ফটাঢোল

দত্তনী বাইদেউ আৰু ৰঙিলী মাহীৰ কথা – মনালিছা গগৈ

“দত্তনী বাইদেউ”

দত্তনী বাইদেউ সৰুৰে পৰাই বিৰাট জোৰকৈ আশা আছিল কিবা এটা হোৱাৰ৷ পঢ়া শুনাত ভাল নাছিল যদিও বৰ বেয়াও নাছিল৷ মাত্ৰ ইংৰাজীটো লোকৰ ভাষা হোৱাৰ বাবে কেতিয়াবা হেং মাৰি দিয়ে৷ এবাৰ  স্কুলত ছাৰে এপাহ ফুলৰ নাম কব দিওঁতে পাহৰি জনাৰ ভিতৰৰ একমাত্ৰ ইংৰাজী বাক্য I am a cup ছাৰ “এইটো এটা কাপ” বুলি অনুবাদেই কৰি দিলে নহয় l ছাৰে খঙতে তোৰ মূৰাটো You are a fool বুলি চিঞৰীয়েই দিলে৷
দত্তনিয়ে লাজতে মূচকচ যোৱা যেন হৈ বোলে –“ ইছ ছাৰ মই ইমান ধুনীয়া নহয় পায় এনেই ফুলৰ লগত তুলনা নকৰিব আউ৷”
সেইহেন দত্তনী বাইদেউ কম বয়সতে বিয়া হৈ আহি গুটেই প্ৰতিভা জয়ঁ পৰো পৰো৷ তেনেতে দত্ত দাই তেওৰ প্ৰতিভাৰ উমান পাই বোলে তুমি পঞ্চায়ত ইলেকচন খেলিবা এইবাৰ৷ শুনি দত্তনিৰ নেতা টাইপ ভাব এটা আহেই আৰু৷ কথাটো ওলাবৰ পৰা মাজে সময়ে দত্তনী দত্তৰ লগত ইফালে সিফালে যোৱা কৰিব লৈছে৷ মানুহৰ লগত চা চিনাকি হৈ ফিল্ড বঢ়াব লাগিবটো৷ সিদিনা নিলে গাঁৱৰ মিটিং এখনলৈ৷ পালে নহয় তাতে হস্পিতালৰ ASHA বাইদেউ জনীক৷ দত্তই দত্তনীক চিনাকি কৰাই দি কথা পাতিব দি অলপ আঁতৰত গ’ল৷ দত্তনীৰ প্ৰশ্ন আৰম্ভ হ’ল৷
: “হেৰি নহয়৷ আমাৰ এওঁ ক’লে আছাৰৰ কথা; এনেই আপুনি কি কি আছাৰ বনাই নো? ““
শুনি আমাৰ আশাকৰ্মী বাইদেউ সেইভাগেই ফিট৷

“ৰঙিলী মাহী”
মাহীৰ আকৌ স্কুল যোৱাটো মুঠেই ভাল নালাগে৷ তাতকৈ ঘৰতে হাঁহ ছাগলি এইবোৰৰ লগতে থাকিহে ভাল লাগে৷ হ’লেও ঘৰৰ দাবি ধমকি শুনি বাধ্য হৈ যায়৷
সিদিনা মাহীহঁতৰ ঘৰৰ ছাগলীজনী জগিল৷ মাহীৰ একদম মন নাই স্কুল যাবলৈ৷ পোৱালিকেইটা এৰি বাৰু পাৰিনে পঢ়িব যাব? আইঔ স্কুলত গৈও মনত পৰি আছে মাহীৰ৷ ছাৰ আহি সোমাল৷ ৰোল কল আৰম্ভ হ’ল৷ মাহীৰ লগৰ কেইজনীৰ লগত আৰম্ভ  হ’ল পোৱালি আখ্যান৷
১ ম : ইছ তই যে আজি আহিবই নালাগিছিল পায়৷
২য় : অই কেইটা দিলে নো? ৰং কি কি? শকত শকত নে?
ইত্যাদি ইত্যাদি
আমাৰ মাহী : আইঔ ইম্মান ধুনীয়া নোদোকা পোৱালি জাননে? দুটা দিছে৷ এটা ক’লা আৰু …
ছাৰ: ৰোল নং ৫; ৬; ৭;
মাহীৰ ৰোল পাওঁ পাওঁ৷
আৰু এটা পখৰা জান৷ পথাৰলে গৈছিলেহে৷ যেনেতেনে পালেগৈ কি নাই৷ তাই শুলেই নহয়৷ আৰু
ছাৰ:ৰোল নং ১৪ ——- ১৪
এইফালে মাহীৰ খবৰ হ’লেহে৷ দিলে নহয় এজনীয়ে খোচ মাৰি অই মাত আকৌ৷
খপজপকৈ মাহী জাপ মাৰি উঠি == ’“অ জগিলো ছাৰ ৷“
ইছছছছছ, , হাত পাত তোক আজি!

ছাৰে সমাজবিদ্যা পঢ়ায়৷
উলিয়া আজি “প্ৰাচীন যুগ” লেচন টো৷
অ’এইবাৰ তয়ে ক’ চোন৷ প্ৰাচীন কালত পুৰুষ সকলৰ দাঢ়ি চুলি দীঘল আছিল৷ কাৰণ তেতিয়া কেচি কটাৰি নাছিল৷ তেনেহলে মহিলাৰ দাঢ়ি দীঘল আছিল নে চুটি আছিল ক’ ছোন?
আহহহ
মাহী পাজোলত পৰিল এইবাৰ হে৷
” ছাৰ মহিলাৰ দাঢ়িও দীঘলেই আছিল চাগৈ৷”
ছাৰ অলিয়া বলিয়া হোৱাদি হ’ল তেতিয়াৰপৰাই৷

আৰে মাহীৰ কি দোষ? ঘৰৰ ছাগলী  মাইকীজনীৰোচোন মোচকোচা দীঘলেই৷

☆★☆★☆

2 Comments

  • হাঃ হাঃ ৰঙিলী মাহীৰ দোষ নাইতো, ছাগলীৰ দাড়ি দীঘলেই। ৰসাল কাহিনী।

    Reply
  • বৰ ৰস পালোঁ। এনে সৰল মনৰ মানুহ আছে বাবেই আমিও হাঁহিব পাৰিছো।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *