ফটাঢোল

চেনি নিদিয়া চাহ – ডাঃ-পাৰ্থ সাৰথি ভূঞা

মাজতে এদিন আমাৰ বিজয়,দেৱজিত শইকীয়া, মানস শইকীয়া আৰু ৰামানুজ গোঁসাই, কিবা এটা কামত একেলগে হেকা দাৰ(হেমন্ত কাকতী)ৰ ঘৰলৈ গ’ল।
দাদাই বোলে-“চাহ একাপ খোৱা ৰ’বা৷” এইবুলি বৌক তেওঁ চাৰি কাপ চাহ বনাবলৈ ক’লে।
বৌয়ে বোলে-“ডাঙৰ কথা এটা হ’ল নহয় ! ঘৰত চেনি অলপো নাই, কি কৰা যায় এতিয়া?”
হেকা দাই নাকটো মোহাৰি বোলে-“ওচৰতে দোকানো নাই, বাৰু তুমি চেনি নোহোৱাকৈয়ে বনোৱাচোন, মই কিবা এটা কৰি আছোঁ।
বৌয়ে চাহ আনি টেবুলত দিয়া মাত্ৰকে হেকা দাই ক’লে- “আজি তোমালোকৰ বৌয়ে আৰু ময়ে মিলি খেল এটা খেলিছোঁ৷ইয়াৰ মাজৰ একাপ চাহত চেনি দিয়া নাই৷ যাৰ ভাগত সেইকাপ চাহ পৰে, তেওঁ আমাৰ পৰৱৰ্তী মেলখনত ‘গামছ ডেলিকেছী’ত দুপৰীয়াৰ খেনা খুৱাব, হ’বনে?”
সকলোৱে বোলে “হ’ব হ’ব।” তাৰ পিছত চাহত শুহা মাৰি সকলোৱে কয় বোলে-“মোৰ তাত চেনি আছে দেখোন৷”
আৰু বিজয় কেনে ওস্তাদ চাওক, তেওঁ বোলে-“বৌ, আপুনি কিবা খেলিমেলি কৰিলে৷ একাপত চেনি নিদিওঁ বুলি ভাবি, মোৰ ভাগত পৰা কাপত দুই চামুচমান দি দিলে হ’বলা,মই অলপ বেছিহে পাইছোঁ৷”

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *