ফটাঢোল

অৱশেষত দিপুৱে এজনী পালে – মানস শইকীয়া

মণিৰ দোকানত পাণখন লৈ মুখত ভৰাব ধৰোতেই মিণ্টুৱে ক’লে-
“সকলোৱে পাব দাদা৷ আপোনাক লাগে যদি কওক, মই সব ঠিক কৰি দিম৷”
পাণখন মুখৰ ভিতৰৰ নিৰ্দিষ্ট ঠাইকণত থিতাপি লগাই মই বোলোঁ-“মোক নেলাগে হেই৷ পাৰ যদি দিপুকে কিবা এটা কৰি দে, আমিতো একো কৰিব পৰাই নাই৷”
সি তপৰাই ক’লে,“ঠিক আছে দাদা, কাইলৈ ৰাতিপুৱা তাক পঠাই দিব৷”

দিপুৰ সৰু দোকানখনত সোমাই খবৰটো দিয়াৰ পিছদিনাই দিপুৱে মিণ্টুক লগ ধৰিলে৷ মিণ্টুয়ে ক’লে যে সি ওপৰত সকলো ঠিকঠাক কৰি দিব৷ প্ৰথমৰ কামখিনি পূৰ্ণিমা ডেকাই কৰিব৷ দিপুৱে গৈ লগ ধৰি ক’লেই হ’ল৷ টকা এশ সৰকাবলৈ অৱশ্যে নাপাহৰিলে৷

পূৰ্ণিমা দিপুহঁতৰ গাঁৱৰে জীয়ৰী৷ নামটোৰ লগত একোৰে মিল নাই,অমানিশাৰ লগতহে মিলে৷ আৰ লগত চিনেমা, তাৰ লগত পাৰ্কত-কৰি থাকোঁতেই বয়স গৈছিলেই আৰু৷ ভাগ্যে যেনিবা দুখনমান গাঁৱৰ সিফালৰ কমবয়সীয়া ডেকা এটাক পকৰাই দেউতাকে বিয়াখন পাতি দিলে৷ সেই পূৰ্ণিমাই দিপুহঁতৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী৷ ভিৰৰ বাবে পূৰ্ণিমাৰ ঘৰলৈ দুদিন গৈ ঘূৰি অহাৰ পিছত তৃতীয়দিনা পূৰ্ণিমাই কামখিনি কৰি দিলে৷ এতিয়া অনলাইন এপ্লাই কৰিব লাগিব৷

প্ৰথম দিনা চাৰভাৰ ডাউন বাবে পঞ্চায়তৰ কম্পিউটাৰ মৰা বাইদেউগৰাকীয়ে খেদি পঠালে৷ পিছৰ দিনা নেট ঠিক হ’ল৷ কিন্তু নৱৰ পাল পৰোতে গম পালে যে কিবা আই দি নম্বৰ লাগে৷ ‘ক’ত পায়’ বুলি সোধাত ভেকাহি মাৰি ক’লে-‘ইয়াত নহয়,সভানেত্ৰীয়ে দিব৷’

পিছদিনা আকৌ পূৰ্ণিমাৰ ঘৰ ওলালগৈ৷ মানুহ মানে দৰ্শনাৰ্থী কম৷ দিপুৱে কথাখিনি কোৱাত,ওচৰতে বহি পূৰ্ণিমাই আৰম্ভ কৰিলে,“সিদিনা ইমান মানুহ ! তোৰ লগত কথা পতাই নহ’ল৷ আগতে এইবিলাক নালাগিছিলেই৷ পিছে তহঁততো বি পি এল নহয়৷ বেলেগৰ আই দি এটা দিলেই হ’ব৷ ৰ’চোন৷ (ভিতৰলৈ চাই )অ’ মাইনু মোমায়েৰক চাহ অকণ দে৷”

এইবুলি কৈয়েই পূৰ্ণিমাবাই পদূলি মুখত এইমাত্ৰ আহি পোৱা নৰেশ্বৰ গাঁওবুঢ়াৰ ল’ৰা জয়ন্তক মাত দিবলৈ গ’ল৷ দিপুৱে ভালো পালে৷ গাঁওসম্বন্ধীয় ভাগিনীহে৷ আগতে কেতিয়াও দেখা নাই৷ মুখখন উজ্জ্বলি উঠিল৷ হেজাৰ হ’লেও ডেকা মন৷ অলপ পিছতেই মাইনু প্লেট এখনতে ৰঙা চাহৰ কাপ এটা আৰু মেৰিগল্ড বিস্কুট দুটা লৈ ওলাই আহিল৷ দিপুৰ মুখখন সেমেকি গ’ল৷ মনতে ভাবিলে- এইজনীয়ে দেখোন তাক কেঁচুৱা লোৱাদি ল’ব পাৰিব৷
তেনেতে বাই আহি ক’লেহি- “হৈ যাব৷ জয়ন্তৰ আই দিটোয়েই দিওঁ, কোনে চাব? পিছত তাক টকা দুশ দি দিবি৷”
দিপু আচৰিত হ’ল৷ ডিচি অফিচত চাকৰি কৰা জয়ন্তও তাৰমানে বিপিএল৷ সেইদিনাই যাবতীয় কামবোৰ কৰি অনলাইন এপ্লাই কৰা কামটো হ’ল৷ নামটোৱে খেলিমেলি লগাইছিলেই৷ মানে দিপু বৰুৱাৰ ঠাইত ফে’চবুকৰ নামটোকে লিখি দিছিল৷ গোটেই কামখিনিত চাৰে চাৰিশ খৰচ হ’ল৷ হওক পালেই হ’ল৷

সেইয়া ব’হাগ বিহুৰে কথা৷ তাৰপিছৰে পৰা পূৰ্ণিমাই মাকৰ ঘৰলৈ আহোতে একোপাক দিপুৰ ঘৰলৈও মৰা হ’ল৷ বোলে অকলশৰীয়া খুড়ীদেউজনীৰ খবৰ-বাতৰি এটা লৈ যাওঁ৷ এদিন দিপুৰ সোঁৱৰণীখনৰ নকল এটাও লৈ গ’ল৷ মহন বাপুৰ তাত বোলে দিপুৰ ভাগ্য চোৱাবগৈ৷ এবাৰ জীয়েক মাইনুকো লৈ আহিল৷ যাওঁতে দিপুৰ মাকৰ আগতে কৈ গ’ল,
“মোমায়েৰৰ ঘৰলৈ আহিলে মাজে মাজে খুড়ীদেউৰ খবৰ একোটাও লৈ যাবিচোন৷”
দিপুৰ মাক হোজা-নিমাখিত মানুহ৷ মানুহৰ মৰমতে গলি যায়৷ পুতেকে কথাটো বৰ ভাল নাপাই বুলি জানিও মুখ খুলি ক’ব নোৱাৰে৷

ইফালে মণিৰ দোকানত এই কথাটো লৈ লগৰবোৰে ৰগৰ কৰিবলৈ ল’লে৷ বোলে দিপুলৈ পূৰ্ণিমাই মাইনুক গতাবই৷ নতুনকৈ বনোৱা আৰচিচিটো হেনো জী-জোঁৱাইক দিব৷ মহন বাপুৰ হতুৱাই চোৱাইছে বোলে ৰাজ-যোৰা৷ দিপু সাধাৰণতে মণিৰ দোকানলৈ কম যায়৷ তথাপিও আৰ-তাৰ মুখৰ পৰা শুনি শুনি লাজো পায়৷ দিপুৰো মন এটা আছে, মুখ ফুটাই ক’বলৈ লগ-সংগ তেনেকৈ নাই৷

মাজতে,এদিন তাৰ দোকানলৈ যাওঁতে দিপুৱেই কথাটো উলিয়ালে,“দাদা, মোৰ কথাবোৰতো শুনিছেই৷ কি কৰোঁ, ভাবি নোপোৱা হৈছোঁ৷ মাজনীক আজলী পাই সেইজনীয়ে সেইবোৰ ৰটনা ৰটি ফুৰিছে৷”

মই বোলো-কি বেয়া কথাটো হৈছেহে! বিয়া পাতিবই লাগিব যেতিয়া,মাইনুতনো কি বেয়া দেখিলি? সি একো নামাতোতেই গম পালোঁ- বপুৰাৰ মাইনুত মন খাইছে৷

এনেবোৰ গুণা-গঁথাৰ মাজতে পৰহি মিণ্টুৱে দিয়া খবৰ অনুযায়ী দিপু কালি পুৱাই ব্লক পালেগৈ৷ বহুত মানুহ৷ দিপুৰ হাতত ব্লকৰ কেৰাণীজনে ১২৩ নম্বৰ লিখা কাগজ দিলে৷ বিধায়ক আহি বিতৰণী অনুষ্ঠান উদ্বোধন কৰোতেই বাৰটা বাজিল৷ তাৰ পিছত টোকন দেখুৱাই গুদামৰ পৰা তাইক লৈ টেম্পো ৰখা ঠাইকণ পাওতে চাৰি বাজিল৷ পিছে পয়মাল তাইক লৈ,কোনেও নুঠায়৷ এইখন জোতাখালি মাৰি থাকোতেই সোণাইৰ চোটা হাতীখন পাই আনি ঘৰ পাওঁতেই সাজ লাগিল৷ সোণায়ে পইচা পাতি নল’লে৷ ক’লে-‘পিছত গাখীৰ চাহকে খামহি৷’

নঙলা মুখতে মাকে ধূপ এগছি জ্বলাই খুৰা আৰু শিঙত মিঠাতেল অকণ ঘঁহি দি তাইক গঁড়াললৈ খেদি লৈ গ’ল৷ মুঠতে,দিপুৱে এজনী ছাগলী পালে,চৰকাৰ বাহাদুৰে দিয়া৷ অষ্ট্ৰেলিয়ান সঁচৰ, মানে হাইব্ৰীড৷

লগে লগে দিপুৰ ঘৰলৈ মাইনুৰ আহ-যাহো সঘনাই হ’বলৈ ল’লে৷ পূৰ্ণিমাৰ নতুন ইন’ভাখনত আজিকালি দিপু আৰু মাইনু একেলগে উঠি যোৱাটো সাধাৰণ যেন হ’ল৷ শুনামতে, এই আঘোণতে টোপোলা পেলাই মাঘত বিয়াখন পতাৰ যো-জা চলিছে৷

☆★☆★☆

6 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *