ফটাঢোল

প্ৰেমিকা, গাৰ্লফ্ৰেণ্ড আৰু ৱমেন…অ’হ আৰু ৱাইফ – বৰ্ণালী গগৈ

‘তুমি চুলি, মই কিলিপ
তুমি গাৰু, মই গিলিপ
মই তোমাক নিমখৰ সমান ভালপাওঁ’
নিমখৰ মহঙাদিনত কোনোবা প্ৰেমিকে প্ৰেমিকালৈ লিখা এই প্ৰেমপত্ৰখনি কিন্তু আজিৰ জেটযুগতো সম্পূৰ্ণ প্ৰাসঙ্গিক। আটাইতকৈ আটকীয়া বস্তুটোৰ সমানেই ভালপায় মানুহে প্ৰেমিকাক।
ইয়াত কোনো সন্দেহ নাই যে প্ৰেমিকা হোৱা বৰ সুখৰ। বিবাহিতা স্ত্ৰী হোৱাও বৰ সুখৰ,বিশেষকৈ প্ৰথম দিনবোৰত বৰ ৰোমাণ্টিক। গাৰ্লফ্ৰেণ্ডৰ পজিচন অৱশ্যে ‘ফিফটি ফিফটি’৷
কিন্তু ৱমেন !
বৰ ৰিস্কৰ কথা দেই।
কৈশোৰ আৰু যৌৱনৰ প্ৰাক্‌কালতে ছোৱালীবোৰৰ প্ৰেম হয় প্ৰকৃতিৰ নিয়ম অনুসৰিয়েই। কিছুমানৰ তাৰ আগতেও হয় আৰু কিছুমানৰ জীৱনলৈ প্ৰেম আহে তাতকৈ পিছত। প্ৰেম নুবুজাৰ বয়সতো বহুতৰ প্ৰেম হয়। তথাপিও সামগ্ৰিকভাৱে ধৰিলে কৈশোৰ-যৌৱনৰ দোমাজাতে সাধাৰণতে মানুহৰ প্ৰেম হয়।
প্ৰেমত কাৰোবাৰ মিলন হয়, কাৰোবাৰ বিচ্ছেদ। বেছিভাগ প্ৰথম প্ৰেমৰে মিলন নহয়। যাৰ হয় সেইসকল ভাগ্যৱান-ভাগ্যৱতী। কিছুমানৰ আকৌ প্ৰথম প্ৰেমৰ বিফলতাৰ পিছতহে প্ৰকৃত প্ৰেম হয়,কিন্তু প্ৰেমৰ পৰিণতিক লৈ এই লিখা নহয়, এই লিখা হ’ল প্ৰেম চলি থকা অৱস্থাৰ অৰ্থাৎ প্ৰেমাৱস্থাৰহে। সেয়াও ছোৱালী মানে কিবা বোলে নে নাৰীসকলৰ।
এয়া পৃথিৱীৰ চিৰন্তন সত্য যে প্ৰেম হোৱাৰ লগে লগে পৃথিৱী ৰঙীন হৈ পৰে। একেবোৰ কথা, একেবোৰ বস্তুৱেই নতুন ৰূপত ধৰা দিয়েহি (চকু চৰহাবোৰে সেই কাৰণেই প্ৰেমক ‘বিকাৰ’ বুলি ক’ব খোজে)। ছোৱালীবোৰো তাৰ ব্যতিক্ৰম নহয়। মন উচাতন, ক’লৈ যাওঁ, কি কৰোঁ অৱস্থা। ৰাতি টোপনি নাহে, বুকু ধপ্‌ধপায়, পেটত ভোক নাইকিয়া হয়, ঘৰতো মন নবহে, পথাৰতো (এহ ! সঁচাকৈয়ে বিকাৰেই দেই); মুঠতে প্ৰেম নামৰ এই ব্যাধি লাগিলে ৰক্ষা নাই।
জাতে-কুলে মিলিলে ভালেই, পিছে নিমিলিলে কিন্তু উত্তম-মধ্যম। কেতিয়াবা প্ৰেমিকে মাৰ খায়, কেতিয়াবা প্ৰেমিকাই। ছোৱালীৰ ককায়েক দুটামান থাকিলেতো আৰু কথাই নাই। প্ৰেমিকৰ ধুলাই নিশ্চিত। আইদেৱেও ঘৰত চৰ-থাপৰ দুটামান খাবই লগা হয়।

বাধা নাথাকিলে বিয়া হৈ যোৱাত আপত্তি নাই৷ পিছে কিনো অভিশাপ আছে প্ৰেমত, প্ৰেমৰ পথ মুঠেও সহজ নহয়। ভাগ্য সুপ্ৰসন্ন থাকিলে প্ৰেমিকা গৈ ঘৰৰ লখিমী হয়গৈ। নোহোৱাবোৰ আন কাৰোবাৰ গৃহিনী হয়গৈ। পিছে এই যে এটা পৰিণতি পোৱাৰ আগৰ যিটো অৱস্থা-প্ৰেমিকা হৈ থকাৰ এই অৱস্থাটো ছোৱালী জীৱনৰ বৰ ৰঙীন, বৰ মিঠা অধ্যায়। কত কবিতা, কত গীত, কত শ্যেৰ-শায়েৰীৰ জন্ম হৈছে প্ৰেম আৰু প্ৰেমিকাক লৈ !
‘তুমহাৰে খেয়ালোকে অঙ্গনাইও মে
মেৰে প্যাৰ কে ফুল খিলতে তো হোঙ্গে
কভি অপনী আঁখো কে কাজল সে তুমনে
মেৰা নাম লিখকে মিটায়া তো হোগা ….’
আহা হা এইয়াহে প্ৰেমিকা !
জীৱন ধন্য এনে প্ৰেমিকাৰ।
প্ৰেমিকা সপোনৰ ৰাজকুঁৱৰী।
ৰূপকথাৰ পৰী। সাধুকথাৰ অপেশ্বৰী।

মিছা নহয় যে প্ৰায়বোৰ ছোৱালীয়েই প্ৰেমিকৰ পৰা আদৰ-যত্ন, মৰম আৰু ভালপোৱা সকলো পায়। মনোযোগ আৰু উপহাৰো পায়। কেইটামান ‘খৰোস’ প্ৰেমিক – যি হাঁহি এটা উপহাৰ দিয়া আৰু মৰমত কথা এষাৰ কোৱাতো কিবা যোৱা যেন পায় (নিজৰ ফুটা কঁপালৰ কথাই কৈছোঁ আৰু), তেনে ‘অনৌখা’ দুজনমানক বাদ দি বেছিভাগ প্ৰেমিকেই নিজৰ প্ৰেমিকাক বৰ প্ৰেম কৰে। প্ৰেমিকাই হ’ল এই ভূ-ভাৰস্তত আটাইতকৈ মৰমৰ। বিহুগীতত জানো এনেয়েই গোৱা হৈছে, ‘তুমি হ’লে মৰমী মৰিব লাগিলে/মৰিশালী ৰখীয়া হ’ম’৷
(ৰ’ব, হুমুনিয়াহ এটাই বুকুখন খুন্দা মাৰি ধৰিছে)
মুঠতে প্ৰেমিকাৰ বহুত সুখ।
তাতকৈও বেছি সুখ শ্ৰীমতী হোৱাৰ।
সহধৰ্মিণী, অৰ্ধাঙ্গিনী, ভাৰ্য্যা, পৰিবাৰ হোৱাৰ।
আচলতে সুখতো সুখেই; শ্ৰীমতীৰ ‘ষ্টেটাচ’ত সুখতকৈও বেছি যিটো থাকে, সেয়া হ’ল নিৰাপত্তা। একেবাৰে ‘ছাপ’ মাৰি দিয়াৰ কথা যেতিয়া নিৰাপদতো হ’বই। ‘ৱাইফ’ বোলে, ‘মিছেচ’ বোলে (এইটো অৱশ্যে অশুদ্ধ, তেওঁ ৰাইজৰ বহুল ব্যৱহাৰলৈ চাই সন্নিৱিষ্ট কৰা হ’ল), ‘পৰিবাৰ’ বোলে যিয়েই নোবোলে, তাত ‘অফিচিয়েল-অফিচিয়েল’ গোন্ধ এটা থাকে আৰু সেইটোৱেই শ্ৰীমতীসকলৰ ‘দেমাকি’। আনকি পলাই অহাকেইজনীৰ ওপৰতো খুজি-বাঢ়ি অনাকেইগৰাকীৰ দেমাকি। হ’বই ভাই, নহ’বলৈ ‘পিছদুৱাৰে দি সোমোৱাহি নাই নহয়’৷
পৰিবাৰতো নিৰাপদেই, প্ৰেমিকাও এক সুস্থিৰ অৱস্থা। দুয়োটাতেই বিশেষ গণ্ডগোল একো নাই। গণ্ডগোল হয় ‘গাৰ্লফ্ৰেণ্ড’ ৰ ষ্টেটাচত। গাৰ্লফ্ৰেণ্ড সংজ্ঞাটোৱেই যেন অলপ টান। অলপ কঠিন। প্ৰেম-ভালপোৱাৰ লগতে ইয়াত আৰু এটা দায়িত্ব থাকে। সবৰে নাথাকে। কিছুমানৰ থাকে। দেহাটো। ‘প্ৰেমিক’ৰ পৰিৱৰ্তিত সংস্কৰণ ‘বয়ফ্ৰেণ্ডে’ প্ৰেমৰ লগতে শাৰিৰীক ঘনিষ্ঠতাও বিচাৰিব পাৰে। বেছিভাগেই বিচাৰেও। গাৰ্লফ্ৰেণ্ডবিলাক যেন প্ৰেকটিকেল। প্ৰেমিকাৰ দৰে আলসুৱা নহয়। প্ৰেমিকা যেন লনি-ধনি আৰু গাৰ্লফ্ৰেণ্ড যেন স্বাস্থ্যৱতী। যেন বোজাটো বেছিকৈ ল’ব লগা হয় বাবেই গাৰ্লফ্ৰেণ্ডবোৰ অলপ বেছি ‘টাফ’। সব প্ৰেমিকাই গাৰ্লফ্ৰেণ্ড নহয় পিছে সব গাৰ্লফ্ৰেণ্ডেই একোজনী প্ৰেমিকা।
মন কৰিবলগীয়া কথাটো হ’ল বেছিভাগ গাৰ্লফ্ৰেণ্ডেই স্বাৱলম্বী। কোনোবা কোনোবাই নিজকে এক প্ৰেমিকা বা এগৰাকী হ’বলগীয়া স্ত্ৰী হিচাপে পৰিচয় দিবলৈ সামাজিক স্বীকৃতিৰ অপেক্ষা কৰে,কোনোবা কোনোবাই তাৰ অবিহনেই সম্বন্ধ আগবঢ়াই নিয়ে। বহুত প্ৰেমিকা অবশ্যে গাৰ্লফ্ৰেণ্ডতকৈও সাহসী তথাপি প্ৰেমিকাক যেন সাহস নহ’লেও হয় আৰু গাৰ্লফ্ৰেণ্ডবোৰ সাহসী হোৱাটো ‘মাষ্ট’৷
কিছুমান গাৰ্লফ্ৰেণ্ড কলেজ-ইউনিভাৰচিটিৰ ছাত্ৰী হ’লেও বেছিভাগেই কিন্তু চাকৰি বা কাম কৰা আত্ম-নিৰ্ভৰশীল ছোৱালী। ভাল লাগে, গাৰ্লফ্ৰেণ্ডৰ ষ্টেটাচত যেন কিবা এটা ‘দম’ আছে। শিৰত সেন্দুৰ নোহোৱাকৈ, সমাজৰ সহায় নোহোৱাকৈ এটা মানুহক গাৰ ওপৰত লৈ থকাৰ দম হয়তো অকল এজনী গাৰ্লফ্ৰেণ্ডৰহে আছে।
সম্বন্ধলৈ অহাৰ পিছত গাৰ্লফ্ৰেণ্ডবোৰ পিছে গাৰ্ল হৈ নাথাকেগৈ। ছং দেখুওৱাবোৰৰ কথা কোৱা নাই, সৎ আৰু সত্যত থকাবোৰৰ কথা কৈছোঁ।
They become women.
কৰ্মসংস্থান,দায়-দায়িত্ব,অনুভূতি,শৰীৰ,নিৰাপত্তা সকলো মিলি একোগৰাকী নাৰীলৈ উত্তীৰ্ণ হয়।
বহু পুৰুষৰ সবল কান্ধ এনেকুৱা নাৰীৰ কোলাত জিৰায়। জীৱন সংগ্ৰামৰ প্ৰতিনিয়ত সংঘৰ্ষত পুৰুষৰ তাপিত সত্তা এনে এক স্নেহছায়াৰ বাবে ব্যাকুল হয়। ঘৰত বা বাহিৰত য’তেই নাপাওক, পুৰুষ সেই ছায়াত উজ্জীৱিত হয়। বেছিভাগেই ঘৰতেই পায়, কোনোবা কোনোবাই ঘৰত নাপাই বাহিৰত বিচাৰে। কোনোবাই পায়, কোনোবাই বাহিৰতো নাপায়।
প্ৰেমিকাৰ বিশেষ ঝামেলা নাই।
পৰিবাৰৰ ঝামেলা থাকক নাথাকক, দায়িত্ব আছে। বন্ধন, অনুশাসন আছে। এখন সংসাৰ, এখন গৃহস্থালি চলোৱাৰ, এটা প্ৰজন্মক আগবঢ়াই নিয়াৰ দায়িত্ব আৰু কৰ্তব্য আছে। স্বাভাৱিকতে এগৰাকী স্ত্ৰীৰ জীৱনত কষ্ট স্বীকাৰ আৰু ত্যাগ থাকেই। প্ৰায় আটাইবোৰ নাৰীয়েই এই দায়িত্ব আৰু কৰ্তব্য নিজৰ সুখ-স্বাচ্ছন্দ্যক জলাঞ্জলি দিও পালন কৰে। ক’ৰবাত এটা-দুটা পাৰিবাৰিক জীৱন অস্বাভাৱিক হয়, সেয়া ব্যতিক্ৰম বুলিয়েই ধৰিব লাগিব। ব্যতিক্ৰমটো সমাজৰ সকলো স্তৰতে থাকেই। তথাপিও শ্ৰীমতীসকল ‘লাভ’তে থাকে। মানে ‘প্ৰফিট’ত মানে কিবা বোলে নে ‘মুনাফা’ত থাকে।
প্ৰেমিকাসকলো ‘গেইন’ত থাকে।
পিছে কিয় জানো গাৰ্লফ্ৰেণ্ডবিলাক হ’লে সদায় ‘লছ’ত। সিহঁতৰ লোৱাতকৈ বেছি দিওঁতেই যায়। সিহঁততো (বেছিভাগেই) এক প্ৰকাৰে ‘আনঅফিচিয়েল’ ৱাইফেই। কিন্তু সকলো দিও বেচেৰীহঁতৰ যেন হাত খালীয়েই হৈ থাকে। চাকৰি, ঘৰ চলোৱাৰ হাজাৰটা দায়-দায়িত্ব, লোক-লৌকিকতাৰ স’তে সিহঁতে এটা এটা মানুহকো চাব লাগে। মানুহটোৰ দুখ-কষ্ট বুজাৰ পৰা, সুখে-দুখে কাষত থকাৰ লগতে আদৰ-আবদাৰবোৰো চম্ভালিব লাগে। পুৰুষ জাতিটো (সব নহয় আকৌ দেই) স্বভাৱতে কেনেকুৱা, সেয়া বখানিবৰ আৰু দুঃসাহস নকৰোঁ,প্ৰভুসকল।
আৰু যিকেইজনীৰ বয়ফ্ৰেণ্ড ‘মেৰিড মেন’ সেইকেইজনীৰ অৱস্থাতো আৰু দুখে কুলাই পাচিয়ে নধৰা।
নহ’বই বা কিয়, না ঘৰ কা না ঘাট কা, সেইকেইজনীতো পাক্কা ধোবি কা কুত্তা
তেওঁলোকৰ অৱস্থাৰ কথা ইয়াত আৰু নিলিখোঁ।
চকুৰপানী, নাকৰ পানী একাকাৰ হৈ পৰে সেইসকলৰ কথা ভাবিলে।
পিছত কেতিয়াবা সবিস্তাৰে ….
কাৰণ নাৰী জীৱনৰ সেয়াও কাহিনী।
শেহত,সৰ্ব দায়-দোষৰ মৰিষণ হওক,
সেৱাহে আৰু৷

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *