ফুলিলে ভেবেলি লতা – অনন্ত কলিতা
বজৌ কেৰেক্টাৰটো অলপ ডেন্জাৰাছ ৷ অলপ নহয়,সাংঘাতিক ডেন্জাৰাছ ৷ বিহু পাতিছিল এইবাৰ৷ গাঁৱৰ ওচৰৰ ল’ৰাবোৰে তাৰ কথা জানে৷ সেয়ে তাৰ বিহুত গাঁৱৰ ল’ৰা-ছোৱালীবোৰ নাই৷ অলপ আঁতৰৰ দহ-বাৰটামান ল’ৰা-ছোৱালী গোটাই বজৌৱে বিহু দল এটা আৰম্ভ কৰি বিহু মাৰিলে৷ মই জানো-তাৰ উদ্দেশ্য বিহু মাৰি কৃষ্টি-সংস্কৃতি ৰক্ষা কৰা নহয়৷ কেনেকৈ বিহুৰ নামত ৰাইজক ঠগি দুই-চাৰিটকা ঘটিব পাৰি-তাৰ ধান্দা সেইটোহে৷ মই অৱশ্যে তাৰ এই কথাটোত বৰ এটা বেয়াও পোৱা নাই ৷ যিয়েই নহওঁক , সি অন্ততঃ কিবা এটা ভাল কামেই কৰিবলৈ হাতত লৈছে ৷ আজিকালি আৰু কৃষ্টি-সংস্কৃতিৰ পৰা সাহিত্যলৈকে সকলোবোৰেই দেখোন ব্যৱসায়িক মনোবৃত্তিৰেই হ’বলৈ লৈছে ৷ তথাপি তাৰ মাজতে এইবোৰ জীয়াইওতো থাকিব লাগিব ৷ ভাল-ভাল বিদগ্ধ টাইপৰ মানুহেই এইবোৰ কৰি আছে ৷ আমাৰ বজৌৱে কৰিলে মইনো কিয় বেয়া বুলি কওঁ ৷
০০০০০
মাজতে দিগন্তই কৈছিল বোলে-“বন্ধ কৰাই দিওঁ নেকি ?” মই বোলোঁ-“সেইবোৰ নকৰিবি ৷ হাজাৰ হ’লেও গাৱঁৰেই ল’ৰা ৷ এনেকুৱা সংস্কৃতিৰ লগত জড়িত কামবোৰত লাগি থাকিলে তাৰ গতি-মতি ভাল হয়েই কিজানি ৷ আৰু এই বিহু-ভাওনা জাতীয় কথাবোৰ গাওঁবোৰৰ পৰা দেখোন হেৰায়েই যাবলৈ লৈছে ৷ দুই-চাৰি টকা বজৌৱে ইফাল-সিফাল কৰিলেও অন্ততঃ বিহু বোলা বস্তুটোৰ কিছু হ’লেও অস্তিত্ব ৰক্ষা হ’ব ৷”
০০০০০
বিহু ঠিকেই চলিল ৷ পইচা-পাতিও বোলে ভালেমান উঠিল৷ পিছে গণ্ডগোলটো লাগিল এতিয়াহে৷ বিহু-চিহু পাতি পইচা-পাতি সকলো মাৰি বজৌ মানুহটো এতিয়া পাবলৈকে নাই৷ তাৰ বিহু দলৰ কোনেও এটকাও নাপালে বোলে৷ সেইখিনিলৈকেও ঠিকে আছিল৷ বজৌৱে পইচা মাৰিলেনো কিমান মাৰিব আৰু ! এই ধৰক;চল্লিশ-পঞ্চাশ হাজাৰ ৷ বা অতি বেছি সত্তৰ ৷ কিমান কোটি-কোটি টকা ডেইলি মৰাই মাৰি আছে৷ সংস্কৃতিৰ নামত,বানপানীৰ নামত,কৃষি বিভাগৰ নামত৷ মুঠতে যিমান বিভাগ আছে,প্ৰতিটোতেই কেলেংকাৰী চলি আছে ৷ চি আই ডি,চি বি আই এইবোৰত চাকৰি কৰা মানুহবোৰেতো চাগে কেলেংকাৰীৰ প্ৰতাপত সৰু পানী,ডাঙৰ পানী চুবলৈও সময় নোপোৱা হৈছে ৷ সেইবোৰৰ তুলনাত বজৌৰ কেচটো একেবাৰেই নৰমেল কেচ ৷ নৰমেল মানে নৰমেল হৈছিলেই ৷ কথাটো মানুহবোৰে পাহৰিছিলেই ৷ এনেইও অসমীয়া মানুহে একেটা কেচতে একেৰাহে লাগি থকাৰ অভ্যাসো নাই ৷ দুদিন ৰাকেশ পাল,দুদিন নমামী,আকৌ পৰমানন্দ,সাহিত্য একাডেমী,হিন্দু বাংলাদেশী,সত্ৰ মহাসভা৷ মুঠতে দুই-তিনিদিন খুউব বেছি এক সপ্তাহত আকৌ সকলো নৰমেল হৈ যায়৷ সেই গৰম হৈ থাকোঁতেই যি দুই-এগোৰ কাৰোবাক দিলে,দিলে আৰু৷ আৰু একেটাতে লাগি থাকিবলৈ সময়ো নাই ৷ আহেই নহয় বেলেগ এটা ৷ আৰু মানুহ একেখিনিয়েই ৷ গতিকে বজৌৰ সিমান টেনছন নাছিল৷ কিন্তু সেইদিনা বজৌৰ বিহুদলৰ নাচনী এজনী বোলে সেই দলৰে এটাই পলুৱাই লৈ গ’ল৷ ছোৱালীৰ ধনী বাপেকে থানাত দিলে কেচ ৷ বজৌৰো ভাগ্য বেয়া৷ সি আগদিনা ৰাতি ঘৰলৈ আহিছিল৷ তিনিআলিৰ বগৰী গছত বান্ধি ল’ৰাবোৰে পিটন এটাও দিলে ৷ সিমানলৈকেও ঠিকেই আছিল ৷ বজৌ পিটন খোৱাৰে যোগ্য ৷ কিন্তু কথা হ’ল,বজৌৱে বিহু পাতিবলৈ নিজে নিজে গঠন কৰা বিহু কমিটিখনত উপদেষ্টা হিচাবে বোলে আমাৰ দুজনৰ নাম আছে ৷ যোৱা কালিহে ‘চ’তে গৈয়ে গৈয়ে ব’হাগে পালেহি,ফুলিলে ভেবেলি লতা’ বুলি আৰম্ভ কৰা কাগজখনৰ তলৰ ফালে দেখো- আমাৰ দুজনৰো নাম আছে ৷ উপদেষ্টা মই আৰু মুখ্য উপদেষ্টা আমাৰ অংক মাষ্টৰ যতিন ককাইদেউৰ নাম ৷ পলুৱাই নিয়া নাচনীৰ বাপেকে বোলে আমি বিহু দলত আছোঁ বুলি কোৱাৰ বাবেহে ছোৱালীক নাচিবলৈ পঠাইছিল ৷ সেয়ে এইকেইদিন অংক মাষ্টৰ যতিন ককাইদেউ আৰু মোৰ ভেবেলি লতা ফুলি আছে ৷ থানালৈ অহা-যোৱা কৰি তৎ পোৱা নাই ৷ বৰ ডেন্জাৰাছ কেৰেক্টাৰ এই বজৌটো !
☆★☆★☆