ফটাঢোল

বিশ্বকাপ ফুটবল’২০৪৬ চন (ভাৰত আৰু ব্ৰাজিল) – ঈশ্বৰ প্ৰসন্ন বৰা

যিমান পাৰি সোনকালে দোকান বজাৰ কৰি ঘৰ সোমালো—ক্লাবলে সোনকালে আহিব লাগিব। আজি ৱৰ্ল্ড কাপ ফুটবলত প্ৰথম বাৰৰ বাবে ভাৰত ব্ৰাজিলৰ মুখা মুখি হব।সমগ্ৰ দেশ ফুটবল জ্বৰত আক্ৰান্ত।প্ৰথম বাৰলে ভাৰতে কোৱালিফাই কৰিছে।আমাৰ কথা আকৌ আৰু সুকীয়া।অসমৰ দুজনে খেলিছে— চিবচান্দ টিমূং আৰু ভূপেন বৰা।ভূপেনক আকৌ মই সৰুৰে পৰাই জানো।গতিকে কথাই সুকীয়া।ডাঙৰ স্ক্ৰীন লগাইছো ক্লাবত,সকলোৱে একেলগে চাম।অসমৰ দুজনে বিশ্বকাপত খেলিব—তাতে আকৌ ভূপেনেই মূল ষ্ট্ৰাইকাৰ,কিবা বুজাব নোৱাৰা আনন্দ।

অসমীয়া স্পৰ্টচ চেনেলত লগাই ললো। ভাল লাগিব।অসমীয়াত কমেন্টেৰী শুনাৰ মজাই বেলেগ। মন ভাল লগা পানীয় আৰু চাকনা গোটাই লৈ আমি খেল চাবলে বহিলো।সময় যেন নেযাবই।অবশেষত খেলুৱৈ ওলাই আহিল— প্ৰথমে ব্ৰাজিল।তীব্ৰ হৰ্ষোল্লাস।“আব্বে— কি মজা লাগিব বে” মোৰ পিঠিত তীব্ৰ ঢকা পৰিল—এয়া আয়ুচৰ প্ৰতিক্ৰিয়া।সকলোৰে নয়নৰ মণি—জিনাল্ড’ক স্বচক্ষে দেখি সকলো উল্লাসত ফাটি পৰিছে।বাকি চুইলিয়াম,ডানিচ, চালফাঞ্চ’ হঁতটো আছেই।—“কি জিনাল্ড ফিনাল্ডক দেখাই আছে —ভূপেনক দেখা বে— ভূপেন- চিবচান্দক দেখা ”—অয়নে চিঞৰ মাৰি ডিঙি তিয়ালেই।

এয়া ভাৰতৰ খেলুৱৈ সকল ওলাই আহিছে, ভাৰতৰ দৰ্শকেৰে ষ্টেডিয়াম ঠাহ খাই পৰিছে৷ষ্টেডিয়ামত কেৱল ভাৰতৰ পতাকাহে দেখিছোঁ — চাওক নীল, মোৰ নোম ডাল ডাল হৈ পৰিছে, প্ৰথম বাৰৰ বাবে ভাৰতে ফুটবল বিশ্বকাপ খেলিছে আৰু আমাৰ সমুখৰ পৰা অসমীয়াত ধাৰাবিৱৰণী দিয়াৰ সৌভাগ্য হৈছে— ভাৰতৰ প্ৰতিজন লোকৰ বাবে এই ব্যবস্থা কৰা হৈছে—ভাৰতৰ সকলো স্থানীয় ভাষাত ধাৰা বিৱৰণীৰ ব্যৱস্থা কৰা হৈছে।অ, এয়া ভূপেন, তাৰ পিছতেই হেৰল্ড, ৱাই জে, সূধাংসূ পাল , চিবচান্দ, উদয়ণ গুৰুঙ, গুৰমিত৷ব্ৰজিলৰ খেলুৱৈ সকলে ৰাষ্ট্ৰীয় সংগীত গালে৷ এইবাৰ এয়া ভাৰতৰ খেলুৱৈ–“জনগণ মন” এই ক্ষণৰ বাবেই যেন বছৰ বছৰ ধৰি প্ৰতিজন ভাৰতীয়ই-অধীৰ আগ্ৰহেৰে বাট চাই আছিল।টছত ভাৰত জিকিল।এয়া খেল আৰম্ভ হল। ভূপেনে চেন্টাৰ কৰি উদয়ণলে বল ঠেলি দি দ্ৰুতবেগে ব্ৰাজিলৰ মিডফিল্ডত সোমাই পৰিল।উদয়ণে ৰাইট বেক সুধাংসূলৈ পাছ দি ৰাইট উইঙেদি আগলৈ দৌৰিলে।“এয়া দেখিছে, কিদৰে ভূপেনে তীব্ৰ গতিত ব্ৰাজিলৰ মিডফিল্ডত সোমাই গৈছে।ৰাইট উইংত আগবাঢ়ি যোৱা উদয়ণলে সূধাংসূৰ পৰা বল পাই চিবচান্দে দীঘলীয়া পাছ দিলে— উদয়ণে বুকুৰে ক্ষিপ্ৰতাৰে বল আয়ত্ব কৰি এয়া পুনৰ ভূপেনলৈ পাছ দিলে—অহ, ভূপেনক চুলিয়ানো,জুটিনহোয়ে আগভেটি ধৰিছে৷অ, ভূপেনে সুযোগ নেপাই লেফ্টত আগবাঢ়ি যোৱা ৱাই জেলৈ পাছ দিলে – ভৃপেন আগবাঢ়ি গৈছে—ৱাইজেৰ ক্ৰছ—অহ.. ভূপেনে শূন্যতে গল পশ্টলৈ তীব্ৰ শ্বট ললে—’ওৱাও’ বল গলবাৰৰ ওপৰেৰে পাৰ হৈ গল। আঃ, কি সুন্দৰ প্ৰদৰ্শন— প্ৰথম পাঁচমিনিটতে ভাৰতীয় দলে ব্ৰাজিলক যেন সতৰ্ক কৰি দিলে— নতুন প্ৰতিপক্ষ ভাৰতক যেন ব্ৰাজিলে দূৰ্বল বুলি নেভাবে।আজি বোধকৰো অসমৰ প্ৰতিজন লোকৰ চকু কেৱল টিভিৰ পৰ্দাত— নে কি কয় নীল।”

অহ, হয় হয়, সুমিত,ইয়াতকৈ আৰু ভাল লগা কথা কি হব পাৰে?ভাৰতে প্ৰথম ফুটবল বিশ্বকাপ খেলিছে আৰু তাৰে দুজন মূল খেলুৱৈ অসমৰ—-মই নীল কাশ্যপ আৰু মোৰ সতীৰ্থ একালৰ আই এচ এল খেলুৱৈ সুমিত, আমি দুয়ো অসমবাসীৰ বাবে পোনপটীয়া সম্প্ৰচাৰ কৰি আছোঁ—‘অ, ব্ৰাজিলৰ খেলুৱৈ তীব্ৰ আক্ৰমণাত্মক হৈ উঠিছে।ভাৰতৰ প্ৰথম আক্ৰমণটো যেন ব্ৰাজিলৰ হজম নহল। আলফানঞ্চোৰ তীব্ৰ দৌৰ মিডফিল্ডত।ৰক্ষণৰ গুৰমিতৰ বাধা অতিক্ৰম কৰি ৰাইট উইঙৰ লোচিয়ানলৈ পাছ, পুনৰ লুচিয়ানোৰ পাছ জিলবাৰ্টোলৈ , জিলবাৰ্টোৰ সুন্দৰ কৌশল, পুণৰ গুৰমিতৰ আৰু নৰেশ গুৰুঙৰ বাধা, জিলবাৰ্টোৰ পাছ মিডফিল্ডৰ পেটিটলৈ—এয়া পেটিত—অ লগে লগে পেটিটৰ পাছ লেফটৰ চালাচলৈ, চালাছৰ ক্ৰছ— এয়া চালফাঞ্চো—কৌশলী হেডাৰ—জিনাল্ডৰ ভৰিত বল—অ এয়া জিনাল্ডৰ গলমুখী শ্বট—’ ক্ষিপ্ৰতাৰে সোঁ দিশে ডাইভ কৰি গলকীপাৰ ভাস্কৰণে কোনোমতে বলটো সামান্য ডিফ্লেক্ট কৰিলে—বল গৈ গুৰুঙৰ ভৰিত — অকনো পলম নকৰি মিডফিল্ডলৈ দীঘলীয়া শ্বট লৈ নিশ্চিত বিপদৰ পৰা দলক ৰক্ষা কৰিলে।গুৰুঙৰ সুন্দৰ ক্লিয়েৰেঞ্চ।—হাফ টাইমলে আৰু মাত্ৰ পাচমিনিট।বল চিবচান্দৰ ভৰিত– — সুন্দৰ ড্ৰিবলিং কৰি ব্ৰাজিলৰ চুলিয়ান’,জেবেট,চালফাঞ্চোক ফাকি দি – দীঘলীয়া ক্ৰছ ৰাইটত তীব্ৰ বেগে আগলে উঠি অহা উদয়ণলৈ— উদয়ণৰ সোঁ ভৰিৰ নিখুত ৰিচিভ— পুণৰ পাছ মিডফিল্ডৰ চিবচান্দলৈ—- চিবচান্দৰ পাচ ভূপেনলৈ— ভাৰতৰ এই আচম্বিত প্ৰতিআক্ৰমণত ব্ৰাজিলৰ খেলুৱৈ যেন হতভম্ব— ভূপেনৰ দৌৰ গলমুখে—এয়া তীব্ৰ শ্বট — অহ – ভূপেন বাগৰি পৰিল।সম্ভাৱ্য বিপদ দেখি জেবেট”ৰ বিপদজনক টেকল—সূধাংসূ, চিবচান্দ -উদয়ণৰ তীব্ৰ প্ৰতিবাদ— পেনাল্টি লাগে।নাই – ৰেফাৰী নিৰ্বিকাৰ—পেনাল্টি বাদেই—ফ্ৰীকিকও নিদিলে, খেল চলি থকাৰ নিৰ্দেশ দিলে।—অয়নে আৰু আয়ুস খঙত ফাটি পৰিল— চাল্লা ব্ৰাজিল কাৰণে আমাক পাৰ্চেলিটি কৰিলে।চৌধ্যগোষ্ঠি উজাৰি, বেয়ামাতৰ অভিধানৰ সকলো শব্দৰে উচ্ছস্বৰত ৰেফাৰীক গালি পাৰিলে।কিন্তু ৰিপ্লেত দেখা গল— জেবেট’ৰ টেকল ইনটেনচনেল নাচিল—ভৰিয়ে বলতহে টাচ্চ কৰিছিল।কিন্তু ভূপেনে অলপ ভাও জুৰিলে।সুন্দৰ—ভূপেন- চিবচান্দহঁত যেন অধিক আক্ৰমণাত্মক আৰু সংঘবদ্ধ হৈ উঠিছে।জোখাৰ পাছ দি খেলখন অধিক উপভোগ্য কৰি তূলিছে।
আ:, অয়নে চিঞৰি উঠিল ,নোৱাৰিছো আৰু দেই ইমান টৈনচন—ঐ, আয়ুচ, দে দে – সোনকালে বাক।
মেক্সিকান ৰেফাৰী গুলেৰমো হাৰ্ণানডেজে ঘড়ী চালে—- এটা দীঘলীয়া হুইচেল।হাফটাইম হলেই। দে দে— কি য হব? টক্কৰ মজা দিছে কিন্তু আৰু আমাৰ ভৃপেন—বাঃ, অলপ শ্বট লৈছিল নে?মুঠতে খেল গুলী হৈছে—- টেনচন বাঢ়ি আহিছে।

☆★☆★☆

2 Comments

  • Mitali saharia

    ধুনীয়া লাগিল।

    Reply
  • Manash Saikia

    বঢ়িয়া৷ তেনে এটা দিন অহালৈ ৰৈ আছোঁ৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *