনি ক’লে । ককাৰ কথাখিনিয়ে মোৰ মগজুত এক চিন্তাৰ উদ্বেগ ঘটালে । মনত এক বিশেষ চিন্তাই জুমুৰি ধৰিলেহি৷ কি আমিও এদিন নিঃশেষ হৈ যাম নেকি,তিব্বতীসকলৰ দৰে !
এনেতে বাছখন তিনিচুকীয়া আস্থানত ৰ’ল৷ ককা বাছখনৰ পৰা নামি গ’ল ৷ যাওঁতে কৈ গ’ল-
“বোপাই বেয়া নাপাবি দেই ! মোৰ মনৰ ভিতৰত এইকেইদিন গুজৰি থকা কথাকেইটা তোৰ আগতে কৈ পেলালোঁ৷ কাৰণ এসময়ত বিহু বুলি ক’লে আমিও বলিয়া আছিলোঁ৷ কিন্তু আজিৰ দৰে এনেকৈ বিহু  পতা নাছিলোঁ৷”

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *