ফটাঢোল

লটি ঘটি – অনন্ত বৰা

শ্ৰী মতীৰ সম্বন্ধীয় মানুহ এঘৰত ফুৰিবলৈ গ’লো৷ শ্ৰী মতীক সুধি গম পালোঁ ঘৰখনৰ মেইন মানুহজন মানে আমাৰ এওঁৰ সম্বন্ধীয় ভিনিয়েকজন বোলে ৰাজনীতিৰ মানুহ৷ দুই তিনিবাৰ গাঁও পঞ্চায়তৰো কিবাকিবি আছিল বোলে৷ ৰাজনীতিৰ মানুহ যেতিয়া, কথা বতৰাবোৰো চাগে তেনেকুৱাই হ’ব৷ মইনো কি ৰাজনীতিৰ কথা পাতিম! তথাপি ঘৰতেই হ’মৱৰ্ক এটা কৰি লৈছো৷
: হেইৰা, এইকেইদিনত কোনোবাই দল সলাইছে নেকি হে? আৰু তেওঁ কোনটো দলৰ বা!
: সেই মই সেইবোৰ গম নাপাওঁ দেই৷
—-শ্ৰী মতীয়ে ভেকাহি মাৰি উঠিল৷
: আপুনি নাজানে যদি মনে মনে থাকিব৷ যি টি গাই নিদিব৷
—মই একো ন’কলো যদিও মনতে ভাবিলোঁ, শ্ৰী মতীৰ সম্বন্ধীয় মানুহজনে যদি এই বিষয়ত একো নুলিয়ায় ঠিকেই আছে৷ যদি আৰু উলিয়াই দিয়ে যেনে তেনে কাম চলাব লাগিব৷
— নাই, গৈ চিনাকি হোৱাৰ পাছতেই আজিকালিৰ দিন কাল বুলি মানুহজনে আৰম্ভ কৰিলেই নহয়৷ গতি মতি চাই দেখিলো, অ’ এখেত তাৰমানে x দলৰ মানুহ৷ মই ৰৈ নাথাকিলো Y দলটোক একেবাৰে ফালি দিলো৷
ফাৰ্ষ্ট ৰাউণ্ডত তেওঁ পাত্তাই নাপালে৷ মনটো ভাল লাগিল৷ অলপ পাৰিছোঁ তাৰমানে৷
যিমান পাৰো সাবধানে আগবাঢ়িছোঁ৷ মইনো কিটো জানো ৰাজনীতিৰ বিষয়ে! তথাপি নাজানো বুলি দেখুৱাই দিয়া নাই আৰু৷ লেকচাৰ দি আছোঁ৷ তেওঁ বেয়া পোৱা বুলি গম পোৱা দলটোৰ বিষয়েই মই যিমান পাৰো বেয়াকৈ কৈ তেওঁৰ মনটো ভাল লগাই আছোঁ৷ মাজতে কথাবোৰ কেতিয়াবা X দল Y দলৰ লগত খিচিৰি হৈ যায়৷ মানুহজন তভক মাৰি ৰৈ দিয়ে৷ নিজৰ ভুল বুজিব পাৰি আকৌ যেনে তেনে লাইনলৈ আনোঁ৷ উপমা দিবলৈ এইবাৰ নেতা এজনকো টানি আনি ধুই পেলালোঁ৷ সেইটোৰ কাম নাই, সি সকলো শেষ কৰিলে আদি গুৱাল গালি দি আছোঁ৷ দলটোক বেয়াকৈ কওঁতে ঠিকেই আছিল৷ তেওঁ মোৰ সতে সমানে হাত উজান দি আছিল৷ নেতাজনক বেয়াকৈ কোৱাত দেখোন তেওঁ বৰ ভাল পোৱা নাই৷ পাছতহে গম পালো সেইজন নেতা বোলে আগৰ দলত নাই৷ তেওঁ বোলে এতিয়া এখেতে ভালপোৱা দলৰ মানুহ৷ মই বোলো সেইজনতো এইটো দলতহে আছিল৷ তেওঁ বোলে নহয়, মাজতে আছিল এতিয়া নাই৷
– সেই লাগিল গণ্ডগোল৷ নাই, টপিকটো চেইঞ্জ কৰি দিয়া হওক৷
: চিটিজেন চিপ এমেনমেণ্ট বিলখন চাওঁক৷ কালিটো গোঁহাই চাৰে —– আৰম্ভ কৰিছিলোহে৷ তেওঁ বোলে,

: তুমি অলপ বহা৷ মই ভিতৰৰ পৰা আহোঁ৷
-এইবুলি তেখেত ভিতৰলৈ যি গ’ল, আৰু ওলাই নাহিল৷ ধেই মোৰ দৰে মানুহৰ বাবে বৰ গণ্ডগোলীয়া দেই এই ৰাজনীতি বিষয়টো৷

☆★☆★☆

2 Comments

  • ৰাজদ্বীপ বৰা

    হাঃ হাঃ হাঃ ! মজ্জা !

    Reply
  • অনুৰূপ মহন্ত

    নজনা কথাত মাত দি লটি ঘটি হল!?

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *