ফটাঢোল

ওফাই-দাং মৰা জোঁৱাই – ৰিমঝিম বৰঠাকুৰ

ওফাইদাং মৰা জোঁৱায়েক এইবাৰ দুদিনমান থকাকে শহুৰেকৰ ঘৰলৈ গৈছে । বিয়াৰ সাতবছৰমান হৈ গ’ল এইবাৰেই চাগে প্ৰথমবাৰৰ বাবে দীঘলীয়াকৈ শহুৰেকৰ ঘৰত থাকিব। ইমান বছৰৰ মূৰত জোৱায়েক দুদিনমান থকাকৈ আহিছে শাহু-শহুৰৰ ফূৰ্তিটে গাত তত নোহোৱা হৈ আছে। শহুৰেকেটো বহুত প্লান কৰি থৈছে জোৱায়েক আহিলে কি খুৱাব, কি দেখুৱাব, ক’লৈ ফুৰাবলৈ নিব ইত্যাদি। প্ৰথমতে ঘৰৰ ফল-মূলৰ বাগিছাখনকে দেখুওৱা যাঁওক বুলি লৈ গ’ল জোৱায়েকক। প্ৰথমতে ৰবাব টেঙাৰ গছৰ পৰাই আৰম্ভ কৰিছে।

শহুৰ: বুইছা এইকেইজোপা ৰবাব টেঙাৰ গছ কেনেকৈ হ’ল গমেই নাপালো মাত্ৰ গুটিকেইটা দলিয়াইহে দিছিলোঁ এতিয়া একেবাৰে গছ গজি টেঙা লাগিবলৈ ঠাই নোহোৱা হৈছে।

ওফাইদাং জোৱাই: ইমান টেঙা লাগিছে ঠিকেই আছে কিন্তু আপুনি নোকোৱা হ’লে ৰবাব টেঙা বুলি গমেই নাপালোহেঁতেন। মোৰ ঘৰৰ গোল নেমুকেইটা এইকেইটাতকৈ ডাঙৰ।

জোৱায়েকৰ কথা শুনি শহুৰেকৰ হাঁহি থকা মুখখন একেবাৰে ক’লা পৰি আহিল। তথাপিও নিজেই লৈ আহিছে যেতিয়া আগবঢ়াই লৈ গ’ল বেলেগ গছ দেখুৱাবলৈ। এইবাৰ নাৰিকল গছকেইডালৰ ওচৰলৈ নি অলপ ওস্তাদি মাৰি ক’লে।

শহুৰ: এইকেইডাল নাৰিকলৰ সমান সোৱাদ থকা নাৰিকল আমাৰ গাঁৱ নালাগে গোটেই অসমতে নাই চাগে।

জোৱাই: কি যে কয় দেউতা, মোৰ আগতেই যি এইষাৰ কথা ক’লে। বেলেগৰ আগত ন’কব দেও। সোৱাদটো দূৰৰে কথা নাৰিকলৰ চাইজ দেখিয়েই কোনোৱে নাখাব। মোৰ বাৰীৰ কলি তামোলকেইটাও ইয়াতকৈ ডাঙৰ হ’ব।

এইবাৰ আৰু শহুৰেক ৰৈ থাকিব নোৱাৰিলে। ইমান ওফাইদাং মৰা জোৱায়েক বুলি ভবাই নাছিল। ‘ৰহ বেটা তোকো দি আছো বুলি’ এইবাৰ তৰমুজৰ গছকেইডালৰ ওচৰলৈ লৈ গ’ল। বাহেৰে সাজি দিয়া চাঙিবোৰত লোমালোমে লাগি পকি থকা তৰমুজবোৰ দেখুৱাই জোৱায়েকে মাত মতাৰ আগতেই শহুৰেকে টপককৈ মাতিলে

‘বুজিছা এই আঙুৰবোৰক লৈহে মোৰ সমস্যা। কলি হৈ থাকোতেই ইয়াৰ আকাৰ দেখিছা, যেতিয়া ডাঙৰ হৈ পকিব এটা আঙুৰ নিবলৈকে এখন মিনি ট্ৰাক আহিব লাগে।’

☆★☆★☆

12 Comments

  • অনুৰূপ মহন্ত

    হাঃ হাঃ, ওফাইদাং মাৰি মজ্জা পালে জোঁৱায়ে।

    Reply
  • ভাল লাগিল

    Reply
  • Rintumoni Dutta

    আপোনাৰ ব্যংগ লিখনীৰ এটা বেলেগ ষ্টাইল আছে। ভাল লাগিল পঢ়ি

    Reply
  • Mitali saharia

    ভাল লাগিল পঢ়ি।

    Reply
  • শহুৱেক নো কিয় পিছ পৰি থাকিব বাৰু ।

    Reply
  • ধন্যবাদ সকলোকে।

    Reply
  • Maniraj Boro

    ভাল লাগিল…

    Reply
  • Rituraj Borah

    ভাল লাগিল

    Reply
  • অভিজিৎ কাশ্যপ (চিকু শৰ্মা)

    হাঃ হাঃ! তামামমমমম

    Reply
  • ৰাজদ্বীপ বৰা

    ভাল লাগিল !

    Reply
  • Jamal uddin Ahmed

    ভাল লাগিল পঢ়ি।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *