ফটাঢোল

এদিনৰ লিপি – Englishমীয়াত – ৰুবী বৰা বৰদলৈ

: Oh my God ইমান দেৰি হ’ল! sandalযোৰ ক’ত? হেৰা, good morning! আজি মোৰ schoolলৈ late হ’ল আৰু। তুমি উঠাচোন। বিচনাখন set কৰি থৈ আহিবা দেই।

দৰ্জাখনৰ hookটো খুলি ওলাই আহিলো bedroomৰপৰা। Bathroomত tapeটো খুলি বাল্টিটো full কৰিলো। Mugটোৰে পানী লৈ floorত ঢালিলো। Brussত toothpaste লৈ দাঁত brush কৰি মুখ ধুই towelৰে মচিলো। Geyserটোৰ switch on কৰি চিধাই kitchenত সোমালো। Filterৰপৰা glassত লৈ পানী খালো। Lighterটোৰে gas stoveটো on কৰি saucepanটোত পানী বঢ়াই দিলো চাহৰ বাবে। চাহ হয় মানে cup-plate কেইযোৰ ঠিক কৰি ল’লো।

: হেৰা, dining tableত চাহ দিছো। biscuit কি খাবা লৈ লোৱা, containerত আছে। মই freezeৰপৰা মাছ আৰু পাচলিখিনি উলিয়াই লওঁ।

cookerত দাইলখিনি বঢ়াই saucepanটোত চাউলখিনি বঢ়াই দিলো আৰু ovenটোত পাচলিখিনি steamed হ’বলৈ switchটো on কৰি দিলো। Oh, মাছখিনি fry কৰোঁতে গোটেইখন ধোঁৱাই গৈছে।

: হেৰা, মোৰ হাত তিতি আছে। cup-plateযোৰ থোৱা basinত, exhaust fanখন চলাই দিয়া। chimneyটোতকৈ fanখনেহে বেছি কাম কৰাৰ দৰে লাগেহে! ৰিকি, তই ready হ’লি? uniform পিন্ধি tiffin আৰু water bottle লৈ ল। school bag ready কৰি ল। Friday uniform washing machineত থৈ দে। Hanger আৰু clipবোৰ উলিয়াই থ’বি। কালি সোনকালে আহিছে, আজিও van আহিবই এতিয়া। হেৰা, তাইৰ জোতাযোৰ polish কৰি দিয়াচোন!

: তুমি bath-room লৈ যোৱা। geyserটোৰ switch off কৰি ল’বা।

: মই ready হ’লো দেই। তুমি bikeখন উলিওৱা,মোক গাড়ীলৈ আগবঢ়াই দিয়া। start কৰা সেইখন। কেতিয়াবা আকৌ engine ঠাণ্ডা হৈ থাকে বুলি কোৱা নহয়! Rail-gate বন্ধ হ’লে হ’লেই আৰু! Trainখনেও বৰ দিগদাৰ কৰে নহয় কেতিয়াবা!

: ইচ্ ৰাম, ইমান দেৰি হৈছে! আজি আকৌ tata magicবোৰৰো ইমান gap। ৰক্ষা,এখন আহিছে।

: আপুনি kindly অলপ ইফালে যাব নেকি বাৰু! মই এইখিনিত বহোঁ। অ’হ্ বাইদেউ, good morning। দেৰি হৈছে জানে! morning assembly ৰ আগত পামগৈ নে নাই জানো! উস্,অ’ ভাইটি, speed breakerবোৰত চাবাহে অলপ।

: বাইদেউ, gabbling মাৰিছোঁ। পিছা কৰি আহিছেতো এখনে, সেইকাৰণে। আপুনি নামিবৰ হ’লেই নহয়। খুচুৰা নাইনেকি? পাঁচটকীয়া coinsৰপৰা বৰ দিগদাৰ হয়। অ’ এটা আছে লওক।  আপোনাৰ luck ভাল।

: Good morning students. Let me take the roll calls. Silent please. Class 5. Roll number 1 2 3 4 5……….

: desk benchবোৰ পোন কৰি লোৱাচোন! তোমালোক কালি 1st benchত বহিছিলা, আজি last bench লৈ যোৱা। সদায় কওঁ নহয় মই, seat rotate কৰিবা!

: chalk আনিলা? ঠিক আছে। Boardলৈ চোৱা। Duster ক’ত? তোমালোকে বহী আৰু কিতাপ উলিয়াই লোৱা। pen, pencil, rubber, scale উলিয়াই লোৱা। margin পাৰি লোৱা আৰু আজিৰ date লিখি লোৱা।

: Bell মাৰিলে? line কৰি tube-wellৰ ওচৰলৈ যোৱা। হাত ধোৱা।

: Sir আজি আপুনি officeলৈ যাব নেকি?

: বাইদেউ, কালি যে আপুনি almirahত paperখিনি থৈছিল, মই অলপ চাওঁ দেই!

: 3:30, Bell মাৰা। ছুটী হ’বৰ হ’ল। ছুটীৰ prayer কৰা। Line কৰি ওলাই যোৱা। দৰ্জা আৰু gate lock কৰা আৰু চাবি sirক দিয়া।

: Oh sorry, বেয়া নাপাব হাঁ, ভৰিটো লাগি গৈছে,বৰ rush।

: উস্, বৰ tired feel কৰিছো দেই! এতিয়া মই অলপ rest ল’ম। Disturb নকৰিবি।

: মা phone….

: Mute কৰি থৈছ নেকি, ring tone শুনা নাই যে?

: Hello, বহুত busy, reception? যাম। marriage hall ত হে।

: Ok bye.

: Computerত কোন আছ?

: মই। কিবা এটা practice কৰি আছোঁ।

: TVৰ soundটো কমাই দিয়া। এই news channelকেইটা কিমান চোৱা আৰু? ভাল serial এখনো নোহোৱা হ’ল নহয়! Paperখন ক’ত থ’লা আজিৰ? Magazineখন দিলেনে?

: বৰ গৰম পৰিছে। ACটো on কৰাচোন।

: ভাত হ’ল। তুমি gate আৰু grill বন্ধ কৰি আঁহা।

: Phoneটো chargerত লগাই থচোন। Full charge হ’ব লাগিব। কালিলৈ update দিবৰ বাবে draft কৰিব লাগে।

: Guest roomৰ switch off কৰিলা?

: তই study room ত পঢ়িবি নে bed roomত? Bath roomৰ switch off কৰিবলৈ নাপাহৰিবি।

: Good night.

☆★☆★☆

4 Comments

  • হেমন্ত কাকতি

    বৰ মজা লাগিল এইটো৷

    Reply
    • rubi bora bordoloi.

      ধন্যবাদ জনালো।

      Reply
  • অনুৰূপ মহন্ত

    এইটো তামাম!?

    Reply
  • Manash Saikia

    এইটোৰ শুদ্ধ অসমীয়া ভাৰ্চনটো কৰি মজা লাগিছিল৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *