ফটাঢোল

চন্দ্ৰবিন্দুৰ মায়া – জয়ন্ত আকাশ বৰ্মন

প্ৰতিপদৰ জোনবাই, বুকুতে সৰু তৰা এটি ল’লে,
ক-ফলালৈ নামি আহিল, চন্দ্ৰবিন্দু নাম পালে৷

মই/আমি সদায় যিবোৰ ক্ৰিয়া কাম কৰোঁ, চন্দ্ৰবিন্দু বহুৱাই দিবা শেষত, কথাটি কৈ থ’লোঁ‌৷

গান গাওঁ‌, ভাত খাওঁ‌, ফুৰিবলৈ যাওঁ‌, -আৰু কত কিমান কাম,
খেলোঁ, নাচোঁ, কথা পাতোঁ, -চন্দ্ৰবিন্দু শেষত চোৱা বহিছে থম-থম৷

গাইছিলোঁ, খাইছিলোঁ, গৈছিলোঁ, আৰু যিমান যি কাম কৰিছিলোঁ,
চন্দ্ৰবিন্দুক বহুৱাই শেষত, শব্দটোৰ মোখনি মাৰিছিলোঁ৷

ঠিক আগে-পাচে থাকে যদি নাসিকা বৰ্ণ ঙ ঞ ণ ন বা অনুস্বাৰ,
চন্দ্ৰবিন্দু নিদিবা নিদিবা তাত, নাই কোনো দৰকাৰ৷

শাওনত শুনো বৰষুণৰ চিঞৰ, গঞাৰ গাত সানো সপোন নিয়ৰৰ,
ভূঞা শিৰোমণি শংকৰে চিঞাহীৰে লিখিলে, কীৰ্তন ভক্তি ৰসৰ৷

অন্ত-আঁ‌ত, দন্ত-দাঁত; হংস-হাঁহ, ৱংস-বাঁহ, গ্ৰাম-গাঁও, আৰু অংক-আঁ‌ক,
কম্পন-কঁ‌পনি, স্মৰণ-সোঁৱৰণি, -শব্দবোৰ সৃষ্টি হয় চন্দ্ৰবিন্দু দিওঁ‌ তাত৷

আৰু এটা কথা কৈ থওঁ‌ মন দি শুনা কথাৰ মাজতে,
চন্দ্ৰবিন্দু বহে প্ৰথম আখৰৰ মূৰত, ক্ৰিয়াবোৰৰ বাদে সাধাৰণতে৷

সঁ‌চা বাঁ‌হীৰ কঁ‌পনি গাঁৱৰ আঁ‌হতৰ সোঁৱৰণি;
যুঁজৰ ঘোঁৰা ঢেঁ‌কীৰ কঁ‌তৰা ঢেঁ‌কীয়াত ফেঁ‌চাৰ জঁ‌য়াল বিননি৷

গাঁও মানে গ্ৰাম হয়, গাওঁ‌ মানে গান গোৱা,
তেও যদি বুজি নোপোৱা তেওঁক সুধি লোৱা৷

বাঁহৰ আগত চৰাইৰ বাহ, কাঁহৰ কাঁহীত দৈ খাই বুঢ়াৰ হ’ল কাহ,
আঁ‌হত গছৰ পৰা পৰি কোঁৱৰ আহত হ’ল, পৰি থাকিল পাঁচ মাহ৷

তহঁ‌ত সিহঁ‌ত ৰামহঁ‌ত, হঁ‌তত ‘হ’ই লয় সদায় চন্দ্ৰবিন্দুৰ ছাঁ‌য়া,
চন্দ্ৰবিন্দু কিমান ধুনীয়া চোৱা, কি যে ইয়াৰ মায়া!

☆★☆★☆

4 Comments

  • অনুৰূপ মহন্ত

    চন্দ্ৰবিন্দুৰ ব্যৱহাৰৰ সুন্দৰ জ্ঞান।

    Reply
  • চন্দ্ৰবিন্দু ব্যৱহাৰৰ বিষয়ে জ্ঞাত হলোঁ, ধন্যবাদ।

    Reply
  • কমল নেওগ

    এটা গঁড় গড়টো পাৰ হৈ গড়গাঁও পালেগৈ।

    Reply
  • Rintumoni Dutta

    এই চন্দ্ৰবিন্দুৰ ব্যবহাৰত মইয়ো একেবাৰে কেঁ‌চা

    ভাল লাগিল পঢ়ি

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *