ফটাঢোল

স্মাৰ্ট আংকোলৰ স্মাৰ্ট উত্তৰ – কবিতা ডেকা

আমাৰ আংকোল সৰুৰে পৰাই স্মাৰ্ট বুলি সৰ্বজনবিদিত৷ তেওঁৰ প্ৰিয় খাদ্যৰ তালিকাত যেনেকৈ প্ৰথমতে চেনি আছে, ঠিক সেইদৰে তেওঁৰ প্ৰিয় বিষয়ৰ তালিকাৰ নাম্বাৰ ওৱানত আছে… অ’, ঠিকেই অনুমান কৰিছে হিংলিছ মানে আমাৰ গাঁৱলীয়া মানুহৰ ভাষাত অংৰেজী৷ মই আকৌ সেই বিষয়ত একেবাৰে অপৈণত৷ মোৰ ল’ৰাৰ পৰীক্ষা পালেহি৷ তাক ইংৰাজী পঢ়াই থাকোঁতে সুধিলে বোলে মা entry শব্দৰ বিপৰীত শব্দ কি? মই বিমোৰত পৰিলোঁ৷ ভাবিলোঁ আংকোলকে সুধি লওঁ! লগালগ ফ’ন লগালো
মই —
:হেল্ল আংকোল নিকি?
আংকোল:ইয়াহ, ইট্চ মি, হাই কেন আই হেল্প ইও?
মই:এণ্ট্ৰি শব্দটোৰ বিপৰীত শব্দটো ক’ব নেকি?

তেওঁ এক চেকেণ্ডৰ এশ ভাগৰ এক অংশ সময়ো বিলম্ব নকৰি উত্তৰ দিলে, “ইট্চ ছ ডিম্পল আই মিন চিম্পল৷ এণ্ট্ৰি……….. ডিচেণ্ট্ৰী “

☆★☆★☆

10 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *