ভেৰেকনিত মই আৰু ধনী ভিনি – পদ্ম গগৈ
সকলো বন্ধু-বান্ধৱীলৈ মোৰ মকৰা জাল বন্ধা কেঁহা কলিজাটোৰ চোকে-কোণে লিপিটখাই লাগি থকা সঁচাসচি মৰম এথেপা আগবঢ়াই তৰিছো আৰু দেই৷ এইপাত মোৰ নিজৰে! এতলি গ’লেই এতলিহে আছেগৈ, সেয়ে দায়-জগৰো নধৰিব আৰু! নিচপতিকে ফাটিলেও ফাটি থাকক৷ আপোনাসৱলৈ সেৱা জনাই তলিত টকৰ তুলিছোৱেই বুলিছোঁ — – –
তেতিয়া মোৰ বয়স বাৰ কি তেৰ৷ সেই বছৰ ধু-নী-য়া কৈ পৰীক্ষা-চৰীক্ষা ফেল কৰি লখিমী হাতখনিৰ কেৰামতালি চলাই আছো আৰু৷ কাৰোবাৰ বাৰীৰ কাষেদি গ’লেই লখিমীহাতখনিত কুহিঁয়াৰ এডালি লাগি আহে৷ জুলুকিৰে জুপি থোৱা মাইকী কুকুৰাৰ ওচৰত বহিলেতো আৰু কথাই নাই, কণী এটি তপত তপতকে আহি পকেট পায়হি৷ “দেশে দেশে তিৰোতা পায়, বন্ধু-বান্ধৱৰো আকাল নাই” বোলাৰ দৰে সেই দিনবোৰত আম,জাম লিচু,পনিয়ল বা মাটিকঠাঁলটিৰ একো আকালেই নাই বুলিব লাগে৷
তত্ৰাচ এটা কথাত মনটো ভেঁকুৰা কৰদৈ এচাৰকণ যেন চোক আৰু ৰসপিতো নাইকিয়া হৈ থাকে৷
সেয়া হ’ল সকাম৷ গাৱঁত গৰখীয়া ল’ৰাক ভকত হিচাবে লৈ বছৰটোত অনেক সবাহ পাতে৷ কি ফেটেঙা কপাল! মোক তালৈ কোনেও নেমাতে৷ ভাইটোক আক’ ঘৰৰ পৰা মাতি মাতি নিয়ে৷ (আমি দুটা যঁজা, সি মোতকৈ পাঁচ মিনিটমানহে সৰু ) সি মোক কয়হি, আজি বোলে, অমুকৰ ঘৰত “গৰখীয়া সবাহ আছিলে৷ দৈ জলপান আৰু হোটেলৰ পৰা অনা মিঠাই খুৱালে৷ কলা-পিঠা, গুৰ, বুট-মগুৰ এইবোৰ আছেই৷ কালি বোলে টেকেলীপেহীৰ ঘৰত ডাইৰেক্ট ‘জলপান খোৱা’ ই আছে৷ মঙলত পেহীৰ কিবা বিয়া-বাঁধনী নে কি ওলাইছে যে! পেহীয়ে হেনো নিজৰ ফালৰ পৰা গৰখীয়া ল’ৰাক ‘পায়স’ খোৱাব, আশীৰ্বাদো ল’ব৷
সুবচনী সবাহ, গোহালি সবাহ, ডাঙৰীয়া পূজা-আৰু যে কিমান কি কি সবাহ হয়! মোৰ জিভাৰ লোভ জিভাতে আলিত ঢালি দিয়া আলকতৰা গলাদি গলি থাকে৷ পেটে-পেটে ভাইটোলৈ হিংসাই লাগে, পিছে কৰিবানো কি!
আৰুনো কেনেকৈ সহন সম্ভৱ এনে নিদাৰুণ ন্যায়৷ পিছে কওঁৱেই নো কাক? শুনেই বা কোনে! শুনি, বুজি মূৰত লথিয়াবলৈকে কোনোবা এটিতো লাগিব৷ বুকুৱে খেপিয়াইও কাষতচোন দৰপলৈ মনিচ এটিকে চুই নেপাওঁ৷ একোবত সাউতকৈ যেনিবা আইৰ মুখখনি মনলৈ আহিল৷ হয়তোন! আইৰ সমাননো হ’ব কোন? আইতে বিৱৰিলো, জমি জমি বুকুতে বখলি খাই বেংছাটি গজিব ধৰা দুখৰ কথাবোৰ৷ লদা মৰা শোকৰ উত্তাপত পেটৰ নাৰী-ভুৰু পৰ্যন্ত উতলি থকা দুখৰ উতলটো গাখীৰ উতলাদি উথলি আহি মোৰ মুখখনৰ আকৃতি কিজানি পেলনীয়া ভগা ডলাৰ একতীয়া কোৱলটো যেন কৰি পেলাইছিল৷ মোৰ বেকেতামুৱা মুখখন দেখি আইও বোধকৰো চকুলো টুকিছিল আৰু অমল কৰ্পূৰগন্ধী কোমল কৃপা-কৰুণাৰ অনন্ত উৎস পৰম মমতাময়ী মাতৃমনে মোক আশ্বস্ত কৰি ক’লে –“হ’ব দে, এতিয়াৰ পৰা ভায়েৰৰ সলনি তইয়ে যাবি৷”
অতল তলিৰ পৰা জাকি মাৰি উজাই অহা আনন্দৰ বা চাটি উনৈশ নে একৈশত বলিছিল তৰ্কিবই নোৱাৰিলোঁ৷ হনু ফুলাই এনে জাম্বুৱন্ত জাপ এপাত মাৰি পালো উচুতে আঁঠু ঘিলা দুটা দূৰত উফৰি পৰি টকৰী গুটি ঘূৰা দি ঘূৰি ঘূৰি বাগৰি নপৰিল৷ তৎকাল উৎপাত আনন্দৰ আতিশৰ্য্য আয়ত্তৰ কলাও শিকিব লাগিব৷
দিন- দিয়েকৰ পিচত আমাৰ ঘৰলৈ এদিন সৰুকণ মাহী আহিল৷ আইৰ লগতে কথা হৈ, তামোল-চালি খাই মাহী গুছি গ’ল৷ ৰাংঢালী মাহীজনীৰ মনটো বৰ ফৰকাল নেদেখিলোঁ৷
পিচত গম পালো মাহীয়ে মোকেহে সিহঁতৰ ঘৰত পাতিবলগা সকামলৈ মাতিবলৈ আহিছিল৷
এইবাৰ মোক কোনে পায়!
নিৰ্দিষ্ট দিনটোও দুদিন দেৰিকৈ অহা যেন লাগিল৷ যেই আহিল, পিতাইয়ে পথাৰলৈ কঠীয়া কঢ়িয়াওঁতে বোকা-পানীৰ ৰং লাগি সন্নাসী বৰণ ধৰা ফটা চুৰিয়া এডোখৰকে কঁকালত মেৰিয়াই টানি টানি টিকিৰা টনা এটা মাৰি ললোঁ৷ আইয়ে “লেতেৰা কৰিবি” বুলি চুবলৈকে নিদিয়া গামোচাখন অপহৰণ কৰি মোৰ “পোটক পুষ্পক“ত উঠি মই উধাও৷ সবাহৰ পৰা আহি ভাইটোক ক’ম সুস্বাদু কিমান আৰু কি কি আছিল৷ চুৰিয়া চোটিয়াই, ভমকাফুলীয়া গামোচাফুলৰ পেটু চপৰা মোৰ নিংকৰি বুকু আৰু পেটত আঁৰি টোঁপা কাঁড় যোৱাদি পোনে পোনে সৰুকণ মাহীৰ চোতাল! (গামোচাখন ডিঙিত মেৰিয়াই লওঁতে ওলোটা হৈ ফুলটো তলফালে হ’ল )
তেতিয়ালৈকে ভকতৰ বুলিবলৈ কোনো পতঙ্গ এটিও অহা নাই৷ গৃহস্থই মাত এষাৰ দিলে৷ মোক আথেবেথে বহুৱালে৷ ময়ো ডাঙৰ হোকাত ধঁপাত শুহি ডাঙৰ ডাঙৰকৈ কঁহা মানুহৰ দৰে গহীনটি হৈ বহিলো৷ অলপ পৰৰ পিচত মোৰে সমনীয়া মোকোজাই, পেটাং, এপাস্ত, লেলাওহঁতো পালেহি৷ সিহঁতে পিচে মোৰ দৰে সাজি-কাছি অহা নাই৷ কাৰোবাৰ পেণ্ট ফটা আৰু কাৰোবাৰ চোলাত বুটাম এটাও নাই৷ টেকেলছ’ নামৰ ছোৱালী এজনীও আহিছে৷ এইক আক’ মোৰ নিচপতি দেখিবৰ মন নেযায়৷ মহা দন্দুৰী আৰু লাতৰী স্বভাৱটোৰ বাবে৷ ক’লী ও ক’লী ব্ৰহ্মাণ্ড ক’লী৷ ইয়াক হেনো ৰাতি আঠুৱা নোলোৱাকৈ শুলে মহেও দেখি নেপায়৷ থাক কলপটুৱাও লাগে তুলসীৰ লগত৷ মনতে ভাৱি থলোঁ৷
খুৰা সমধীয়া এজনে আহি মোক দুটা বেচ শকত ফলা বাঁহৰ খুঁটি হাতত ধৰাই দি গ’ল৷ এটাৰ আগ জোঙা আনটোৰ ভোটা৷ একো নুবুজিলোঁ৷ আনক দিয়া নাই৷ নে সবাহ খনৰ মেধি পাতিছে নেকি মোকে? হ’বওতো পাৰে! পিচে সবাহখন পাতিম বা ক’ত? ৰভা-পৰলা চকুত নাইপৰাচোন৷ যা হওক, মই মুহূৰ্তমানতে সবাহত কি কি বস্তু খাবলৈ দিব পাৰে তাৰে এটা আনুমানিক জৰীপ চলালোঁ৷
অলপ পাচতে আমাক ঘৰৰ পিচফালৰ শাকনিখনৰ ওচৰলৈ লৈ গ’ল৷ তাত যথেষ্ট দীঘল ডাঙৰ কল-মধূনা এডাল আগৰ পৰাই যোগাৰ কৰি ৰাখিছিল৷ বয়সীয়া মানুহ এজনে মোৰ ওচৰলৈ আহি ক’লেহি– তহঁতি গম পাইছই নহয়নে? যোৱা শনিবাৰে ৰাতি যে আমাৰ সৰুকণ মাহী আৰু ধদৰামিহি পেহাৰ ঘৰত চোৰে সিন্ধি দি চব বস্তু চুৰ কৰি নিলে, সেই চোৰক শাও দিবৰ বাবেই আজিৰ এই “শাও দিয়া সবাহ৷” তহঁতে কলমধূনাক চোৰ বুলি ধৰি লৈ এই জোঙা খুঁটিটোৰে খুঁচিবি আৰু আনটোৰে গাৰ জোৰেৰে কোবাবি৷ কাক মাৰিছ বা খুঁচিছ সেয়াও কবি আৰু মাজে মাজে এই থালখনৰ পৰা গুৰিজালুক একোমুঠি খাবলৈ নেপাহৰিবি৷
ইতিমধ্যে মোৰ লগৰ কেইটাই শুভাৰম্ভ কৰিলেই৷ অগত্যা ময়ো জালুকগুৰি এমোকোৰা মুখত ভৰাই চোৰৰ ভৰি ভাগক, চোৰৰ চকু ফুটক বুলি “অপাৰেচন কল-মধূনা“ত জঁপিয়াই পৰিলোঁ৷ জবৰদস্ত জালুকৰ স’তে যাইলাং-থাকিলাং যুঁজকৰি জিভাৰ শোচনীয় পৰাজয় হ’ল আৰু পিচলৈ মুখৰ কথাবোৰ নুফুটা হ’লগৈ৷ দাঁত দুপাৰি গুমটি দোকানৰ জাপ দুৱাৰ খুলি থোৱাৰ দৰে আলসকৈ ওপৰলৈ দাঙি লৈ কোনোমতে সেহাই সেহাই ঘৰমুৱা বাট ল’লো৷
আহোঁতে বাটৰ কাষৰ থেৰেজুজোপাৰ ডাঠ চাই পাত এখিলা জিভাখনত তপত মজিয়াত পাটী-ধাৰি পৰাদি পাৰি আনিছিলো৷
উস্ বিড়ম্বনা! নমনা হাঁহৰ ধমনা কণী৷ যি বা এটি সকাম খোৱাৰ সুযোগ পাইছিলো সিও মোক লঠিয়াই পেলালে চৰম দুৰ্যোগৰ গেলানলাত৷
(নেগুৰডালি তললৈ ওলমিল )
মিহি মিহি চূণগুৰি ছটিওৱাৰ দৰে পূৱৰ আকাশক কুঁৱলীৰ জাল এখনে ঢাকি ধৰিছে ৷ কেটেঙা বেলিটো কেঁকাই-গেঁঠাই উঠি আহিব খুজিছে যদিও সি হয়তো আঁঠুকেইটাকে পোনাব পৰা নাই৷ ৷মই ঘৰৰ কাকো নজনোৱাকৈ দোকমোকালিতে ডেওনাদলি ডেইলোঁ আৰু একপ্ৰকাৰ লুকাই-চুৰকৈ আহি গাঁৱৰ সীমনাৰ চাৰিআলিটোত ৰৈ আছোহি ৷ “নাইন্টিনাইন” উৰফে ধনীৰাম দেওধাই উৰফে ভিনিহি মানে আমাৰ ধনী ভিনি এতিয়াও আহি পোৱাহি নাই ৷ এইজনক ৰাইজে “নাইন্টি নাইন” বুলিয়ে জানে, মানে তেওঁ হেনু শতকৰা এষাৰিহে সঁচা কথা কয় বাকী নিৰান্নবৈয়েই মিছা ৷ হওঁতে মইও মানুহজনক তেওঁৰ টাংটিঙালি স্বভাৱটোৰ বাবে বৰ সুখ নেপাওঁ আৰু তেৱোঁ মোক বাটৰ বনকচু যেনহে পায় কিন্তু এইসময়ত দুয়ো দুয়োৰে পিঠিত উঠি বিপদ বৈতৰণীৰ সোঁত হাত সৰাৰ বাহিৰে অন্য গতি নাই ৷
মোৰ কথাষাৰি মনলৈ আহিলেও লেলাৱতি লেলেতিওৱা দশা! ধদৰা পেহা (ধদৰামিহি)আহি আকৌ দি গৈছেহি নিমন্ত্ৰণ, সিহঁতৰ ঘৰতো চুৰি হৈছিল নহয় ৷চোৰক বোলে শাও এপাত দিব লাগে ৷আমি কিবা সিমান নামকৰা অঁকৰা নে বাৰমহীয়া ফঁপৰা যে বাৰিষা খৰালি একেডোখৰ খৰকে খজুৱাই থাকিম ! সেয়ে ভিনিৰ দিহামতে ভেৰেকনি বিলত কাছ ধৰাৰ অজুহাতত দিনৰ দিনটো তাতে খপাৰ ফন্দী, কথা কালিয়েই খেটাং হ’ল ৷
শেষ পোহ ৷ পেটৰ পেটু চেঁচা পৰা শীত ৷ কুঁৱলীৰ মাজে মাজে কেঁএএক কুক্, কেঁএএক কুক্ শব্দ এটা উজাই আাহিল ৷ মিঠা কলিজাটো মুঠিমাৰি ধৰি ঘঁৰিয়ালৰ পিঠিত উঠি বিল পাৰ হোৱা বান্দৰটোৰ দৰে মই তাৰ চাইকেলৰ ‘কেইয়া’ত বহিলোঁ ৷গৈ গৈ এঠাইত সি তলা আৰু ষ্টেণ্ড নথকা চাইকেলখন জাৰণি এখনৰ কাষতে মৰা কুকুৰ পেলোৱাৰ দৰে দলিয়াই পেলালে৷ আগফাল ওপৰলৈ হৈ পৰাত চকাটো অভিমন্যুৰ ৰথৰ চকাটো যেন শূন্যতে ঘূৰি থাকিল ৷ তাক অনুসৰণ কৰিবলৈ ইংগিত দি, হাতত কাছকালি(কাছ খুঁচিবৰ বাবে গোটা লোৰ যতন) আৰু মিত লৈ আগে আগে সি, আৰু পিছে পিছে মই নিৰস্ত্ৰ নিধিৰাম ৷দুয়োকাষে ওখ ওখ নল, মেগেলাহাবিৰে আবৃত লুংলুঙীয়া লিক এটিৰে গৈ গৈ উজনিৰ পৰা পানী বাগৰি অহা ঠেক লোৰ এটাত নামিলোঁ ৷ঠায়ে ঠায়ে আঠুৱনীয়া,কৰঙনীয়া হিমচেঁচা পানী ৷ ঠেঁটুৱৈয়ে ধৰা জাৰত গাৰ কানি-কাপোৰ তিতি মোৰ দুয়োপাৰি দাঁতে দাঁতে যুঁজখাই মাজে মাজে খিটিক খিটিক খুঁটিতাল বাবলৈ আৰম্ভ কৰিছেই৷ নলাটোৰ দুয়োগৰাত ইকৰা-খাগৰি বন ৷ক’তো অলপো বেলিৰ পোহৰ নাই আকাশো নেদেখি ৷ আলোকক লেংমাৰি ছাঁয়াই এন্ধাৰ পাৰি দিয়া নলাৰ পানীয়ে পানীয়ে চক্ৰব্যূহৰ ভিতৰলৈ সোমাই যোৱাৰ দৰে গৈ আছো ৷ ক’ত ওলামগৈ নেজানো ৷
এধাঘণ্টামান যোৱাৰ পিচত বিল পালোগৈ ৷বাপৰে ! ইমান চেঁচা ভেৰেকনিৰ পানী ! শম্ভুচিকাৰীৰ কাছ বিচাৰি উশাহ সলাবলৈও আহৰি নাই ৷মই কাষে কাষে ৷ সি য’তে যেনেকে পাৰে ব্ৰহ্মাস্ত্ৰ (কালি)এৰিছে ৷ তাৰ অব্যৰ্থ অস্ত্ৰৰ ঝনঝননি শুনি পানীৰ তলৰ কাছই চলং কোঁচাই পত্ৰং দিছে ৷ এজনীও নেপায় হে নেপায় ৷ তাৰ শানিত শৰ হেনু কোনোদিন অথলে যোৱানাই , নেযায়ো ৷ এবাৰ ভৰি পিচলি মই ভেৰভেৰকৈ পানীলৈ সোমাই পৰিলো ,পানী কাষলতি পালেহি ৷ভয়তে চিঞৰ মাৰি দিলোঁ ৷সি গৰগৰাই উঠি মোক ভালকে এঝাল দিলে — “এনেয়ে ভেৰেকনি নেকি ? গোটেইটো সোমাই থাকিবি ” ৷ পিছত যেনিবা এখন হাতত ধৰি চোঁচৰাই আনি পানীত পৰি থকা পুৰণি কাঠ এডালত ঠেকেচ মাৰি থ’লেহি ৷ভয় আৰু জাৰৰ প্ৰকোপত মোৰ সৰুপানী চুৱা দশা ,কিন্ত কি কৰোঁ ? পিচকাৰী মেচিনটিকে বিচাৰি পোৱা নাই! ভাওনাৰ বিলাপ এফাঁকি আপুনা-আপুনি থুঁকথুঁক ওঁঠত উঠিলহি–
“প্ৰচণ্ড শীততো তুমি প্ৰটেকচন নপাইয়া
কৈক গৈলা পিচকাৰী আমাক চাৰিয়া”
দুই মিনিটমান আজুৰি-পিজুৰি,টুকুৰিয়াই-মুকুৰিয়াই বিচাৰ-খোচাৰ কৰাৰ অন্ততহে দেখিছোঁ বেচেৰা ঠাণ্ডাৰ চোটত মূৰটো মোকোটাই দিয়া কেৰেলুৱা পোৱালিটিৰ দৰে এচুকত কুঁচিমুচি পৰি আছেগৈ — দেহি ঐ –!
এইদৰে অলপপৰ যোৱাৰ পাছত ভিনিহিয়ে বৰ বিয়াগোম কাছ এচলা পালে ৷ ইমান গধুৰ যে অকলে দাঙিবই নোৱাৰি ৷ শেষত , ছফুটমান দীঘল কান্ধমাৰি এডালত ওলোমাই দুয়ো ভাৰ কৰি অনাৰ কথা হ’ল ৷সি তিনিফুটীয়া আগত ,মই লেংলেঙীয়া পাছত,ভাৰখন ঠিকেই হৈছে ৷ কাছজনীয়ে মাজে মাজে টেলেকাকৈ মোলৈ একোবাৰ চায় ! মই জোঙা ওঁঠত “চেলেলেলেক গুৰুৰুম ধাই” আগতীয়াকৈ তুলি থৈছো ৷
‘গুৰুৰুম ধাই’ ৰ ইতিকথা এনেকুৱা —
এবাৰ এঘৰলৈ এজন অতিথি আহিল৷ অতিথি খাই-বৈ ৰাতিটো থকাৰ কথা হ’ল ৷গৃহস্থই অতিথিক আছুতীয়া কোঠা এটাত শুৱলৈ ব্যৱস্থা কৰি দিলে ৷সেই কোঠাটোৰ এচুকত পিচৰ দিনাৰ ‘কাছ চাউল খোৱা’ সকামত দিবলৈ গৃহস্থই এগামলা পানীত কাছ এজনী জীয়ন দি থৈছিল ৷ ৰাতি অতিথিৰ লাগক বাহিৰফুৰা ! ৰাতিখনত বাহিৰলৈ যোৱাৰ এলাহত গামলাটোতে কামফেৰা কৰিবলৈ লৈ ওপৰৰ পৰা এৰি দিলে তৰৰৰৰ কৈ শব্দ এটা হয় বুলি অলপ তললৈ হাওলাই লওঁতেই ভোকত থকা কাছই খোৱা বস্তু বুলি ভাবি অতিথিৰ নেকামুৰিব লগাতেই কামোৰ মাৰি ধৰিল ৷ অতিথিৰ থিতি হেৰাবৰ উপক্ৰম হ’ল ৷ অৱস্থা কাহিল ৷ বপুৰাই আগতে ক’ৰবাত শুনিছিল বোলে মেঘে গাজিলে কাছই একো নেখায় ৷কিন্তু বতৰ যিহেতু ফৰকাল আৰু বিজুলি-গাজনীৰ কোনো সম্ভাৱনা নাই,সংকটমোচনৰ বাবে তেওঁ মুখেৰেই যিমান পাৰে জোৰ জোৰকৈ “চেলেলেলেক গুৰৰুম ধাই ” বুলি চিঞৰি গগন ফালিলে ৷পিচত গিৰিহঁত আৰু ঘৰৰ আন সদস্যসকল সাৰপোৱাত উপায় এটা ওলাল যেনিবা ৷
আমি আহি গাঁও সোমালোহি ৷দুয়োৰে মুখত মাত-বোল নাই ৷ ভয় আৰু ভাগৰত মোৰ ইটোৱে সিটো ভৰিক চিনি নেপাই দুয়োটাই জোঁটাপুতি লগা অৱস্থা !
“আৰু কোনোদিন ভেৰেকনিত নুসোমাওঁ” – – মই ক’লো ৷
“তইয়ে অকল ভেৰেকনিত তিতা নাই অ’ ৷ তই ওলালি ৷ মই এতিয়াও ভেৰেকনিতে ৷বহলকৈ চা , সমস্ত ভাৰস্তখনেই ভেৰেকনি ৷” — সি ক’লে ৷
মই তাৰ কথাৰ সাৰ কিছু বুজিলোঁ ৷শুনামতে সি সেই মাৰক সৌন্দৰ্যময়ী বোৱাৰী গৰাকীৰ সাংঘাটিক হাঁহিটি আৰু কপালৰ আগৰ বেঁকা অলকা কেইডালি পোনাই দিব খুজিছিল ৷ কেঁকুৰাচুলিৰ কেচত ফচি সি ৰাইজৰ ৰোষত পৰিছে ৷আজি তাৰ চোতালতে ৰাইজমেল বহাৰ কথা আছিল ৷সেয়েহে সি ভেৰেকনিত আত্মগোপন কৰি এতিয়াহে ঘৰলৈ ঘূৰিছে ৷
সি খুপি খুপি ঘৰলৈ খোজ ল’লে ৷ইফালে মোক বিচাৰি ঘৰত হুলস্থূল ৷পদূলিমুখতে চিন্তাক্লিষ্ট পিতাই থিয় হৈ আছিল ৷ দুয়োহাত পিছফালে কৰি বাওঁহাতেৰে সোঁহাতৰ মণিবন্ধত খামুচি থকা পিতাইৰ সোঁহাতৰ মুঠিত কি আছিল গম নেপালোঁ ,বহু ৰাতি টোপনি ভাঙিলত লেচেৰামাহৰ দৰে চেৰা বন্ধা পিঠিৰ চেনা চেনা চিনবোৰত আইয়ে চেনেহী হাতখনেৰে কুহুমীয়া মিঠাতেল সানি সানি উচুপি উঠাহে গম পালোঁ ৷
( আই তই গুছি যোৱাৰ পাছতো মই যে কিমান আঘাত সহিছো্ ৷তই জানো জান আই ৷ তই বাৰু নেদেখা দেশত কুশলে আছনে ? ?)
☆★☆★☆
12:49 am
সম্পাদিকা মহোদয়াক অশেষ ধন্যবাদ জনালোঁ ৷ মোৰ লটকনীয়া অনুভৱটিক শাৰীপাতি থিয় হ’বলৈ দিহা কৰি দিয়াৰ বাবে ৷প্ৰিয় পাঠকক এচিকুটাও আনন্দ দিব পৰা বুলি জানিলে কৃতাৰ্থ হ’ম ৷