প্ৰ’পজ – উজ্জ্বল দীপলু গগৈ
২০০৭চন মানৰ কথা ; তেতিয়া মই যোৰহাট জেবি কলেজৰ ছাত্ৰ ৷ কলেজত হঠাৎ দেখা পাইছিলোঁ এদিন তাইক ৷ আগৰাতি হোষ্টেলৰ মালিকৰ ঘৰত ‘ৰেহনা হ্যেই তেৰে দিল ম্যে’ চিনেমাখন চাই তাত হোৱাৰ দৰেই মোৰো পাছদিনা তাইক দেখিয়ে ‘লাভ এট্ ফাৰ্ষ্ট চাইট’ হৈছিল ৷ তাইৰ ডিপাৰ্টমেণ্টলৈকে পাছে পাছে যোৱা, তাই পাছলৈ ঘূৰি চালেই মই মুখ ঘূৰাই কলেজৰ বেৰত ক’ত ক’ত মকৰাজাল আছে সেইয়া হিচাপ কৰা নিত্য-নৈমিত্তিক ঘটনা হৈ পৰিছিল ৷ মুঠৰ ওপৰত এটা সাংঘাতিক ৰোমাণ্টিক পিৰিয়ড ৷ কম দিনৰ ভিতৰতে তাইৰ নামৰপৰা আৰম্ভ কৰি মোৰ হ’বলগীয়া ভাবী শহুৰৰ নামলৈকে সকলো যোগাৰ কৰি পেলালোঁ ৷ বাকী থাকিল চিনাকি-পৰ্বটো ৷ মাতষাৰ দিওঁ বুলি সদায়ে খোজটো আগলৈ দিওঁহে, কিন্তু লাজৰ কোবত ৰঙা-ছিঙাটো পৰি মইচোন কোঁচমোঁচহে খাওঁ ৷ উপায়ন্তৰ হৈ অৱশেষত আমাৰ মাজত ‘লাভগুৰু’ হিচাবে পৰিচিত হোষ্টেলমেট এজনৰ শৰণ ল’লোঁগৈ অফিচাৰ্চ চইচৰ কোৱাৰ্টাৰ এটা হাতত লৈ ৷ কোৱাৰ্টাৰ পাই লাভগুৰু খুচ, তাকে দেখি অদৃষ্টজনক মইও সেৱা এটা কৰিলোঁ মনতে- ‘এইবাৰ,এইবাৰ ছোৱালী পতিবই পতিব’৷
পাছদিনা ৰাতিপুৱা ৰূমমেটৰ লিৰিল চাবোনেৰে গাটো ধুই কাষৰ ৰূমৰপৰা অনা মংগলদীপ ধূপকাঠিৰে ভগৱানৰ ফটোৰ ওচৰত সেৱা জনাই লাভগুৰুৰ লগত ওলাই গ’লোঁ ৷ বুকুখন কিবা দুৰু-দুৰু কৰি থাকিল আৰু সমানে সমানে মনটোও উগুল-থুগুল লাগি আছিল ৷ কলেজ পাইছিলোঁগৈ ৷ অলপ সময় ৰোৱাৰ পাছত লাভগুৰুৱে ক’লে ‘আজি তাই নাহে চাগৈ বুইছ’ ৷ কিন্তু মই তাই কলেজলৈ অহাৰ সময়টো জানিছিলোঁ ৷ সেয়ে দৃঢ়তাৰে ক’লোঁ-“১০ বজালৈ পাঁচমিনিটমান সময় থাকোতে তাই সদায় আহি কলেজ পায়হি৷” সঁচাকৈয়ে তাই সেইটো সময়তে কলেজ সোমালহি ৷ মোৰ বুকুৰে পাৰ হৈ গ’ল হাজাৰটা গীতৰ কলি ৷ লাভগুৰুৱে মোৰ টাইমিং দেখি তবধ মানিলে ৷ নামানিবনো কিয়!! সেইবোৰ তথ্য যোগাৰ কৰোঁতে মইতো কমখন কষ্ট কৰা নাছিলোঁ !
দীঘল কৰিডৰটোৱেদি তাই গৈ থাকিল ৷ মোক চকুৰ টিপ দি,হাতেৰে ৰখিবলৈ ইংগিত দি লাভগুৰু তাইৰ পাছে পাছে আগবাঢ়িল ৷ মই চাই থাকিলোঁ, লাভগুৰুৱে তাইক ৰখাই লৈ অলপ দেৰি কথাও পাতিলে ৷ অলপ সময়ৰ পাছত বিজয়সূচক হাঁহিৰে সি ঘূৰি আহি মোক ক’লে-“ব’ল ব’ল চিগাৰেট এটা খোৱাবি৷ তোৰ কাম সিজিব,চিন্তা নকৰিবি৷” ফূৰ্তিৰ কোবত লাভগুৰুক এপেকেট ফ্লেক কিনি দিলোঁ ৷ লাভগুৰুৱে মোক কৈ গ’ল-“ছোৱালীজনী ফ্ৰি বুইছ, তই পূৰা মোৰ প্লেন মতে কাম কৰিবি, দুই-এদিনতে তাইৰ ম’বাইল নাম্বাৰটো উলিয়াই তোৰ লগত চিনাকি কৰি দিম ৰহ৷ তাৰপাছত তইতো ৰাতি ফোনত ফুচুৰ-ফুচুৰ কথা হে আৰু…. তামাম দিবি আৰু ন লেকচাৰ !” মনৰ ভিতৰত মোৰ সেইসময়ত হাজাৰটা পূৰ্ণিমাৰ জোন একেলগে ওলাই আহিছিল ৷
কেইটামান দিন পাৰ হ’ল ৷ লাভগুৰু সেইকেইটা দিনত তাইৰ লগত যথেষ্ট ফ্ৰি হ’ল ৷ মই তাই কলেজলৈ অহা-যোৱা কৰা সময়বোৰ হিচাব কৰি থাকিলোঁ ৷ হঠাৎ এদিন লাভগুৰুৱে তাইৰ লগত কথা পাতি থকাৰ মাজতে মোক হাতবাউল দি মাতি পঠালে ৷ লাজ-লাজকৈ ওচৰ চাপিলোঁ৷ লাভগুৰুৱে চিনাকি কৰাই দিলে-ভাল লগৰ বুলি ৷ ৰাতিলৈ অ’ফিচাৰ্চ চইচৰ কোৱাৰ্টাৰ এটা গুৰুদেৱৰ শৰণত দিলোঁ ৷ দিন গৈ থাকিল৷ এদিন লাভগুৰুৱে তাইৰ লগত ফোনত কথা পতাই দিয়াও নহয় আনকি তাইৰ নাম্বাৰটোও মোক দিলে আৰু লগতে সতৰ্কবাণীও শুনালে যে- “কেতিয়াবাহে ফোন কৰিবি নহ’লে তোৰ কাৰণে কৰি থকা কামবিলাক ফ্লপ মাৰিব পাৰে ৷” মনটো থৌকি-বাথৌ মোৰ; ৰাতি তাইৰ লগত কথা পতাৰ সময় ওচৰ চাপি আহিছে……৷
কেইবাদিনো ম’বাইলৰ ডায়েল পেডত নাম্বাৰটোত কল লগাবলৈ লওঁ,কিন্তু লাভগুৰুৰ সতৰ্কবাণীলৈ মনত পৰি পিছুৱাই আহোঁ ৷ মোৰ ছাটিফুটিবিলাকলৈ চাই অৱশেষত হোষ্টেলৰ বাকী লগৰবোৰে ক’বলৈ ধৰিলে-“নিজে গৈ কথা নাপাত কিয়নো,ডাইৰেক্ট প্ৰপ’জ নামাৰ কিয়” ইত্যাদি ৷ ‘এডভাইচ’ ল’বলৈও সেইকেইদিন লাভগুৰু লোকেল গাৰ্জেনৰ ঘৰত৷ ফোন কৰিলেও ৰিচিভ নকৰে ৷ অৱশেষত ঠিক কৰিলোঁ, বুকুৰ মাজত উকমুকাই থকা ‘I Love You’টো এক এপ্ৰিলৰ দিনাই তাইক ক’ম৷ যি হয় হ’ব ৷ যদি ‘Yes’ কয়,তেন্তে ৰাতিলৈ পাৰ্টি আৰু যদিহে ‘No’ কয় তেন্তে এপ্ৰিল ফুল বুলি ক’ম আৰু…৷ সেয়েহে ভয়ে ভয়ে ফোনটো লগালোঁ ৷ দিল চে ৰে গানটো হেল্ল’ টিউন কৰি থৈছিল, মোৰো দিলটো “জব দিল চে আহ নিকলি থি,দিল চে ৰে দিল চে ৰে” বুলি বাজিবলৈ ধৰিলে ৷ ফোনটো তাই ৰিচিভ কৰিলে ৷ মই ‘অমুক’ বুলি কৈ কথা দুই-এটা আৰম্ভ কৰিলোঁ ৷ কিন্তু ক’ব নোৱাৰিলোঁ…ফোনটো কাটি দিলোঁ ৷ অলপ পাছত বুকু ডাঠ কৰি আকৌ ফোন কৰিলোঁ ৷ তাই সুধিলে “আকৌ কি হ’ল?” ঘেঁহাই ঘেঁহাই ক’লোঁ-“মানে কথা এটা ক’ব খুজিছিলোঁ” ৷ তাইও ক’লে “কোৱাচোন৷” ডাইৰেক্টলি কৈ দিলোঁ “I Love You” ৷ ফোনৰ সিটো মূৰত নিস্তব্ধতা আৰু এইফালে মোৰ বুকুৰপৰা যেন শিলহে এচটা আঁতৰিল ৷ কিন্তু হঠাৎ পট পৰিৱৰ্তন ঘটিল৷ তাইৰ উত্তৰ ‘Yes’ অথবা ‘No’ৰ এটাও নহ’ল ৷ তাৰ ঠাইত ঢেৰেকনি এটাহে আহিল-“অসভ্য ! লাজ নাপাৱ নেকি এনেকৈ ক’বলে?” আচম্বিত হৈ মই “এপ্ৰিল ফুল,এপ্ৰিল ফুল” বুলি চিঞৰিবলৈ লাগি গ’লোঁ ৷ তাই থতমত খালে৷ মোক হঠাৎ গালি দিয়াৰ বাবে বেয়া নাপাবলৈ ক’লে ৷
পাছদিনা কলেজত মোক দেখি তাই হাতবাউল দি মাতিলে আৰু আগদিনাৰ কাৰণে পুনৰাই বেয়া নাপাবলৈ কৈ তাইৰ প্ৰেমৰ কাহিনী কৈ যাবলৈ ধৰিলে ৷ ৰিলেচনশ্বিপটো বেছি দিন হোৱা নাছিল হেনো, ল’ৰাটোক হঠাৎ ভাল পাই পেলালে ৷ তাৰপাছত তাৰ নামটোও ক’লে ৷ এইবাৰ মই ‘এপ্ৰিল ফুল’ হ’লোঁ নিজৰ বন্ধুৰে হাতত ৷
সফল প্ৰেমিকজন মোৰ ঘটক ‘লাভগুৰু’ আছিল।
☆★☆★☆