ফটাঢোল

বিহুৰ বিষয়ে এখন ৰচনা (২০৫০ চন) – ভাষ্কৰজ্যোতি দাস

আমাৰ নেছন ইণ্ডিয়াৰ পূব ডাইৰেক্সনত চান-ৰাইজ হোৱা দেশ বুলি ককাহঁতে কোৱা এচেম নামৰ ষ্টেট এখন আছিল৷ ইয়াৰ মানুহবিলাকে যিকোনো কাম কৰিমলৈ চেম ফিল কৰাৰ বাবে এই ষ্টেটখনৰ নাম এচেম আছিল৷ এইখন ষ্টেটত আগতে বিহু নামৰ এটা চিজনেল ফেষ্টিভেল চলিছিল৷ এই এচেম নামৰ ষ্টেটখনত আগতে বিভিন্ন কাষ্ট, এথনিক গ্ৰুপ এক হৈ এই বিহুটো চেলিব্ৰেট কৰিছিল বুলি ককাহঁতৰ সময়ত চলা নিউজ পেপাৰৰ পৰা আমি জানিছোঁ৷ এই বিহুক অসমীয়াৰ বাপতি-সাহোন বুলি কৈছিল যদিও ইয়াৰ মিনিং এংল’ এছামিজ অক্সফ’ৰ্ড ডিক্সনেৰীত নাই৷
ফাৰ্ষ্ট বিহুটো ৰঙগালী বিহু আছিল ৷ এই বিহুত ৰংগ’লী অঁকা হৈছিল বাবে নাম ৰঙগালী আছিল৷ ৰঙগালী বিহুত মানুহে এমেজন, স্নেপডিল ইত্যাদিবোৰত শ্বপিং কৰিছিল৷ আগতে তাঁত বোলা মেচিন এটাত ক্লথ ৱেইভিং চলিছিল বুলি জনা যায় যদিও পাছলৈ অসমীয়াই ৰঙগালী বিহুত লেগিন্স,কুৰ্টী ইত্যাদিবোৰ অনলাইনতে পাৰচেজ কৰিছিল৷ এই বিহুটোত পূৰ্বে SHGয়ে বনোৱা পিঠা নামৰ এবিধ বিশেষ ডিশ্চ মানুহে খাইছিল৷ পাছলৈ এই SHGবোৰে বন্ধন গোটৰ ল’ন পোৱাৰ পাছত সেই টকাৰে মেম্বাৰবোৰে পুতেক-জীয়েকক বাইক-স্কুটী কিনি দিয়াৰেপৰা এই পিঠা বনোৱাটো বন্ধ হয় ৷ পিছে এখিনি মাৰোৱাৰী মানুহে এতিয়াও ইয়াৰ বিজনেছ কৰি পিঠা ট্ৰেডিছন জীয়াই ৰাখিছে৷ ফাৰডাৰ,সেইদিনা এশ এটা ভেজ খোৱা হৈছিল যদিও পাছলৈ পটঞ্জলীয়ে তেজপুৰ প্লাণ্টৰ পৰা এনে কেপচুল প্ৰডাক্ট কৰিছিল য’ত এশ এবিধ ভেজ আছিল৷ এতিয়া এশ এবিধ মিক্স ভেজ প্ৰডাক্টৰ চেইন বিজনেছ গোটেই এছিয়াতে ছাকছেচফুলি চলি আছে৷
ৰংগালী বিহুৰ মেইন দিনটোৰ আগদিনা গৰু বিহু বুলি এটা ফেষ্টিভেল হৈছিল আৰু মানুহবোৰে গৰু নামৰ এনিমেলটো ভাড়াত আনি গা ধুৱাইছিল৷ বিভিন্ন ভিজিটেবুল ইহঁতক খাবলৈ দিছিল যাতে ডেইলি ঘৰত গাখীৰ দি যোৱা বেপাৰীজনৰ পৰা পিওৰ গাখীৰ পায়৷ পাছলৈ এনিমেলটো ভাড়াত নোপোৱাত ট্ৰেক্টৰক নতুন ইঞ্জিন অইল খুৱাই ধুউৱা হ’ল৷ এতিয়া এই ট্ৰেক্টৰ ধোৱা ট্ৰেডিচনটো মেট্ৰ’ৰ বিহুমঞ্চবোৰতহে দেখা যায়৷ এই বিহুক আজিকালি ট্ৰেক্টৰ বিহু বুলি জনা যায়৷
ৰংগালী বিহুটো ৰংগালী নামৰ এচামিজ মাহ এটাৰ পৰা অহা বুলি বহুতে কয়৷ এই বিহুটোত বোৱাৰী বিহু, গাভৰু বিহু ইত্যাদি কিছুমান চাব-বিহু আছিল৷ ৰংগালী বিহুৰ মেইন দিনটোৰ পাছতে গুখাই বিহু নামৰ এটা বিহু আছিল৷ কিন্তু শুনিবলৈ বেয়া বাবে এই বিহুটো মানুহে বেয়া পাই এৰি দিলে৷ বোৱাৰী বিহুটো আজিকালি ভাদ মাহত নামঘৰতহে পোৱা যায় ৷ শাহুৱেকবোৰ নামঘৰত একলগ হৈ নিজৰ বোৱাৰীবোৰৰ বদনাম গাই এইটো বিহু পালন কৰে৷
ছেকেণ্ড বিহুটোক ভৌগালি বিহু বুলি জনা গৈছিল৷ এই বিহুটোত আচাম ট্ৰেক্টৰ বহুত বিক্ৰী হৈছিল বাবে ইয়াক হাফ-ট্ৰেক্টৰ বিহু বুলিও জনা গৈছিল৷ এইবিধ ট্ৰেক্টৰক আগতে গাহৈ বুলি কোৱা গৈছিল যদিও আজিকালি পৰ্ক বা পৰ্কী বুলিহে জনা যায়৷ এই বিহুটো থাৰ্টি ফাৰ্ষ্টৰ ঠিক পাছতে হোৱাৰ বাবে ইয়াতো ফিছ,পৰ্কীৰ উপৰিও বগা আৰু লালৰ পাৰ্টী হৈছিল৷ বজাৰৰ পৰা নতুন চাউলৰ পেকেট কিনি আনি পাকঘৰত ভৰোৱাৰ সময়ত বাংলাদেশী লেবাৰবোৰৰ ভাগৰ লগাৰ বাবেই ইয়াৰ নাম ভোগালী হ’ল বুলি বহুতে ভাবে৷ এই বিহুত অ’ভাৰনাইট কেম্পফায়াৰ, ডাইন-ৱাইন হৈ পুৱা ৰসৰাজ চুইটচৰ দৈৰে চেপেটা ৰাইচ খোৱা হৈছিল৷
থাৰ্ড বিহুটোক কঙালী বুলি জনা যায়৷ অসমীয়া মানুহবোৰ তেনেই এলেহুৱা আৰু কংগাল আছিল বাবে এই বিহুটো পতা হৈছিল৷ বাহিৰৰ দেশৰপৰা অহা লোকেৰে ৰাইচৰ খেতি কৰাৰ পাছত ৰাইচৰ প্ৰটেকচনৰ বাবে প্ৰে কৰা হৈছিল৷ এই প্ৰেয়াৰবোৰ কৰাৰ পাছতে বাকী বিহুৰ দৰে ৱাইন-ডাইনৰ পাৰ্টী কৰা হৈছিল আৰু ফাংছন পাতি এই বিহুটো চেলিব্ৰেট কৰা হৈছিল৷
গৌহাটীৰ ষ্টেট মিউজিয়ামৰ গুদামত এই বিহুবোৰত ইউজ হোৱা কিছুমান মেটেৰিয়েল এতিয়াও পৰি আছে৷ এন্ট্ৰি ফিজ দি মঁকৰাজাল আঁতৰাই টৰ্চ এটা লৈ এইবোৰ মানুহে চাব পাৰিব৷

☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *