ফটাঢোল

চেনেহৰ অসম বন্ধ – প্ৰদীপ বৰা

অতি চেনেহৰ,অতি আদৰৰ,অতি সাদৰৰ,অতি মৰমৰ, আমাৰ হিয়াৰ আমঠু, আমাৰ প্ৰাণৰো প্ৰাণৰ, অসমীয়া জাতিৰ বুকুৰ আপোণ,অসম বন্ধ  ৷ তোমাক আমি প্ৰাণতকৈও বেছি ভাল পাওঁ ৷ তুমি ঘনাই ঘনাই আমাৰ মাজলৈ আহি থাকিবা ৷ আমাক পাহৰি নাযাবা ৷ তোমাৰ দীৰ্ঘায়ু কামনা কৰি আমি এভাগ যজ্ঞ পতাৰ কথা চিন্তা কৰি আছোঁ ৷ তুমি যেতিয়া আহা তেতিয়া আমাৰ গাৱঁৰ চৰকাৰী স্কুলবিলাক বন্ধ হৈ যায় ৷ গাঁৱৰ চৰকাৰী স্কুলৰ ল’ৰা-ছোৱালী শিক্ষা-গ্ৰহণৰ পৰা বঞ্চিত হ’লেই যেনিবা,আমাৰনো কি দাইল গেলিল ? আমাৰ দুটাই নামজ্বলা বেচৰকাৰী বিদ্যালয় কেম্পাচত হোষ্টেলত থাকি পঢ়ে ৷ সিহঁতে অসম বন্ধনো কি-পাদেই নে সুহুৰিয়েই একো গমেই নাপায় ৷ আমাৰ সিহঁতে শিক্ষান্ত পৰীক্ষাত ৯৫ ৰ পৰা ৯৮% নম্বৰ লাভ কৰি বিয়াগোম হাকিম মুঞ্চিফ হ’ব,অফিচাৰ হ’ব ৷ অসম বন্ধৰ কবলত পৰাসকলে দাঁত নিকটাই থাকিব ৷ এক প্ৰকাৰে এইটো বৰ ভাল কাম ৷ মানে মৰমৰ অসম বন্ধটো অতি ভাল কাম ৷ গাঁৱৰ চৰকাৰী বিদ্যালয়ৰ ল’ৰা-ছোৱালীবিলাকে পঢ়ি-শুনি ডাঙৰ মানুহ হৈ চাকৰি-তাকৰি কৰিলে আমি দিন-হাজিৰা কৰা মানুহ এটা দৰবত দিবলৈও বিচাৰি নাপাম ৷ মৰমৰ অসম বন্ধ, তুমি কিন্তু আমাক পাহৰি গ’লে তোমাৰ ওপৰত অগ্নিশৰ্মা হৈ তোমাক ভষ্মীভূত কৰি পেলাম ৷

আমাৰ আকৌ ‘বচ’ৰ বৰ তাণ্ডব ৷ চিধাচিধি ‘চি এল’ ৷ চিনি পোৱা নাই বচ তুমি আমাক ! অপৰাজিতা ছিৰিয়েলত পদ্মক যেনেকৈ জেলৰ ভাত খুৱাইছিল বৌৱেকে,তোমাৰো আৰু ফচিবলৈ বেচি দিন নাই৷ আমি জাল গুঁঠি আছোঁ ৷ অসম-হিতৈষী হাজাৰ-হাজাৰ সংগঠনৰ হিয়াৰ আমঠু এই পৰম পৱিত্ৰ অসম-বন্ধক তেওঁ উপেক্ষা কৰে ! আমাৰ চিৰ চেনেহী অসম বন্ধ,তুমি অহা দিনা আমি স্কুল-কলেজ,কৰ্ট-কাছাৰী অফিচ-চফিচ যাবলৈ নাই ৷ আমি এমাহত দহ টকীয়া হিচাবত এবস্তামান ধন দৰমহা হিচাবে পাওঁ ৷ মৰমৰ অসমবন্ধ,তোমাক মানিলেও মাহেকত সেই এবস্তা দৰমহা পাম আৰু নামানিলেও সেই এবস্তা ধন দৰমহা পাম ৷ কাৰো পকেটৰ নাযায়,কাৰো পৈত্ৰিক সম্পত্তি নহয় এই দৰমহাৰ টকাগাল ৷ অতি আদৰৰ অসম বন্ধ, তুমি আহিলে হাজিৰা কৰা মানুহবোৰে আৰু সৰু-সৰু ব্যৱসায়ীবিলাকে বৰ বেয়া পায় জানা ৷ সিহঁতে হেনো এদিন হাজিৰা নকৰিলেই বোলে লঘোনত থাকে ৷ হেৰৌ,তহঁতে অসম-বন্ধক শাও-সপনি দিয়াতকৈ,লঘোনত থকাতকৈ মোৰ ওচৰলৈ আহিবি৷ মই দিম নহয় তহঁতৰ পেট পূৰাই ৷ যেনিবা তাৰ বিনিময়ত তঁহতৰ কিবা এটা সম্পত্তি কমিলেই,তাতেনো কি বৰ-নগৰত জগৰ লাগিল ৷ বুইছা অসম বন্ধ,তুমি ভয় নকৰিবা ৷ তুমি সুজলা সুফলা শস্য-শ্যামলা চিৰ চেনেহী অসম ভূমিলৈ নানা ৰূপত নানা নামেৰে আহি থাকিবা ৷ টোকোনাবিলাকে শাও-শপনি দি তোমাৰ নোম এডালো লৰাব নোৱাৰে বুইছা ৷ আৰু শগুনৰ শাওত বুঢ়া গৰু নমৰেতো৷ তুমি আহিলে আমি চাৰিজন গোটখাই “ছিঃ পানী” বা “ফূৰ্টি-পানী” খাই খাই ১৬ৰ পৰা ২৮লৈকে নেওতাখন গাই থাকিব পাৰিম ৷ মুঠতে যিকোনো প্ৰকাৰৰ মস্তি কৰিব পাৰিম৷ পুনৰ টানি অনুৰোধ জনালোঁ-অন্ততঃ সপ্তাহত এদিনকৈ হ’লেও তুমি আহি থাকিবা ৷

পুনৰ আন্তৰিক শ্ৰদ্ধা আৰু ভক্তি জনাই আজিলৈ সামৰিলোঁ ৷ ইতি ৷

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *