মোৰ শৈশৱৰ লগৰী – ধৰিত্ৰী শৰণীয়া
আতা(ককা)মোৰ শৈশৱৰ লগৰী। মোৰ জীৱন-বাটত প্ৰভাৱ পেলোৱা এক জীৱন্ত দলিল। মই প্ৰায় দেৰ বছৰ বয়সৰ পৰা আতাহঁতৰ লগত মানে মাৰ মাকৰ ঘৰত আছিলোঁ। দেউতাৰ ভাগৰ আইতা-আতাক দেখাৰ সৌভাগ্য নহ’ল। মই বোলে সৰুতে মাৰ মাক আইতাক মা আৰু দেউতাক আতাক পিতা বুলি মাতিছিলোঁ। মোৰ শৈশৱ তেওঁলোকৰ লগতে সংপৃক্ত। বুঢ়ী আইৰ সাধুৰ প্ৰতিটো সাধুই নিৰক্ষৰ আতাৰ কণ্ঠস্থ আছিল। দুটা সাধুক লগ লগাই এটা কৰি সুন্দৰকৈ উপস্থাপন কৰিব জানিছিল তেওঁ। কথাই কথাই ফকৰা-যোজনা কোৱা আতাৰ প্ৰতিটো কথাই আছিল ৰসাল।
সৰুতে মোক পিঠিত লৈ আতাই মৰণা মাৰিছিল আৰু মৰণা মাৰি মাৰি আতাই গাইছিল এনেধৰণৰ গীত:-
“সৰু কাকা ডাঙাৰ কাকা
ডাঙাৰ বুটৰ দালি
ঘগ্ৰা পেইৰা চিকণ কইনা
কিহত বেয়া পালি?”
কেতিয়াবা আতাই কিবা কাম কৰিবলৈ দিয়ে, আৰু ইপিনে মই দেউ দি দি না কৰোঁ ৷ আতাৰ লগে লগে আৰম্ভ হয়,
“নেওঁ নেওঁ নেওঁ উতিয়েনিক নেওঁ
উতিয়েতিক এৰি কিনে ধদুৱেনিক নেওঁ।”
আতাৰ কঁকালত সদায় এখন সৰু গামোচা থাকে। তাত তামোল-পাণ,বিড়ি,দিয়াশলাই এটা আৰু চূণৰ টেমা এটা থাকে। আতাৰ ভাষাত সেইখনৰ নাম টঙলি(টঙালি চাগে)। এই টঙালিখনৰ প্ৰতি মোৰ দুৰ্বাৰ আকৰ্ষণ। আতাৰ লগত খোৱা খুন্দা তামোলৰ সোৱাদেই আছিল হয়তো মূল কাৰণ। আতাই জ্বলাবলৈ দিয়া বিড়িটোতো মাজে মাজে টান দিছিলোঁ মই।
কেতিয়াবা আতাৰ টঙলি উদং হয়,তেতিয়া মই যদি আতাক তামোল খুজোঁ,লগে লগে আৰম্ভ কৰি দিয়ে।
“এ আই তোৰ মূখ খেকখেক
মোৰ মূখ বাহি
তোৰ মূখখান দেখা পালি
মোৰ উঠে হাঁহি।”
আৰু নহ’লে ক’ব এইদৰে,
“বৰ বৰ ঘোঁৰাই নাপায় ঘাঁহ
বটুৱা ঘোঁৰাই খোজে মাহ”
এয়াই মোৰ আতা! ঢুকাল। মোৰ পৃথিৱীখনৰ এটা অংশ নোহোৱা হ’ল। দেউতাৰ মৰম মই তেওঁৰ পৰাই পাইছিলোঁ। বাঁকৰ কাহিনী,জয়াল ঠাইৰ কাহিনী আতাৰ নখদৰ্পণত আছিল। সঁচা কাহিনী আছিল নে আমাক ভয় খুৱাবলৈহে কৈছিল সেয়া হ’লে নাজানিলোঁ।
☆★☆★☆