ফটাঢোল

ফেভিকল বনাম ফেভিকুইক – বিতুপৰ্ণা কাশ্যপ

আজিৰ পৰা চাগে প্ৰায় ১২/১৩ বছৰৰ আগৰ কথা । সেইসময়ত হাতৰ তলুৱাত ফেভিকল লগোৱাটো মোৰ বাবে এটা প্ৰিয় কাম হৈ আছিল৷
সেইদিনা ঘৰত গ্ৰহপূজা আছিল । পূজাভাগো বাৰু মোৰ বাবেই পাতিছিল । আলহী-অতিথিৰে ভৰি পৰিছিল ঘৰখন । কাষৰে খুৰা এজনৰ ছোৱালীজনীও আহিছিল ।
মই বৰ আলহ-উদহকৈ তাইক মোৰ ৰূমলৈ মাতি আনিলোঁ ।
তাইক ক’লোঁ-“ঐ,এটা মেজিক চাবা নেকি?” তাইও ধুনীয়াকৈ হয়ভৰ দি ক’লে-“উম চাম৷”
মই গৈ মনে মনে দেউতাৰ টেবুলখনৰ পৰা ফেভিকলটো বিচাৰি নোপোৱাত ফেভিকুইকটোৱেই লৈ আহিলোঁ ।
তাইক ক’লোঁ-“তুমি চকু দুটা মুদি দিয়া আৰু হাতখন আগুৱাই দিয়া৷” তাইও মোৰ কথাবোৰ মানি গ’ল৷ মই তাইৰ হাতৰ বুঢ়া আঙুলিৰ লগত সৰু আঙুলিটো ফেভিকুইকৰ সংমিশ্ৰণেৰে লগ লগাই দিলোঁ আৰু তাইক চকুটো মেলি চাবলৈ দি ক’লোঁ-“চোৱা তোমাৰ আঙুলি দুটা লগ লাগি গৈছে৷” তাইও আঙুলি দুটা চাই ভাবিছে -ইমান ধুনীয়া মেজিক দেখুৱাইছে ।
কিছু সময়ৰ পাছত যেতিয়া তাই আঙুলি দুটা এৰুৱাব খুজিলে;তাই নোৱাৰিলে৷ মই ভাবিলোঁ;মইচোন সদায় হাতৰ তলুৱাত লগাই এৰুৱাই দিওঁ৷ আজিনো কি হ’ল ! এতিয়া কাকো ক’বও নোৱাৰোঁ৷ সময়ো যিমানে গৈ আছিল মোৰো ভয় দুগুণে বাঢ়ি গৈছিল ।
তাই এসময়ত ফেঁকুৰিবলৈ ধৰিলে৷ পূজাৰ মাজতে হুলস্থুল আৰম্ভ হ’ল ।
দেউতাইও গম পালে কথাটো৷
এইফালে হাত কোমল ৷ ব্লেডেৰেও এৰুৱাই দিব নোৱাৰে আঙুলি দুটা৷ কিছুসময়ৰ পাছত যেনিবা কিবাকে এৰুৱালে আৰু আঙুলি দুটা ৷
সৌভাগ্যক্ৰমে বাচিলোঁ৷ সেয়াও ঘৰলৈ অহা পেহা-পেহী আহিছিল বাবেহে৷ নহ’লে মোৰ পিঠি আৰু দেউতাৰ হাত !!
যি কি নহওক;সেইদিনায়েই মোৰ গাৰ পৰা শনি-ৰাহু-কেতু সকলো পলাই পত্ৰং দিলে । আৰু সেইদিনাৰ পৰায়েই ফেভিকল আৰু ফেভিকুইকৰ মাজৰ পাৰ্থক্যখিনিও ভালকৈয়ে বুজিলোঁ৷

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *