ফটাঢোল

ভূতৰ চিনেমা – মিৰাজুল ৰছিদ

সৰুৰে পৰা ভূতৰ চিনেমা চাবলৈ ভয় ৷ মেট্ৰিক পাছ কৰালৈকে ৰাতি প্ৰস্ৰাৱ কৰিব লাগিলেও লগত মা বা দেউতাক লৈ যাওঁ,কাৰণ-এই ভূত ৷ মায়ে বুজাইছিল-“তোৰ সিংহ ৰাশি৷ ভূত নাহে তোৰ ওচৰলৈ৷”
মই নাজানো-কিয় সিংহ ৰাশিৰ ল’ৰাটোৰ কলিজাখন মেকুৰীটোৰ দৰে ?
যি নহওক,ভূতৰ চিনেমা যদি কেতিয়াবা চাওঁ;এটাই কথা মনলৈ আহে “কিয় গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড দুয়ো ফুৰিবলৈ যাব বহু ভিতৰত থকা জংঘল এখনৰ মাজলৈ ? কিয় আধা ৰাস্তাতে গাড়ী বেয়া হ’ব ? কিয় দুয়ো গৈ এনেকুৱা এটা বাংলোত থাকিব য’ত কোনো মানুহ নাথাকে ?
গোটেই বাংলোটো চোৱা-চিতা কৰিবলৈ এজন চকীদাৰ থাকে,যিজনে ল’ৰা-ছোৱালীহালক আহি কয়-“বাবুজী য়াহা বহত চালো চে কোই নেহি আয়া । য়াহা পে ভূত হে৷” –“আৰে ভাই,কোনো নাহে যদি তইনো কি কৰি আছ ইয়াত? তই কৰি কি থাক এই বাংলোত অকলে? তোৰ দৰমহা দিয়ে কোনে?”
ভূতৰ চিনেমা কিছুমানত আৰু এটা দৃশ্য থাকে-সেয়া হ’ল এটা কলেজীয়া ল’ৰা-ছোৱালীৰ গোট । সিহঁত ফুৰিবলৈ যায় জংঘলৰ মাজলৈ ।
আকৌ জংঘল !! কিন্তু কিয়? বেলেগ ঠাই নাই??
এই ভূতবোৰৰ এখন লিষ্ট থাকে। ভূতে এজন এজনকৈ বাছি বাছি সিহঁতক মাৰে৷
যেনে- সকলোকে ভূতৰ ভয় দেখুৱাই থকা বন্ধুজন মৰিব,তান্ত্ৰিকজন মৰিবই মৰিব৷ ভূত বোলা একো বস্তু নাই বুলি দম্ভালি মৰা বন্ধুজনো মৰিবই খাটাং ৷ কিয়?
আৰু জমনিটো হ’ল; লগৰ এজনক ভূতে লৈ যোৱাৰ পিছতো আকৌ সেই বন্ধুৰ দলটোৱে, “হম উচে ধুন্দেংগে” বুলি সেই ঠাইতে টৰ্চ জ্বলাই বেলেগ বেলেগকৈ ভাগ হৈ লগৰটোক বিচাৰি ফুৰে৷ আৰে কিয়?
মই হ’লে লগৰ এটাক ভূতে নিয়াৰ পিছত সেই ঠাইত আৰু একমিনিটো নাথাকোঁ। লগে লগে পলাম,লাগিলে পিছত নতুন বন্ধু বনাম ৷
কিন্তু ভূতৰ চিনেমাত এনে নহয়। এটা এটাকৈ গোটেইসোপা মৰাৰ পিছত মাত্ৰ দুজনকহে ‘ৰিজেক্টেত পিছ’ বুলি ছাগে ভূতে এৰি দিয়ে৷ সেই দুজনে শেষত ভূতটোক হত্যা কৰি ঘৰলৈ উভতে ।
ভূতৰ চিনেমাত এনে এখন দৰ্জা নাথাকে যিখন জপালে ‘কেৰ্-কেৰ-কেৰ’কৈ শব্দ নোলায় ; চব মামৰে ধৰা দৰ্জা ৷ কিয়?? হিন্দী চিনেমাত আকৌ কেমেৰাটো উল্টাই দি ভিডিঅ’ কৰাটো এক নিয়ম৷ আৰে কিয়? চোফাত বহি বহি চিনেমা চাই আছোঁ,তৎক্ষণাৎ দিলে ওলোটাই। হিৰো-হিৰোইন,ঘৰ-দুৱাৰ সব ওলোটা। ‘আৰে;চোফাত মাঠাটো দি ভৰি দুখন ওপৰলৈ দি চালেহে হ’ব এতিয়া !
এইমখা জঞ্জালৰ বাবেই ভূতৰ চিনেমা নাচাওঁ । কাৰণ-ধন খৰছ কৰি ডাক্তৰৰ পৰা বেজিৰ খোঁচ খোৱা আৰু ধন খৰছ কৰি ভূতৰ চিনেমা চাই পিছত ভয়ত পেপুৱা লগা-এই দুয়োটা বস্তু মই বৰ বেয়া পাওঁ ।

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *