ফটাঢোল

বাখৰ আৰু লিলিপেহী – মানসী বৰা

বাপেকৰ চুলি পকি যোৱাকৈ দুই-তিনিবছৰমান কুটুৰি কুটুৰি বাখৰে বাইক এখন সৰকালে৷ স্পর্টচ বাইক৷ পিছফালটো সাইলাখ উটৰ দৰে,ওখ৷ মানুহে সুধিলে সি কয়-“পঞ্চাছ-ষাঠিমানত চলোৱা বাইকেই নহয় সেইখন৷ কম বেগত চলালে কঁপে৷ সেয়ে এশত চলাবই লাগে৷”
তীব্র শব্দ কৰিবলৈ সেইখনতে সি একষ্ট্রা চাইলেন্সাৰো লগাই ল’লে৷ যাতে সেইখনৰে অলপ ষ্টাইলো দিব পাৰে ৷ বিকট শব্দৰে বাইকখনৰ বেগ তীব্র হৈ উঠে। সেইটো বেগত তাৰ পিছত কোনো বহিবলৈ সাহ নকৰে ৷ এক কিলোমিটাৰ আঁতৰৰ পৰা শুনা ভট-ভটনিতেই জনা যায় যে সেইখন বাখৰৰ বাইক৷

তিনিআলিটোৰ পৰা বাখৰহঁতৰ গাঁৱলৈ পাঁচ কিলোমিটাৰৰ বাট৷ অট’ৰিক্সাৰ ব্যৱস্থা আছে৷ পিছে ত্ৰিশ টকা দিব লাগে ৷ চহৰৰ অফিচ এটাত সৰু চাকৰি কৰা লিলিপেহী,বাখৰৰ গাঁৱৰে ৷ টকা ত্ৰিশটা খৰচ কৰিবলৈ বেয়া পাই পেহীয়ে বাছৰ পৰা নামিয়েই তিনিআলিৰ মূৰৰ দোকানখনৰ সমুখতে পৰ দি থাকে । কোনোবা মটৰ বাইকৱালাৰ পিছত ওলমি আহিবলৈ পালে পইচাটো বাচে । সেয়ে চিনাকি অচিনাকি নাই, যাকেই পাই তাৰ লগতে পেহী উঠি আহে । তথাপিতো অট’ৰিক্সা নলয় ।
বাখৰে মটৰ বাইক কিনাৰ পৰা তাক দেখিলেই পেহীয়ে ডিঙিৰ সিৰ ফুলি যোৱাকৈ চিঞৰে-
“ঐ মোকো লৈ যা৷”
-বাখৰে নুশুনাৰ ভেশচন ধৰে ।
বাখৰে ভেশচন ধৰাৰ কাৰণ দুটা ।প্রথম কাৰণটো হ’ল-লিলিপেহীৰ দৰে বয়সীয়াল মহিলাগৰাকীক বাইকত উঠালে তাৰ ষ্টাইল নষ্ট হয় । দ্বিতীয় কাৰণটো হ’ল, তাৰ বাইকৰ বেগৰ লগত লিলিপেহী তিষ্ঠি থাকিব নোৱাৰিব ।সি জানে লিলিপেহীৰ বয়স হৈছে । অৱসৰ ল’বলৈ মাথোঁ কেইটামান বছৰহে বাকী ।

পিছে বাখৰে নিবিচাৰিলেও সেই দিনটো আহিল৷ তিনিআলিৰ দোকানখনৰ পৰা শিখৰ এপেকেট লৈ এদিন ওলাই আহোতেই লিলিপেহীয়ে পিছফালৰ পৰা বাখৰৰ টি-চার্টটোত থাপ মাৰি ধৰিলে৷

“ঐ তই যে আজিকালি মাতিলেও নুশুনাৰ ভাও ধৰ ?”
“কেতিয়া ?”-বাখৰৰ চুটি উত্তৰ।
“কেইবাদিনো চিঞৰিছোঁ মই । মোক লৈ যা বুলি ।তইহে নুশুনাকে যাৱ ।জীয়ৰী ছোৱালী এজনী হোৱা হ’লে ৰখালিহেঁতেন৷ হেৰৌ,তহঁতি কালিৰ ল’ৰা,চকুৰ আগতে ডাঙৰ হৈছ৷ এতিয়া দেখিলেও নেদেখাৰ ভাও ধৰিব পৰা হ’লিহঁকনে ?”
বাখৰ নিমাত ।
“মোক লৈ যা এইকণ বাট ।নামঘৰৰ ওচৰত নমাই দিবি ।”

লিলিপেহীৰ কাঢ়া নির্দেশ আমান্য নকৰি কিছু সময় টলকা মাৰি বাখৰে বোলে-
“উঠক আৰু আপুনি যাব বিচাৰিছে যদি।”
লিলিপেহীও ততাতৈয়াকে উঠিবলৈ লৈ বোলে
“তোৰ ইয়াত ধৰি যাবলৈ হেন্দোল-ফেন্দোল একো নাই নেকি হে ?”
“নাই । মোকেই ভালকৈ ধৰি ল’ব৷”
কথাটো কৈ বাখৰ বাইকত উঠিল । পিন্ধি থকা মেখেলাখন সামান্য কোঁচাই লিলিপেহীও একেবাৰে জাঁপ মাৰি বাইকত উঠিল।এতিয়া লিলিপেহী বাখৰতকৈও ওখ হৈ পৰিল ।এহাতে হেণ্ড বেগটো আৰু আনখনৰে বাখৰৰ বাহুত ধৰি ল’লে তেওঁ ।বাখৰে বাইক ষ্টার্ট দিলে ।তীব্র বেগ লৈ হু-হুৱাই বাইক আগবাঢ়িল ।

বাইকৰ গতিৰ লগে লগে পিছৰ চিটত বহা লিলিপেহীৰ ‘ওপৰ-তল’ নৃত্য আৰম্ভ হ’ল । স্প্রীং লগোৱা পুতলা এটাৰ দৰে পেট ভাঙি ভাঙি অবিৰতভাৱে সেই নৃত্য চলিবলৈ লাগিল । আধা বাট পাৰ নহওঁতেই পেহীৰ খোপা খুলি চুলিকোচা মেল খাই পৰিল৷ যিমান পাৰে সিমান নিজকে চম্ভালিবলৈ পেহীয়ে চেষ্টা চলালে৷ নাই,সকলো অসাৰ৷ যেন তীব্রবেগী ঘোঁৰাত উঠি যুদ্ধ কৰিবলৈহে গৈছে তেওঁ৷ মূৰটো নিজৰ ঠাইত নথকাই হ’ল৷ হালি-জালি যেন এতিয়াই ডিঙিৰ পৰা ছিগি মূৰটো সৰিহে পৰিব । তথাপি বাখৰক বাইকখন ৰখাবলৈ ক’ব নোৱাৰিলে তেওঁ । মুখৰ মাত-বোল একো নাই৷ বাখৰৰ বাহুত পেহীৰ তীব্র টেপা ক্রমাৎ যেন বাঢ়ি গ’ল। পাঁচ কিলোমিটাৰ বাটতে যেন যমৰ দুৱাৰ দেখিছে তেওঁ ।
অৱশেষত নামঘৰৰ মুখত বাখৰে বাইকখন ৰখালে । লিলিপেহী নীৰৱ। অলপপৰ পিছতহে পেহীয়ে সম্বিৎ ঘূৰাই পালে৷ দীৰ্ঘ নিশ্বাস এটা এৰি পেহী বাইকৰ পৰা একেজাঁপে নামিল আৰু ঘৰলৈ বুলি খোজ পোনাই দিলে ।

সেইদিনাৰ পৰা কাহিনীটো সলনি হ’ল। তিনিআলিত বাখৰৰ বাইকৰ বেগ সামান্য ধীৰ হয়,পিছে লিলিপেহীয়ে বাখৰক দেখিও নেদেখাৰ ভাও জুৰে৷ তাৰ পৰিৱৰ্তে বেলেগ বাইক বিচাৰি পেহীৰ চকুহালে দূৰলৈ চাই পঠিয়ায়৷

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *