ফটাঢোল

লিমাৰিক (বিশ্ব পৰিৱেশ দিৱস উপলক্ষে) – ৰাজীৱ শৰ্মা

(১)

গছপুলি ৰুলে পাবা চৰকাৰী খিতাপ
গছকে কাটি বেৰা দিবা নকৰি সন্তাপ

পুলি ৰুই দিলে বেৰা
মৰিল সকলো হেৰা

বেৰা দিয়া গছজোপাৰ নোলাল হিচাপ।

(২)

বিশ্ব পৰিৱেশ দিৱসত ৰুলো পুলি
ফেচবুকত ফটো দিলো ছেলফি তুলি

মোৰ কাম শেষ হ’ল
প্ৰমাণ জিলিকি ৰ’ল

লাইক,কমেন্টৰে এতিয়া আছো ফুলি।

(৩)

ফোঁপজহী ৰঙাইৰ ক্ষন্তেকীয়া চমক
গছ পুলি ৰুবলৈ উঠিল বোলে জমক

নৱ সাঁজ-পাৰ পিন্ধি
গাতো দিয়ে লোকে খান্দি

ওভোটাই গছ ৰোৱে ক’ত মৰে মৰক।

☆★☆★☆

3 Comments

  • বঢ়িয়া

    Reply
  • হেমেন

    ক্ষুৰধাৰ ব্যংগ৷

    Reply
  • অনুৰূপ মহন্ত

    তামাম! এইবিলাক হে মানুহৰ গাত লাগি যোৱা ব্যঙ্গ। বঢ়িয়া।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *