ফটাঢোল

ফটা পদ্য – হেমেন ডেকা

সঁচাক মিছা- মিছাক সঁচা কৰাটো সেৱকৰ নীতি
সতিনীৰ যাত্ৰা ভংগ কৰে আপোনাৰ নাক কাটি৷

সমাজসেৱক দেখিছো কত দন্দুৰা-ডাংকাটী
সশব্দে মেদিনী কঁপাই বচন মাতে দিন-ৰাতি৷

সৱতে চাগে ত্ৰিপাপ যোগ- সেয়েহে টেকেলি কাতি
সাপৰ দৰে মোট্ সলাই কোনে আছে খুঁটি৷

সন্তৰো ডুবে নাওঁ- কাৰণ পকনীয়াযুক্ত সুঁতি
সহস্ৰ কুম্ভীৰেও খাওঁ খাওঁকৈ ৰুদ্ধ কৰে গতি৷

সময় এনেকৈয়ে উৰে- হেঁপাহবোৰো যায় টুটি
সাতে-সতৰে এতিয়া উদ্গতিৰ জ্বলে লালবাতি৷

☆★☆★☆

3 Comments

  • অনুৰূপ মহন্ত

    ভাল লাগিল

    Reply
  • ভাল লাগিল

    Reply
  • Rintumoni Dutta

    হেমেনদাৰ কবিতা ফটাঢোলৰ এক সম্পদ, খুব ভাল লাগিল পঢ়ি

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *