ফটাঢোল

আমাৰ পেহী – নৱকৃষ্ণ কৃশ

দুহেজাৰ চাৰি চনৰ কথা৷ নতুনকৈ দোকান আৰম্ভ কৰিছোঁ৷ মেচিনৰ লগতে পাণ-তামোলৰ সৰু বক্স এটাও গোটাই লৈছিলোঁ৷ দিনটো মই চাওঁ, সন্ধিয়া দাদা বহে৷
এদিন এগৰাকী পেহী আহিল আৰু মোক সুধিলে, তোমাৰ তাত ঘাটিকা চেম্পু আছে নেকি? মই হতভম্ব …….পেহী তেনেকুৱা নামৰ চেম্পু নাই নহয়………পেহীয়ে জাঙুৰ খাই উঠিল, ঐ গজমুৰা সৈটো কি? পঢ়িব নাজান’ নেকি? অ পিতাই মইহে এতিয়া পঢ়িব নজনা হলো? সেইটো ঘাটিকা নহয় বেং, ভাটিকা চেম্পুহে৷
আন এদিন আকৌ আহিল৷ দেখিয়েই সুধিলোঁ পেহী ঘাটিকা চেম্পু লাগে নে? পেহীয়ে শান্ত ভাবে ক’লে নালাগে আছে , চুইজাৰ ফেচ হব নি? মই বোলো চুইদাৰ পিচ হ’ব পায়৷ কলো- অ’ পেহী নাই নহয়, মই অৰ্ডাৰ লওঁ হে, কাপোৰ ৰাখি বিক্ৰী নকৰোঁ নহয়……..পেহীয়ে আকৌ দপদপাই উঠিল, এ তই দোকান কাৰ মূৰাটো কৰিবলে দিছ’? সৈটো কি? দে তাৰে দহটকাৰ৷ হে হৰি, ফাচ্ কে ওলাই অহা হাঁহিটো কোনোমতে ৰখাই চেণ্টাৰ ফ্ৰেচ চুইংগাম দহটা দিলো৷ পেহী গ’লগৈ৷ নিজকে কিবা টিউবলাইটৰ দৰে লাগিল সিদিনা৷

পেহী আকৌ আহিল দোকানলৈ এদিন৷ আহিয়ে পাচবুকখন ওলিয়াই দি কলে এইখন মোক এক্চিডেন্ট কৰি দে..মই হতবাক, হে প্রভু পাচবুকখন এক্সিডেন্ট কৰিবলৈ মই ক’ত ট্ৰাক এখন পাওঁ ? ( তেনেতে হঠাতে মনত পৰিল, মোৰ কাষৰ ৰুমতে সহজ অৰুনোদয় কেন্দ্ৰটো আছে, তাত ফটোষ্টেত কৰে , হয় ফটোষ্টেত কৰিবই লাগে চাগৈ……কিন্তু ইতিমধ্যে দোকান বন্ধ কৰি ছোৱালীজনী গ’লগৈ ) মই পেহীক কলো.. ই পেহী আপুনি অহা দেৰি কৰিলে নহয়…আপোনাৰ পাচবুকখন এক্সিডেন্ট কৰিবলৈ ট্ৰেৰাক গাড়ীখন গুচি গ’ল নহয় ! মই কাইলৈ এক্সিডেন্ট কৰাই থ’ম আপুনি লৈ যাব৷
পেহীয়ে সঁচাকৈয়ে কথাবোৰ আচৰিত ধৰণে কয় | এদিন সুধিলো পেহী মিন্টু কলৈ গ’ল ?দেখা নাই বহুদিন ( মিন্টু পেহীৰ ভনীয়েকৰ ল’ৰা ) পেহীয়ে ক’লে, সি আৰমিৰ ভিটামিন দিবলে গ’ল | মই কোনোমতে বহাৰ পৰা পৰি নগৈ নিজকে চম্ভালিলোঁ৷আৰ্মীবোৰো ইমান ভিটামিনৰ অভাৱত ভূগীব লাগেনে ? অলপ পিছতে মিন্টুৰ মাক আহিল৷সৰু পেহী, মিন্টুয়ে ক’ত ভিটামিন দিবলে গৈছে অ ? মোক ডাঙৰ পেহীয়ে কলে৷সৰু পেহীয়ে চকু কেইটা তামোলটোৰ সমান কৰি কলে, ক’ত ভিটামিন দিবলৈ গৈছে ? সি আৰ্মীৰ ইন্টাৰভিউ দিবলেহে গৈছে৷ মই তাতে বেহুচ্৷
বহুদিনৰ পিছত পেহী আকৌ আহিল ৷ আহিয়ে ক’লে, নৱ এই শাড়ীখনত ফালচ্ এটা লগাই দে আৰ বিলুচটো চিলাই দিবি৷জোখটো ল৷ মই বোলো এ পেহী মই গাত জোখ লৈ চিলাব নাজানো ৷ চাইজ কওক ৷পেহীয়ে যিটোহে কলে মই তাতে ফাগলাই গলো……………( পেহীয়ে কি কলে শুনকচোন , গালি নেপাৰিব দেই৷ অলপ সময় তভক মাৰি পেহীয়ে কলে এ, চাইজটো কব নোৱাৰিম নহয়৷তই দিবি আৰু এককেজিমানৰ জোখত চিলাই) পা মজ্জাটো, দৰ্জী কৰ ! এতিয়া হাতত দগা পাল্লা লৈ ওজন কৰ !!!

☆★☆★☆

6 Comments

  • এক পাল্লা মানৰ দিলে বেছি ভাল হ’ব, বৰ ভাল লাগিল।

    Reply
  • অনুৰূপ মহন্ত

    পেহী সদাই আহক দোকানলৈ

    Reply
  • অবিনাশ

    আকৌ পঢ়িলো ৷পেহীৰ কথা আৰু শুনিব মন থাকিল ৷বঢ়িয়া নৱ দা

    Reply
  • Lakhimi

    Naba. Pehik sewa eta diba mor hoi

    Reply
  • ৰাজদ্বীপ বৰা

    ভাল লাগিল নৱ !

    Reply
  • Ritumoni Saikia

    পেহীৰ কথাবোৰ আমোদ জনক ৷আগলৈও পঢ়িব পাম বুলি আশা থাকিল

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *