ফটাঢোল

বেপাৰী – প্ৰণৱ সিংহ

উৰুকাৰ দিনা বজাৰত ভাল দাম পাম বুলি সৰিয়হৰ তেল আৰু দৈৰ টেকেলি কেইটামান নিছিলোঁ । গাড়ীৰ পৰা নমাবলৈ লওঁতেই গ্ৰাহকে হেতা-ওপৰা লগালেহি৷ খালী বটলতেই সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে কৰা তেল আছিল ৷ সামান্য ভয় আছিল;জানোচা লেবেল আৰু ভাল পেকেটিং নোহোৱাৰ বাবে কোনেও সেইখিনি নলয়৷ কিন্তু তেলখিনি ভবাতকৈ সোনকালে আৰু ভাল দামতেই বিক্ৰী হ’ল৷ পঁচিশটা টেকেলিৰ দৈয়ো গ্ৰাহকে উচিত মূল্যতেই কিনিলে ৷ দৈ আৰু তেল বিক্ৰী কৰি আনদিনাৰ দৰে বজাৰখন অলপ ঘূৰাৰ মানসেৰে দোকানসমূহত চকু ফুৰাই গ’লোঁ ৷ অলপ দূৰত কলগেট বিক্ৰী কৰি থকা অস্থায়ী দোকানখনে মনোযোগ আকৰ্ষণ কৰিলে ৷ ডাঙৰ বেনাৰ এখনত লিখা আছিল “হসতে ৰহো,হসাতে ৰহো !” দুই-তিনিজনে ইতিমধ্যে ভিৰ কৰি আছিলেই ৷ খুউব সুন্দৰভাৱে সজাইছে ৷ চাৰিওফালে চাৰিখন বেনাৰ-যাতে বহু দূৰৰ পৰা দেখা যায়৷ কলগেটৰ ৰঙীন পেকেট এটা ল’লোঁ ৷ এজনী হাঁহি থকা সুন্দৰীৰ ফটো ৷ পেকেজিং ধুনীয়া৷ কলগেটৰ লগত এডাল ব্ৰাছ ফ্ৰি ৷ বিক্ৰীৰ কি সুন্দৰ কৌশল ! দুই-এজনে ক্ৰয় কৰিছেই ৷ ল’ৰা এজনে মাইক্ৰফোনত অনৰ্গলভাৱে কৈ আছে “আহক ৰাইজ,আমাৰ এই কলগেট ব্যৱহাৰ কৰক৷ দাঁত চাফা হ’ব,পৰিষ্কাৰ হ’ব,লেতেৰা নহয়,বগা হ’ব,ধুনীয়া হ’ব,চকচকীয়া হব!” পেকেটটো চাই ইমান মন্ত্ৰমুগ্ধ হৈ আছিলোঁ যে তাৰ কথাখিনিত গুৰত্বই দিয়া নাছিলোঁ ৷ ল’ৰাজনে তেতিয়াও কৈ আছিল ৷ শেষৰ কথাখিনি শুনি তাক ইংগিতেৰে ৰ’বলৈ ক’লোঁ । কাষ চাপি আহি সুধিলে-“দাদা,কেইটা ল’ব কলগেট ?” “কলগেট ল’ম বাৰু । কথাখিনি আকৌ এবাৰ কোৱা চোন৷”-মই ক’লোঁ৷
“আহক ৰাইজ, আমাৰ এই কলগেট ব্যৱহাৰ কৰক ৷ দাঁত চাফা হ’ব,পৰিষ্কাৰ হ’ব,লেতেৰা নহয়,বগা হ’ব,ধুনীয়া হ’ব,চক্‌চকীয়া হ’ব ৷”
উঠিল খং । মানুহক ঠগিবলৈ আহিছ ! ঘূৰাই-পকাই একেটা কথাকে কৈ বুৰ্বক বনাবলৈ আহিছ ? দুই-তিনিজনেও কথাটো ধৰিব পাৰি ল’ৰাজনক মাৰিবলৈ উদ্যত হ’ল । ল’ৰাজনে হাতযোৰ কৰি কলে “দাদা, বেপাৰ আমাৰ ৷ আমি ক’বই লাগিব ৷ নহ’লে ঘৰ নচলে৷” ভিৰৰ মাজৰ পৰাই এজনে ক’লে-“তহঁতক আমাৰ ইয়াত বেপাৰ কৰিবলৈ দিয়াটোৱেই ভুল৷” ল’ৰাজনৰ মুখত এটা বেঁকা হাঁহি দেখা গ’ল ৷  “দাদা আমি সৰু মানুহটো ! আমাক মাৰিবলৈ খেদি আহিব পাৰে৷ ডাঙৰ ডাঙৰ মানুহবোৰে নিন্দা,ভৎসৰ্ণা,গৰিহণা,সমালোচনা কৰিয়েই দেশ চলাই আছে ! তেওঁলোকক একো কৰিব নোৱাৰে৷ আমি সৰু মানুহটো,আমাক বেপাৰ কৰিবলৈয়ো নিদিয়ে?”
ল’ৰাজনৰ প্ৰশ্নত গাটো জিকাৰ খাই গ’ল । দুই-একৰ মুখলৈ চালোঁ । কাৰো মুখত মাত নাই । যিমান সোনকালে কাষ চাপিছিল দোকানখনৰ;তাতকৈয়ো সোনকালে আঁতৰ হ’ল সকলো,দোকানখনৰ সন্মুখৰ পৰা ।

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *