ফটাঢোল

বেবেৰিবাং বিলোচনা – অংশুমান বৰা

আমাৰ নগেন-খগেনৰ আকৌ এটা সুন্দৰ অভ্যাস আছে। যেতিয়াই দুইটাই লগ পায়, এটাই আনটোৰ লগত বেবেৰিবাং কথা পতাত লাগি যায়। যোৱাকালিৰে কথা, খগেনে দুপৰীয়া ভাত খাই বাহিৰত বহি আছিল। তেনেকুৱাতে নগেন আহিল। আহিয়েই সি ক’লে-
নগেন :বোলোঁ খগেন, ভোগালী বিহুৰ শুভেচ্ছা থাকিল।
খগেন(এটি ভেকাহি মাৰি): কিবা খালা নেকি হে, কাতি বিহুলৈ এতিয়াও এমাহ আছে৷
নগেন: তাকেই….কাতি বিহু কঙালী,মাঘ বিহু ভোগালী ৷
খগেন: ব’হাগতে ধেমালি কৰোঁ ,পিছে ভেবেলিলতা ফুলিছে জানো ?
নগেন: মই আকৌ এইবাৰ ভাত-কেৰেলা লগাইছোঁ৷ তাৰেই লতা ফুল দি বিহুটি পালিম আৰু৷ ভেবেলিলতা নুফুলিলেও নাই৷
খগেন: তাকেইতো, তিতাভেঁকুৰিৰ দামো কেজি ষাঠি টকা হ’ল৷ ঘোৰ কলিকাল। বৃন্দাবনৰ পৰা আহোঁগৈ বুলিহে ভাবিছোঁ৷
নগেন: পিছে বিহু বুলি জানো মচ্‌মচিয়াকৈ ভজা চোৰাত পাত আৰু বান্দৰ-কেঁকুৱাৰ ভাজি নাখালে হ’ব? গতিকে পেট্ৰ’ল অলপমান গজোৱাতহে বল আৰু।
খগেন: অ’তো,বছৰেকৰ বিহুটোত কাপোৰ এডোখৰ নল’লে হ’বনে ? ইলেকচনটোও নহাতে পৰিল নহয়। বাৰু পুখুৰীৰ মাছে পোৱালি পাৰিছেনে ?
নগেন: তাকেইতো৷ অৱশ্যে আমাৰ পোহনীয়া মাছজনীৰ কালি দুজনী চেঁউৰী জগিল। সেইকাৰণে বাৰাক অবামা আজি আমাৰ ঘৰত চাহ খাবলৈ আহিব। আহোঁতে হেনো তেওঁ সেই বিখ্যাত টছ-মুগাৰ পায়জামা লগাই আহিব বুলি আজি বাতৰিত প্ৰকাশ হৈছে৷
খগেন: হেলেম বাগানখন কিনিলোঁ নহয়, পেমেণ্টটো পিছে পৰহি মানলৈহে দিয়াৰ কথা আছে, নহ’লে চাহপাত অলপ পঠিয়াব পাৰিলোঁহেঁতেন। গগৈ ককাইদেউৰ হেনো কালি পেটৰ অসুখ, মিছা মাছ ভজা বেছিকে চোবালে যেন পাওঁ..
নগেন: কালি আকৌ বজাৰত ছাৰে সোতৰহাত দীঘল এটা চেনিপুঠি পালোঁ। তাৰেই ৰাতিটো যেনেতেনে মুহুদি কৰিলোঁ আৰু। তথাপিও গুৱাহাটী যাবলৈ নেৰোঁ। কাৰণ বজাৰত পাচলিৰ দাম বৰ চৰিছে। গতিকে দহ টকা দি দুটা পানীৰ বটল কিনি আনিলোঁ৷ বোলোঁ নহ’লে জিকাকেইটা কেনেকৈ খাম?
খগেন: সেইয়া চোৱাচোন, নীৰৱ মোডী পলাই গৈ বিদেশ পালেগৈ। ৰাতিপুৱা জোতাযোৰ মেৰামতি কৰিবলৈ দি উভতি আহি ঘৰ নাপালোঁহিয়েই, বাদুলীয়ে কলথোকা খাই শেষেই কৰিলে। দেশ তেনেই ৰসাতলে গ’লহে। শিলগুটি এটা দলিমাৰি দিলোঁ,কোনোবা ধুবুৰীত পৰিলগে’।
নগেন: কি বা হৈছে পায়, সেইবাবেই চাগে কালি বৰষুণত মোৰ জোতাযোৰ তিতিলে। মই আকৌ ঝাড়ুডাল এনেই কিনা নাই দেই। গছত কঁঠাল পকিছে কাৰণেহে ঢেঁকীটো উঠাই পেলালোঁ।
খগেন: নতুনকৈ ৰামায়ণ এখন ওলাইছে হেনো! কালি ৰাতি আকৌ ধনিয়াৰ তৰকাৰীখন খাবলৈ বৰ সোৱাদ হৈছিল দেই। মই আকৌ আজিকালি ফুটবল খেলা মোটামুটি বাদেই দিছোঁ, বহুদিন হ’ল হস্পিটেললৈ যোৱাই নাই৷
খগেন: তাকেইটো,আমাৰ ৰবীন্দ্ৰনাথে এনেই কৈ যোৱা নাই নহয়-“তেজৰে কমলাপতি পৰভাত নিন্দ”৷ সেই কাৰণেই মই কওঁ যে গৰুজনী ভালকৈ এৰাল নিদিলে মাছে ক’ত কণী পাৰিব? গতিকে যিমান পাৰে সোনকালে পাহাৰলৈ যোৱাটোৱেই ভাল হ’ব। তদুপৰি গান গোৱাটোও বাদ দিলে নহ’ব। নহ’লে কুকুৰটোৱে ক’ত ঘাঁহ খাই যায় গমেই নাপাবা। সেইকাৰণে আজিকালি ট্ৰেইনৰ টিকটৰ দাম চৰিছে।
নগেন: হয় দিয়াহে, চেনিবোৰো আজিকালি খাবলে’ কিবা তিতা-তিতা লগা হ’ল। কৃষ্ণ দ্বাৰকালৈ গ’লেই যেনিবা, সেইবুলিনো উৰাজাহাজৰ কোম্পানীবোৰ বন্ধ কৰি দিব লাগেনে? কিম জঙে কিন্তু বৰ ভাল অলৌগুটি-তলৌগুটি খেলিব পাৰে দেই, মই আকৌ ভাবিছিলোঁ কুকুৰে থিয় হৈ নাচিব নোৱাৰে। গৰু-ছাগলীকেইটাৰো এইকেইদিন বৰ কষ্ট হৈছে চাগে।
খগেন: আমাৰ ভট্টদেৱে এনেই গাই যোৱা নাই-“পৰভাত নিন্দ- অৰ্থাৎ পৰৰ ভাতক নিন্দা নকৰিবা…” গতিকে আগ-পিছ নাচাই তেল-চুৰুণীয়ে নাচে। পিছে মিছা ক’লে কি ডাল হ’ব,তাত তিতা-কেৰেলাকিটা খাই বৰ এটা ভাল নাপালোঁ। আমাৰ বৰাক অবামাই আকৌ যোৱাকালি হাঁহৰ নাচ চাই চাই টেকেলি ভাঙি আছিল। তাকেই চাই চাই ওপৰত হাতীকেইটাই গান গুণ্‌গুণাই উৰি ফুৰিছিল।
নগেন: চুলিকেইডাল কটালোঁ হয়,পিছে বৰ এটা পছন নহ’ল। গৌৰৱৰ বিয়াখনো সোনকালে খাবলৈ পোৱা হ’লে ভাল আছিল। সেইকাৰণেই বাবা গজেন্দ্ৰই কৈছে-চব মোহ মায়া; সাগৰ দেখিলেও দেখিছা নেদেখিলেও নাই, সাধু শুনিবলৈ নেৰিবা কিন্তু। তাকে দেখিহে এজনে আশা-ভৰসা বাদ দিছে। কাপোৰযোৰ কিন্তু বৰ সস্তাতে পালোঁ দেই, গুৱাহাটীৰ পৰা কিবা এটা আনিবা। এতিয়া যাওঁ দিয়া, বৰসবাহ পাতি নমতাকৈ থাকিলেওঁ আমি আহিবলৈ লাজ নকৰোঁ।
খগেন: পৰাতনো মই কেনেকৈ নামাতকৈ থাকোঁ? কিন্ত বিধিৰ বিধান যে ভঁড়ালত থকা ধানকিটা মেকুৰীজনীয়ে খাই পেলালে। তাকেই দেখি কৰিব কি বোলে-গাত নাই ছাল বাকলি, তই হলি মস্ত পেটেলি। আজি আকৌ ৰৌটোকে টৌটো কৰিবলৈ বজাৰলৈ যোৱাৰ কথা আছিল। কিন্তু মানিবেগটো জেপলুৰুকাৰ হাতত পৰি মোৰ গোটেই ভাতকিটা খাই পেলালে। মই বোলোঁ হোৱাটো বেয়া হোৱা নাই, কাৰণ যদি কথাটো মিছা হ’লহেঁতেন, কঁঠালেনো ক’ত মুছি পেলায়? তাৰেই আঁতি-গুৰি ল’বলৈ যাওঁতে বাটতে শ্ৰীকাইক লগ পালোঁ। বোলোঁ সখা,ক’লৈ যোৱা? বোলে-সকলো ভাল,মাথোঁ গৰুজনীয়ে দুটা কণী পাৰিছে তাকেই বাচিবলৈ যাওঁ।
নগেন: আপত্তিৰ কথা আন নাই, পিছে আমাৰফালে ডালিমক ডালিম বুলিয়েই কয়। শশী দেদায়ে পাৰোঁতে কৈছেনে সন্ধ্যা,ললিতা,কান্তা;তাৰ আগত কাৰ খেতিৰ বেঙেনা? মই আকৌ ভাবিছিলোঁ তোমাৰ ঘৰলে’ ঔ-টেঙা তলৰ বাটটোৰে যাব লাগে, এতিয়াহে জানিলোঁ- অ’ দেৱৰাজ ইন্দ্ৰৰ তাতো মূলা ভাজি বনালে গৃহকন্দল লাগে। তোমাক কাণে কাণে কথা এষাৰি কওঁ৷ ইতি কথা পৰম গুপুত, আনৰ আগত কৰিলে বেকত মোক নি আলহী ৰাখিব হাজোতত, “পানী হেনো সদায় তিতি থাকে” । মোৰতো বিয়ালৈ যাব লাগে বুলি শুনিয়েই আমঠু ক’লা পৰিল। কথাতে কয় নহয়, শুই থকা হাঁহক শিয়ালে ধৰিব নোৱাৰে। কালি আকৌ আমৈক লগ পাইছিলোঁ, বহুদিন ভূমিকম্প অহা নাই। আজিকালি মানুহবোৰৰ কিনো হৈছে জানো, অসম বন্ধবোৰৰো কিবা আগৰ মজাটো নাইকিয়া হ’ল। এইবোৰ ভাবি চিন্তিয়েই আমাৰ কালিদাসে ফটা কাপোৰত এঙাৰেৰে লিখি থৈ গৈছে –
“কালৰো কাল বিপৰীত কাল
মই মুখখন নোখোলাই ভাল
মাজ সাগৰত পুতিলোঁ খুঁটা
আঙুৰ তিতা চিৰতা মিঠা
গোটে গোটে ভীমকল মুখত ভৰোৱা
এজনেই দেখিলোঁ অংকুৰ বৰুৱা
উজুটি খাই চিগিল ছাল
ভগা দোকানৰ গেলা মাল
জাপানৰ নাগাচাকি
আপেলৰ দাম বেছি
নাৱে কৰে টুলুং ভুটুং
ব’ঠাই বোলে বাওঁ
ৰাকুদাৰ চিনেমা বোৰ উৰাই-ঘূৰাই চাওঁ৷”

☆★☆★☆

One comment

  • নাৱে কৰে টুলুং ভুটুং
    ব’ঠাই বোলে বাওঁ
    ৰাকুদাৰ চিনেমা বোৰ উৰাই-ঘূৰাই চাওঁ৷”

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *