ফটাঢোল

গণিতীয় প্ৰেমাপাদ্য – চাও খূন শিৱ ডেকা

গণিত আমাৰ প্ৰত্যেকৰ জীৱনৰ এক অপৰিহাৰ্য অংশ৷ পাচলিৰ দোকানত কেনেকৈ ৪০টকা হ’ব, ৩০ লোৱা বুলি কোৱাৰ পৰা, অনলাইন শ্বপিংত কিমান পাৰ্চেণ্ট ডিচকাউণ্ট সকলোতে অংকৰ জংক পংক৷ আজি পিছে আন এটা বিষয়ৰ ওপৰতহে অংকৰ ফৰ্মূলাৰ নিৰ্ভুল সূত্ৰৰ প্ৰয়োগ আলোচনা কৰা হ’ব৷ প্ৰেমত গণিতৰ সূত্ৰ৷ শুনিবলৈ অদ্ভুত নহয় নে! তথাপিও আলোচনা কৰিব লাগিবই৷ কিয়নো বৰ্তমানৰ পৃথিৱীত ইয়াৰ ব্যাপক তথা বিশুদ্ধ প্ৰয়োগ হোৱা দেখা যায়৷

১) প্ৰেমৰ উক্ মুকনি সাধাৰণতে হাইস্কুলীয়া জীৱনতে দেখা যায়৷ স্কুলৰ বেঞ্চবোৰত অথৱা টয়লেটৰ দেৱালত লিখা হয় প্ৰেমৰ প্ৰথমটো সমীকৰণ M+S, G+D, H+H ইত্যাদি৷ যিবোৰৰ কোনো সমিধান নোহোৱাকৈয়ে শেষ হৈ যায়৷ কিয়নো বীজগণিতৰ সূত্ৰ মতে (A+B)² হ’লেহে সমীকৰণৰ সমাধান ওলায়৷ অৰ্থাৎ A আৰু B ৰ দুয়োখন ঘৰৰ সম্পূৰ্ণ বন্ধনীৰ ভিতৰতহে উত্তৰ ওলায়, নহ’লে সেইবোৰ সদায় D+G অথৱা S+M হৈয়ে থাকি যায়৷

২) ত্ৰিভুজৰ যিকোনো দুডাল বাহুৰ মাপ তৃতীয় বাহুৰ মাপতকৈ বেছি :- এই ধৰক সমান্তৰাল সৰলৰৈখিক প্ৰেমকাহিনী এটা কিবাকৈ বিজুটি ঘটি আৰু এডাল ৰেখা লগলাগি এটা ত্ৰিভুজৰ সৃষ্টি হ’ল৷ এতিয়া ত্ৰিভুজটোৰ বাহুকেইটাৰ মাপত খেলি মেলি হ’বই৷ অৰ্থাৎ কোনডাল বাহু কোনডালৰ লগত যোগ হ’ব তাৰ ওপৰত নিৰ্ভৰ কৰি চিংগল হৈ পৰা বাহুডাল দুয়োডাল বাহু বা লগ হোৱা প্ৰেমিক যুগলতকৈ সদায় কম মানৰ বা জোখৰ হয়৷

৩) দুডাল সমান্তৰাল সৰল ৰেখা কেতিয়াও লগ হ’ব নোৱাৰে :- এই সূত্ৰমতে প্ৰেমিক আৰু প্ৰেমিকা, পতি আৰু পত্নী কেতিয়াও যে একে বিন্দু বা সহমতত উপনীত হ’ব নোৱাৰে তাৰেই ব্যাখ্যা কৰিছে৷

৪) ভাজ্য = ভাজক * ভাগফল +ভাগশেষ,
এই সূত্ৰটো দুটা ভাগে এপ্লাই হয়৷ প্ৰেম চলি থকাৰ অৱস্থাত,
প্ৰেম = প্ৰেমাস্পদ*খৰচ+ডেটিং বা টুগেদাৰ৷ বিবাহৰ পাছত একেটাই সূত্ৰ বেলেগ ধৰণে তেনেই বিশুদ্ধ হৈ পৰে৷
পৰিয়াল= পতি* পত্নী + ল’চালি৷
এইভাগ নিজ গুণে সকলোৱে বুজি পোৱা কথা৷

৫) সমানুপাত :- অনুপাত সমানুপাতে জীৱনৰ খৰচ বৰচৰ কথা যদি মিলোৱা যায় তেনেহ’লে উদাহৰণতে ফুটি উঠিব৷ যেনে :- চবিতা বৌৱে কৰা মেকআপৰ খৰচ আঙ্কুলৰ ৰজনীৰ খৰচৰ সমানুপাতিক৷ অথবা ভাস্কৰে চুলিত কৰা ৰঙৰ দাম কাংগনাৰ নেট পেকৰ সমানুপাতিক৷

৬) দ্যা লাষ্ট এণ্ড মষ্ট ডেনজাৰাচ পইণ্ট৷

 ত্ৰিভুজৰ তিনিটা কোণৰ মাপ ১৮০ ডিগ্ৰী: চকা চলিব পাৰে বা চলাব পাৰি, চকাৰ মাপ ৩৬০ ডিগ্ৰী৷ প্ৰেম বা সংসাৰ যদি সুষম গতিত চলিবলৈ হয় তেনেহলে চকাৰ দৰে হব লাগিব, মাপত ৩৬০˚ হ’ব লাগিব৷ যদি কেনেবাকৈ তৃতীয় পক্ষৰ এণ্ট্ৰী হয় (ঘৰৰ পৰা চোৱা দৰা/কইনা, পৰকীয়া সম্পৰ্ক ইত্যাদি) তেনে যোগ ফল ১৮০˚ হ’ব অৰ্থাৎ বৰ কেৰাহী তলিটোৰ দৰে৷ আনৰ সহায় নহ’লে বহাৰ পৰা ইফালে সিফালে চলিব নোৱাৰা টাইপ৷

এইখিনি সূত্ৰ মনত ৰাখিলেই প্ৰেম বা পৰিয়াল সুকলমে চলে বুলি মোক ভিনীয়ে কৈছে৷
ধন্যবাদ ভিনী৷

☆★☆★☆

6 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *