ফটাঢোল

ইউনিক’ড ব্যুৰ’ – নাজিফ হাজৰিকা

এবাৰ লণ্ডনত ইউনিক’ড ব্যুৰ’ই এখন সভা আহ্বান কৰিলে । বিশ্বৰ প্ৰায় সকলো ভাষাৰ ( যি ভাষাৰ নিজস্ব লিপি আছে ) কিছুসংখ্যক প্ৰতিনিধিক নিমন্ত্ৰণ জনালে । সভাখনৰ উদ্দেশ্য আছিল ইউনিক’ড লিপিৰ স্বতন্ত্ৰতা সম্পৰ্কে আলোচনা কৰা । আমাৰ অসমৰ পৰাও তিনি নদাই-ভদাই গৈছে সভালৈ । প্ৰদীপ ৰাজবংশী , ডঃ ধ্ৰুৱজিৎ বৰা আৰু শিখৰানন্দ শৰ্মা , এই তিনি নদাই-ভদাই টোপনিয়াই টোপনিয়াই বহি আছে সভাত ।

ইউনিক’ড  ব্যুৰ’ : তোমালোকৰ অসমীয়া ভাষাৰ লিপিটো একো স্বতন্ত্ৰ নহয় , বঙালী ভাষাৰ লিপিৰ পৰা লোৱাহে ! বুজিলা মিষ্টাৰ ৰাজবংশী ।
( ৰাজবংশী টোপনিয়াই আছে )
ইউনিক’ড  ব্যুৰ : মিষ্টাৰ ৰাজবংশী ( ধমকি দিলে )
প. ৰাজবংশী : হা : ( টোপনিৰ পৰা সাৰ পাই ) কি কৈছে ছাৰ ?

ইউনিক’ড  ব্যুৰ : আমাৰ মতে তোমালোকৰ অসমীয়া ভাষাৰ লিপিটো একো স্বতন্ত্ৰ নহয় , বঙালী ভাষাৰ লিপিৰ পৰা লোৱাহে !

প. ৰাজবংশী : ই মই নাজানোঁ দেই , ধ্ৰুৱক সোধকচোন ( ধ্ৰুবলৈ আঙুলিয়াই ) ।

ইউনিক’ড  ব্যুৰ : তুমি নাজানা ? তুমিটো জানিব লাগে , তুমি হেনো তাৰ (অসমৰ) সাহিত্যসভাৰ মেইন মানুহ !

প. ৰাজবংশী : ময়েই মেইন মানুহ , পিছে মই সাহিত্য-চাহিত্যৰ কথা ইমান নাজানো , মই পলিটিক্স হে জানো । কেনেকৈ সভাপতি , সম্পাদক হব লাগে সেইবোৰ মোক সোধক । বেলেগ কথা  নুসুধিব ।
( ৰাজবংশীৰ কথা শুনি ব্যুৰ’ৰ বিষয়ববীয়া সকলে নাক কোঁচালে , ছি : ছি )

ইউনিক’ড  ব্যুৰ : বাৰু ডঃ বৰা , আপুনিয়ে কওকচোন অসমীয়া লিপিটো বঙালী  লিপিৰ পৰা লোৱা হয় নে নহয় ।
ডঃ বৰা :  ই- নহয় দেই  । আমাৰ অসমীয়া লিপিটো স্বতন্ত্ৰ লিপি হয় ।

ইউনিক’ড  ব্যুৰ: ই- নহয় দেই ,  ছি-নহয় দেই  এইবোৰ ইয়াত নচলিব । প্ৰমাণ কৰক নহয় বুলি ।

ডঃ বৰা : ( কপালখন খজুৱাই খজুৱাই ) প্ৰমাণ মানে মই ভালকৈ দিব নোৱাৰিম । মই আচলতে এইবোৰ কথা ইমান নাজানোঁ । সেই তাক সোধকচোন , শিখৰানন্দক । সি ভালকৈ জানে এইবিলাক ।

ইউনিক’ড  ব্যুৰ: কি মানুহ আপোনালোক ! ইজনে সিজনক ঠেলি আছে যে ? বাৰু মিষ্টাৰ শিখৰানন্দ , আপুনিয়েই কওঁক

শিখৰানন্দ : আমাৰ অসমীয়া ভাষাৰ লিপিটো বঙালীৰ পৰা লোৱা নহয় । ই এটা স্বতন্ত্ৰ লিপি ।

ইউনিক’ড  ব্যুৰ: সেইবিলাক মুখেৰে কলে নহব । প্ৰমাণ দিয়ক ।
শিখৰানন্দ : প্ৰমাণ সদ্যহতে মোৰ হাতত নাই । পিছত দিম বাৰু ।
ইউনিক’ড  ব্যুৰ: কি মানুহ আপোনালোক ? যাওঁক ইয়াৰ পৰা । আমি প্ৰমাণ নোপোৱালৈকে অসমীয়া লিপিটো ‘বঙালী-অসমীয়া ‘বুলি  প্ৰচলন কৰিম ।

প.ৰাজবংশী : এ ৰ’ব ছাৰ । যোৱাৰ আগতে গ্ৰুপ চেল্ফি এখন মাৰি যাওঁ ।
ইউনিক’ড  ব্যুৰ: হুহ !
( সকলোৱে গ্ৰুপ চেল্ফি মাৰি ওলাই যায় )

বাটত ঘূৰি আহি থাকোঁতে ডঃ বৰা আৰু শিখৰানন্দৰ মনটো মৰি আহিল । ৰাজবংশী কিন্তু বিন্দাচ , আহিছে যেতিয়া হাঁহি হাঁহি লণ্ডন ফুৰিহে যাব ।

ডঃ বৰা : বুইছা ৰাজবংশী , কথাটো বেয়া হ’ল নহয় । অসমীয়া মানুহে আমাক কি বুলি কব এইয়া । লাজ লাগিব নহয় ।

প. ৰাজবংশী : ফাল্টু কথা চিন্তা কৰি নাথাকিবা । আমাৰ কাম আছিল সভাখন  এটেণ্ড কৰা , কৰিলোঁ । বছ , এতিয়া লণ্ডন ফুৰিব লাগে । ৰাইজৰ টকাৰে এনেকৈ বাৰে বাৰে লণ্ডন ফুৰিবলৈ চান্স নোপোৱা বুইছা ।
( ডঃ বৰা মনে মনে থাকিল )

শিখৰানন্দ (দুখমনেৰে) : আচলতে আমি কেইজন অহাতকৈ অলপ জনা-বুজা ভাষাবিদ দুজনমানকে পঠিয়াব লাগিছিল নেকি ! আমিটো একো অধ্যয়নেই কৰা নাছিলোঁ ।
প.ৰাজবংশী : বেছি লেকচাৰ নিদিবা দেই শিখৰ , কৈ দিছোঁ কিন্তু । মোৰ যহতে যে  ফ্রীতে লণ্ডন ফুৰিব পাৰিলা, সেইটো খবৰ আছে নে নাই ?
শিখৰানন্দ : উম আছে ! পিছে জাতীয় স্বাভিমান জড়িত হৈ আছে নহয় কথাটোত ….
প.ৰাজবংশী : চুপ , একদম চুপ । মোৰ মাথা চোৱাই নাথাকিবা । মোৰ লগত এতিয়া লণ্ডন ব্ৰিজ চাবলৈ যাবা নে নোযোৱা কোৱা তোমালোকে ? নহলে কিন্তু মই অকলেই যাম , কৈ দিছোঁ ।
ডঃ বৰা : মই যাম ।
শিখৰানন্দ : মই যাম ।

 তিনিও কান্ধত ধৰা-ধৰিকৈ লণ্ডন ব্ৰিজ চাবলৈ গ’ল ।
( হাজাৰ মাইল দূৰৈৰ পৰা অসমী আইয়ে নীৰৱে চকুলো টুকি থাকিল)

☆★☆★☆

3 Comments

  • সময়োপযোগী লিখনি। ভাল লাগিল।

    Reply
  • Manash Saikia

    আমি অসমীয়া যে৷ আমি এনেকুৱাই৷
    পেপাৰত ঢাক ঢোল বজাই দিলেই হ’ল৷

    Reply
  • বাস্তৱ, ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *