সূত্ৰপাত – বিকাশ শইকীয়া
আমি সকলোৱে জানোঁ,আমাৰ নগেন এজন জাতীয়তাবাদী নেতা। তেওঁ কোনো মতে মেট্ৰিকটো পাছ কৰি আৰু আগবাঢ়িব নোৱাৰিলে। গাওঁ-অঞ্চলৰ বিয়া সকামত মনোনিৱেশ কৰি এজন সুদক্ষ ‘বিয়া-সকাম খোৱা যুৱক’ হিচাপে বহু আগতেই খ্যাতি অৰ্জন কৰি থৈছে। বিয়া-সকাম খোৱাৰ যদি কিবা বঁটা এটা থাকিলহেঁতেন!অৱশ্যে জাতীয়তাবাদ তেওঁ কৰিহে আছে। এতিয়াও নেতা হ’ব পৰা নাই। চৰকাৰে মাজুলী ৰক্ষা কৰিবলৈ চেষ্টা কৰি থকাৰ দৰে নগেনেও নেতা হ’বলৈ চেষ্টা কৰি আছে। হ’ব নে নহ’ব-সেইয়া সময়হে ক’ব৷
সুৰা-বহিষ্কাৰৰ বাবে মাত মাতি সমাজ-সচেতন লোক হিচাপেও নগেন চিহ্নিত হৈছে৷ সকলোৱে ভাল পাবই দিয়কচোন সুৰাৰ বিপৰীতে মাত মাতিলে। তাতে নদী বান্ধৰ বিৰোধিতা কৰি সাধাৰণ শ্ৰেণীৰ লোকৰ অন্তৰত সোমাই পৰা এটা সুন্দৰ কৌশল তেওঁ নিজে আৱিষ্কাৰ কৰি লৈছে। সেইফালৰ পৰা তেওঁক এজন আৱিষ্কাৰক নুবুলি কেনেকৈ পাৰে ! তাতে বৰ্তমান ছ’ছিয়েল মিডিয়াত বক্তব্য দাঙি ধৰিবলৈ আৰু ভাল ! শুনা মানুহৰ প্ৰয়োজনেই নাই৷ চৰকাৰ-বিৰোধী কিবা এটা লিখি তলত “জয় আই অসম” বুলি দি দিলেই কাম শেষ। বিদ্ৰোহী নেতা বা কলাগুৰুৰ ভ্ৰাতৃ বুলি নিজকে ভাবি লব পাৰি। নগেনো পিছ পৰি থকা ভকত নেকি? সি তাকে কৰি আছে ৷
দুদিন মান তাৰ টোপনি নাই ৷ চৰকাৰ বিৰোধী একো কাম হাতত ল’ব পৰা নাই৷ ৰাইজে পাহৰি যাব নেকি বাৰু তাক। তেনেহ’লে ভৱিষ্যতে ৰাজনৈতিক নেতা কেনেকৈ হ’ব ! মনৰ বেজাৰত সন্ধ্যা চাইকেলখন লৈ ওলাল অকণ ফুৰি আহোঁ বুলি। তিনি আলিৰ মূৰত দোকানবোৰ বাঢ়ি অহিছে। সন্ধ্যা টিপ চাকি জ্বলোৱা এখন দোকানো হৈছে। দিনত বন্ধ থাকে। ইমানকেইদিন টোপনি নাই ! সেয়েহে আজি নগেন তাতে সোমোৱাৰ কথা ভাবিলে। ডিঙিটো তিয়াই গ’লে টোপনি আহে ভালকৈ। যদিও সুৰাৰ বিৰুদ্ধে মাত মাতিছে, এই দোকানখনৰ বিৰুদ্ধে মাত মাতিলে হিতে বিপৰীত হ’ব। কিছুদিনৰ আগতে কৰা হাঁহচুৰি,কঁঠাল-চুৰিৰ কাহিনীসোপাই ফাদিল হ’ব। বগলী ভকত উপাধি পোৱাৰ ভয়ত একো মাত নামাতে। বৰং দিনত সুৰাৰ বিপৰীতে সংবাদ মেলত ভাষণ দি সন্ধ্যা এটুপি তাতে ধৰিহে আহে।
অকণমান বলিয়া পানী খাই নগেন অধিক বিদ্ৰোহী হৈ পৰিল। “চাল্লা,মেট্ৰিক পাছ কৰি বেকাৰ হৈ আছোঁ। লগৰ খগেন মেট্ৰিক ফেল কৰিও আৰ্মিত সোমাল। ৰমেনে পাচলিৰ দোকান দিও বিয়া পাতিলে, ল’ৰা-ছোৱালীৰ বাপেক হ’ল। মই মেট্ৰিক পাছ কৰিলোঁ। মই কি এটা নেতা হ’ব নোৱাৰিম। নেতা হ’ম। ডাঙৰ ঘৰ বনাম, বিদেশ ভ্ৰমণ কৰিম, সকলোৱে মোক দেখিলে সেৱা জনাব লাগিব এদিন৷”
ঘৰত ঢাকোনৰ ভাত খাই নগেন শুবলৈ গ’ল৷ আজি টোপনিটো ভালকৈ আহিব। তাৰ আগতে ছ’ছিয়েল মিডিয়াত কিবা বিতৰ্ক হৈছে নেকি, চাই লওঁ বুলি ম’বাইলটো উলিয়াই লৈ দেখে যে-চাৰ্জ নাই।সেয়ে সি ম’বাইলটো চাৰ্জত লগাই শুই পৰিল। পিছদিনা দেখে- দহ শতাংশৰ চাৰ্জৰ পৰা গৈ এতিয়া পাঁচ শতাংশহে আছে। সি ভাবিলে- কালি মই শোৱাৰ পিছত কাৰেণ্ট নাছিল। অকৰ্মণ্য বিদ্যুৎ বিভাগ ! গতিকে চৰকাৰ-বিৰোধী এটা নতুন আন্দোলন ইয়াৰ পৰাই গঢ়া হওক৷
বিদ্যুৎ বিভাগৰ বিৰুদ্ধে এটা টোকা তলত “জয় আই অসম” লিখি লগে লগে ছ’ছিয়েল মিডিয়াত দি দিলে। ম’বাইলটো পুনৰ চাৰ্জত লগাই তাৰপিছত নগেন আঁতৰি গ’ল। দুদিনমান ছ’ছিয়েল মিডিয়াত কোনো বিতৰ্ক নাছিল। বিতৰ্ক-প্ৰেমীসকলৰ বাবে যেন এইয়া এক নতুন খাদ্যহে আহি পৰিল। নেতা হ’ব বিচাৰি থকা বিভিন্নজনে নগেনৰ প’ষ্টটো শ্বেয়াৰ কৰিলে,মন্তব্য দিলে। লগে লগে প’ষ্টটো ভাইৰেল হৈ পৰিল। দুজনমানে বিদ্যুৎ বিভাগৰ প্ৰতিকৃতি দাহ কৰিলে। ক’ৰবাত পথ-অৱৰোধ কৰি থাকোঁতে পুলিচৰ লাঠিত কোনোবাই আগ দাঁত দুটা হেৰুৱালে। তেওঁক যদি কোনোবাই এতিয়া সোধে, ‘আগ-দাঁত দুটা কি হ’ল’ বুলি, তেওঁ তেতিয়া কয়-“আমি ডেকা কালত দাঁতেৰে নাৰিকল গুচাই খাওঁ। এবাৰ এজনৰ লগত কম্পিটিচন লাগি সাতটা নাৰিকলৰ বাকলি গুচাই দাঁতেৰে ভাঙি খাইছিলোঁ। আঠ নম্বৰটো ভাঙোতেই এনে হ’ল৷”
সিপিনে নগেনে চাহ-জলপান খাই আহি ম’বাইলৰ চাৰ্জ কিমান শতাংশ হ’ল বুলি চাওঁতে দেখিলে-চাৰ্জ হোৱাই নাই। কি হ’ল বুলি ভালদৰে পুনৰ চোৱাত দেখিলে,আচলতে কালি কাৰেণ্ট যোৱা নাছিল৷ সি ম’বাইলটো চাৰ্জত লগালে সঁচা, কিন্তু বলিয়া পানীৰ নিচাত চুইচটো দিব পাহৰিলে৷
☆★☆★☆