ফটাঢোল

নাৰদৰ বিদ্ৰোহ – জিমি শইকীয়া

:আমাৰ এই নাৰদ বোলাজনৰ কি হ’ল হে ? ব্ৰহ্মাদেৱে ফুচফুচাই প্ৰভু নাৰায়ণক সুধিলে৷
:নাজানো ব্ৰহ্মাদেৱ৷ কিবা কাট্আউট গ’ল নেকি এইজনৰ! -প্ৰভু নাৰায়ণেও মুখখন ভেঙুচাই ক’লে৷
:মুঠতে কিবা এটা ঘেটেৰ-মেটেৰ হৈছে খাটাং । বৌম বৌম৷-শিৱবাবাই লগতে ফুচফুচালে।
তেনেতে নাৰদে ক’ৰবাৰ পৰা আহি ভেঁকাহি মাৰি উঠিল৷
:আপোনালোকে কি এইখন ভেঙুচা-ভেঙুচি কৰি আছে। দৰকাৰী বিষয় গুৰুত্ব দি শুনিব। নহ’লে আপোনাসবৰ সান্দহ খোৱা বালি তল পৰিব৷ মোৰ মুখ খোল খালে স্বৰ্গৰ সব ঘেটেৰ-মেটেৰ ফাদিল কৰি দিম পৃথিৱীত। আপোনালোকে এটা শুদ্ধ ডিচিছন ল’বলৈ নিশিকিলে৷ সদায় আপোনালোকৰ কথা মতে স্বৰ্গ মৰ্ত্য কৰিছোঁ,ইজন-সিজনৰ ওচৰলৈ গৈছোঁ দেৱকাৰ্য সিদ্ধিৰ বাবে। পৃথিৱীত সেয়ে মোৰ কেৰেক্টাৰটো সবেই উপলুঙা কৰে। হাঁহে মোৰ নাম কৈ। নাৰদৰ দৰে ‘দুতলীয়া’ বুলি কয়।
:হৈছে কি তোমাৰ নাৰদ‌ ! কিনো আং বাং কথাখন বকলা মেলিছা ? মূৰত জ্বৰ উঠিছে নেকি?-সকলোৱে একেমুখে সুধিলে।
:হুহ। আপোনালোক কমটি বস্তুনে! কিমান ঠগিলে মোক! পৃথিৱীলে সব কামতে মোক পঠায়। বিহুৰ বতৰ বুলি পঠালে অসমলৈ। কি হাৰাশাস্তি হ’ল ম‌ইহে জানিছোঁ। গৈ পাইছেনে আপোনালোক কেতিয়াবা ! নিজৰ পূজাতো পৰিলেহে যায়৷ স্বাৰ্থপৰ আপোনালোক। দুৰ্নীতি-দুৰ্নীতি,স্বৰ্গতো দুৰ্নীতি৷
নাৰদে অনৰ্গল গালি পাৰি যোৱা দেখি বাকী তিনি প্ৰভুৰ মুখৰ মাত হৰিল৷ বোলে-“আউ! এজনৰ মুখত দেখোন ভাৰতৰ ভাষা৷ নিশ্চয় কিবা এটা ঘেটেৰ-মেটেৰ হৈছে৷”
ব্ৰহ্মাই বোলে: নাৰদ তুমি কেনেবাকৈ তেজপুৰৰ ফালৰ পৰা অহা নাইতো!
নাৰদৰ গাত যেন কোনোবাই চোৰাত পাতেৰেহে কোবালে। একদম জক্‌জকাই উঠিল।
:উপলুঙা নকৰিব বুইছে ! পাৰোঁতেনো আপোনাৰ পূজা নহয়নে! আপুনি বৰ আপোনপেটীয়া৷ নিজকেই নাটে আপোনাৰ। সৃষ্টিত আপোনাৰ হাত আছে বাবেই নিজৰ ভাগত চাৰিটাকৈ মূৰ ল’লে। পৃথিৱীৰ মানুহক যি এটা দিলে,তাৰো আধা খোলাকটি দিলে। মগজু দিলে এচিকুটমান৷ কৰিলেহে কৰিলে সৃষ্টি,স্বৰ্গত নাপিত এটাও নিদিলে৷ হেয়াৰষ্টাইল বুলিবলৈ কাৰোৰে নাই৷ সব আউটডেটেড হৈয়ে আছে।
:কিনো আবোল তাবোল বকিছা হে!-বিষ্ণুৱে মাত লগালে।
নাৰদে আকৌ ক’লে-“আপুনিতো মুখেৰেই নামাতিব। আপোনাৰ নাম লৈ লৈ ঘূৰি ফুৰোঁ। আপোনাক ‘ফেমাচ’ কৰি দিছোঁ। তথাপি কিডাল চিন্তা কৰিলেহে আপুনি?”-ডিঙিলৈকে উজাই অহা শোকটো হজম কৰি সোঁতকৈ নাকটো চুঁচি নাৰদে ফেঁকুৰি ফেঁকুৰি ক’লে-“আপোনালোকে মোক মৰ্ত্যলৈ পঠায়৷ বিহু বুলি পঠালে অসমলৈ৷ নাই লাইচেন্স, নাই হেলমেট ৷ নাজানে নেকি আপোনালোকে এতিয়া প্ৰশাসন কিমান কাঢ়া হয় ! যেতিয়ালৈকে মোক হেলমেট নিদিয়ে,লাইচেন্স উলিয়াই নিদিয়ে,নাযাওঁ ম‌ই মৰ্ত্যলৈ৷”
:আমাৰনো ক’ত হেলমেট আছেহে! ম‌ইতো অসুবিধাত পৰা নাই।-শিৱবাবাই নিজৰ মূৰটো চুই ক’লে৷
এটি ঈষৎ হাঁহি মাৰি নাৰদে আকৌ ক’লে-“হুহ ! আপোনাৰহে নাই।বাকীসকলৰ আছেতো।মুকুট বুলি কোৱা এইবিধেই পৃথিৱীত হেলমেট বুলি কয়৷ ভোলানাথ যে ভোলানাথেই হৈ আছে আপুনি৷ মূৰত হেলমেট নাথাকিলেও হাতত মাৰণাস্ত্ৰ লৈ ফুৰে৷ আপোনাৰ সেই ত্ৰিশূল নামৰ মাৰণাস্ত্ৰৰ বাবে সাৰি আছে৷ নাই মোৰহে৷ মূৰত নাই হেলমেট,হাতত নাই মৰণাস্ত্ৰ৷ মোক দিলে বীণা আৰু খঞ্জুৰী৷ এইকেইবিধক পাত্তাই নিদিয়ে আজিকালি৷ বিষ্ণুৰ হাতত সুদৰ্শন চক্ৰ,ইন্দ্ৰৰ হাতত ব্ৰজ আৰু বাকীসকলৰ হাতত ধনু,শেল,যাঠি আৰু ক’তযে কি! খেনোৰ আকৌ বাহন দেখিয়েই দম চুটি যায়-হাতী,সিংহ,বাঘ,বলধ৷ মোক কোনোফালেও নিদিলে আপোনালোকে৷ অন্যায় কৰিছে৷ আমৰণ অনশন কৰিম,ধৰ্ণা দিম মই৷ মোৰ দাবী নমনালৈকে পৃথিৱীলৈ নাযাওঁ ম‌ই। কোনে কিডাল কৰে ময়ো চাই ল’ম। প্ৰভু ভোলানাথ,হেলমেটটো লাগে যদি মোৰ লগত আপুনিও যোগ দিয়ক৷”
শিৱবাবাই খঙতে গৰগৰাই উঠিল-“বৌম বৌম! বৌম বৌম!!”
নাৰদে ভেঁকাহি মাৰি দিলে-“থ‌ওকহে আপোনাৰ বৌম বৌম! পাৰিলে ডাইলগটো সলাওক ৷ নহ’লে মনে মনে থাকিব। মৰ্ত্যত বৌম বৌম বুলি ক’লে ধমহকৈ ফুটা সেই ব’মডাল লৈ ফুৰা আতংকবাদী বুলি ভাবি কোনোবাদিনা আপোনাকো বিপদত পেলাব ৰ’ব৷ ময়ো নাৰয়ণ-নাৰায়ণ নক‌ওঁ আৰু৷ মৰ্ত্যত কোনোবাদিনা আঞ্চলিক ৰাজনৈতিক দলৰ নেতাৰ নাম লোৱা বুলিহে ভাবিব৷”
নাৰদৰ মোচন দেখি বাকী ভগৱানসকলৰ মুখৰ মাত হৰিল৷ এইজন পৃথিৱীলৈ গৈ গৈ ইয়াকেহে শিকিছে বুলি মূৰে কপালে হাত দি বহিল৷ এতিয়া নাৰদে হেলমেট মানে মুকুট,লাইচেন্স,মাৰণাস্ত্ৰ পাইনে নাপায় সেয়াহে নাজানো৷

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *