ফটাঢোল

পাঁচটা পিটিকলি গল্প – মনজিৎ

(১) সুখ
পিঁয়াজ ম’ম খাই থাকোঁতে অপ্ৰত্যাশিতভাৱে মাংসৰ নেন’টুকুৰা এটা পালোঁ৷ মনটো কিবা ভাল লাগি গ’ল ৷ তাক মই মৰমতে চিকেন ম’মৰ পইচা দি আহিলোঁ৷

(২) সন্দেহ
ক্লাছত বুজাই উঠি প্ৰফেচাৰে ক’লে-
-তোমালোকৰ যদি কিবা ‘ডাউট’ আছে নিসংকোচে সুধিব পাৰা।
কোনেও একো নোসোধা দেখি থুলুকেই চুচুক-চামাককৈ থিয় হৈ সুধিলে-
“ছাৰ,এই হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়েৰৰ যে এঞ্জেল তুলতুলি,মানে আপোনাৰ সৰুজনীৰ কথা কৈছোঁ। তেওঁৰ লগত যে পেহীয়েকৰ ল’ৰা বুলি কৈ অনবৰতে ঘূৰি ফুৰে ল’ৰাজন;সেয়া সঁচাকৈ বাৰু পেহীয়েকৰ ল’ৰা হয় নে? সেই ডাউটটো ক্লিয়েৰ হ’লেই মনটো পাতল পাতল লাগে আৰু।”

(৩) দোমোজা
থুলুকে জীৱনৰ বাটত আহি আহি এনে এক কেঁকুৰিত উপস্থিত হ’লহি,য’ৰপৰা উভতি যাবলে অ’টোত দুশ বিছ আৰু উবেৰত দুশ ষাঠি টকা বিচাৰিছে ৷

(৪) লাজ (ছাঁ লৈ)
“বিয়া হৈ অহা এসপ্তাহেই হোৱা নাই আৰু তোমাৰ এই ৰূপ ! ছোৱালী হৈ এনেকৈ মুকলিকে চিগাৰেট খাবলে অকনো লাজ নালাগেনে তোমাৰ?”-শাহুৱেকৰ ক্ষোভমিহলি প্ৰশ্নত থতমত খালে তাই। কিছু তভক মাৰি আত্ম-সমালোচনা কৰিলে নিজকে,অনুশোচনাও হ’ল। সেইদিন ধৰি তাই যেতিয়াই চিগাৰেট খায়,ওৰণিৰ আঁৰতহে খায়।

(৫) নাৰী
: মাজনী আমি তোমাৰ বিয়াৰ কথা ভাবিছোঁ ৷ কোৱাচোন তোমাক কেনেধৰণৰ ল’ৰা লাগিব ?
: পিংক কালাৰৰ।–ম’বাইল পিটিকি থকাৰপৰাই মাজনীৰ তাৎক্ষণিক উত্তৰ।

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *