ফটাঢোল

সস্তীয়া কম্পিটিছন – ৰাজদ্বীপ বৰা

বিদ্যালয় ছুটীৰ পিছত ৰাহুলৰ ৰিজাল্টৰ খবৰটো লৈ যাওঁ বুলি শইকীয়া ছাৰ ৰাহুলহঁতৰ ঘৰত সোমাল ৷ ৰাহুল তেখেতৰে ছাত্ৰ আছিল ৷ দুবছৰ আগতে তেখেতৰ বিদ্যালয়ৰ পৰাই সি ষ্টাৰ মাৰ্কসহ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল ৷ তেখেতে পঢ়োৱা ইংৰাজী বিষয়ত সি ৯৭% নম্বৰ পাই স্কুলৰ নাম উজ্জ্বল কৰিছিল , তেখেতকো গৌৰৱান্বিত কৰিছিল ৷ সেইদিনাও তেখেত আহিছিল মেধাবী ছাত্ৰজনৰ ঘৰলৈ ৷
কলিং বেলৰ শব্দ শুনি ৰাহুলৰ মাকে দুৱাৰখন খুলি শইকীয়া ছাৰক দেখা পালে , আথেবেথে ছাৰক ভিতৰলৈ মাতি নি বহিবলৈ দিলে ! ৰাহুলৰ দেউতাকো ওলাই আহি ছাৰক মাতষাৰ দিলে ৷ স্বাভাৱিক অৱস্থাতকৈ ঘৰখন নিজম পৰি থকা যেন অনুভৱ হ’ল ছাৰৰ ৷

ৰাহুলৰ দেউতাকেই আৰম্ভ কৰিলে “ছাৰ , মন-চন ভাল নহয় আমাৰ ৷ ৰাহুলে আমাৰ নাক-কাণ কাটিলে ৷ ৰিজাল্ট একেবাৰে বেয়া , দ্বিতীয় বিভাগত উৰ্ত্তীণ হৈছে সি ” ৷

“আমি যে সপোনতো ভবা নাছিলোঁ তাৰ ৰিজাল্ট এনেকুৱা হ’ব বুলি ! মেট্ৰিকত ষ্টাৰ পোৱা লৰাজনৰ এই ৰিজাল্ট কেনেকৈ মানিব পাৰি কওকচোন ! কিমান কষ্ট কৰিছিলোঁ তাৰ লগত ৷ খৰচৰ কথাকৈতো লাভ নাই ৷ প্ৰতিটো বিষয়ত টিউচন দিয়াইছিলোঁ , কিতাপ যি লাগ বুলিছে তাকে কিনি দিছিলোঁ ৷ তথাপি সি নোৱাৰিলে ৷ অথচ মেট্ৰিকত তাতকৈ কম নম্বৰ পাই পাছ কৰা হাজৰিকাৰ লৰা ৰক্তিমে আজি চাৰিটাত লেটাৰ পাইছে ৷ ইমান লাজ পাইছোঁ মানুহবোৰৰ আগত ! ” কান্দি- কান্দি ৰাহুলৰ মাকে ছাৰৰ সন্মুখত দুখ উজাৰিলে ৷

নিস্তব্ধতা শেষ কৰি ছাৰে কলে ” ৰাহুলৰ ৰিজাল্টত মইও দুখ পাইছোঁ ৷ কিন্তু এতিয়া সেইবোৰ ভাবি লাভ নাই , হ’বলগীয়াটো হ’লেই যিহেতু ৷ আমি তাৰ ভৱিষ্যতৰ কথা ভবাই মংগল ” ৷

“কেনেকৈ নভবাকৈ থাকিম ছাৰ ! মানুহবোৰৰ আগত আমি কমখন লাজ পাইছোঁ নে ! তাৰ ৰিজাল্ট ভাল হ’ব বুলি ভাবিয়ে আজি এটা পাৰ্টি আয়োজন কৰিম বুলি মানুহখিনিক আগতীয়াকৈ জনাই থৈছিলোঁ ৷ এতিয়া কেনেকৈ মুখ দেখুৱাম আমি “– ৰাহুলৰ দেউতাকৰ কথা শুনি ছাৰৰ টিঙিচকৈ খং উঠি আহিল ৷

“ভুল আপোনালোকৰে ৷ মনত আছে নিশ্চয় মেট্ৰিকৰ ৰিজাল্টৰ দিনাও মই আহিছিলোঁ ইয়াৰ খবৰ ল’বলৈ ৷ সেইদিনা আপোনালোকে তাক চাইন্স পঢ়োৱাৰ কথা ক’লত মই বাৰম্বাৰ মানা কৰিছিলোঁ ৷ তাক মই পঢ়াইছিলোঁ , গতিকে মই জানো তাক ভালকৈ যে সি আৰ্টছৰ লৰা ৷ অংকতকৈ ইংৰাজীত তাৰ ভাল দখল আছে ৷ ৰক্তিমৰ কথা কৈছে ! ৰক্তিমৰ অংকৰ বেচ ৰাহুলতকৈ বহুত ভাল ,সি প্ৰকৃততে চাইন্সৰ লৰা ৷ কিন্তু আপোনালোকে ওচৰ-চুবুৰীয়াৰ লগত কম্পিটিছন চলাবলৈ গৈ তাক চাইন্সত এডমিচন দিলে , যিটো বিষয়ৰ ছাত্ৰই নহয় সি ৷ আৰু আজি আপোনালোকৰ সস্তীয়া কম্পিটিছনৰ , ভুল সিদ্ধান্তৰ বলি হ’ল ৰাহুল ৷ ” খঙৰে কথাখিনি কৈ শইকীয়া ছাৰ যাবলৈ উঠিল ৷

☆★☆★☆

10 Comments

  • হয় আজিকালি সেয়াই হৈছে, ল’ৰা-ছোৱালীৰ মনৰ খবৰ নাৰাখি নিজৰ মত জাপি দিয়ে, পিছত ভুগিব লাগে ল’ৰা-ছোৱালী সকলে।

    Reply
    • ৰাজদ্বীপ বৰা

      পঢ়াৰ বাবে ধন্যবাদ !

      Reply
  • মৃদুল শইকীয়া

    সময়োপযোগী লিখনি৷ আকৌ পঢ়িলো, ভাল লাগিল৷

    Reply
    • ৰাজদ্বীপ বৰা

      ধন্যবাদ !

      Reply
  • Rintumoni Dutta

    সময়োপযোগী লিখনি। ভাল লাগিল পঢ়ি

    Reply
    • ৰাজদ্বীপ বৰা

      ধন্যবাদ ৰিণ্টু দা !

      Reply
  • Mitali saharia

    ভাল লাগিল ।সময়ৰ লগত খাপ খোৱা ।

    Reply
  • গীতিকা শইকীয়া

    বৰ্তমান সময়ৰ এক সুন্দৰ প্ৰতিচ্ছবি। পঢ়ি ভাল লাগিল। লগতে এনে ধৰণৰ লিখনিয়ে আমাৰ বাবে শিকনিৰ দৰে কাম কৰিব।

    Reply
  • Joomoni pathok

    বৰ্তমান সমাজৰ অভিভাৱকসকলৰ (বেছিখিনিৰে)চিন্তাধাৰাৰ এখন সুন্দৰ প্ৰতিছবি,ভাল লাগিল

    Reply
  • লেখাটো পঢ়ি ভাল লাগিল৷ ল’ৰা ছোৱালীৰ ওপৰত অত্যাধিক হেঁচা প্ৰয়োগ কৰাটো ভুল৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *