ফটাঢোল

অনামিকা কেতিয়াৰ পৰা অনামিকা হ’ল – নৱজিৎ বৈশ্য

পুৰা হতশ্ৰীনাং গণনা প্ৰসঙ্গে
কনিষ্ঠিকাধিষ্ঠিত হৃষিকেশঃ৷
অদ্যাপি তত্তুল্য কৱেৰভাবাদ্
অনামিকা সাৰ্থৱতী বভূৱ৷৷

পুৰণি কালত এবাৰ ফটাৰাজ্যৰ খৰ্বকায় বৰলা(ফটাভাষাত হতশ্ৰী) সকলৰ সংখ্যা গণনা কৰিবলৈ লোৱা হৈছিল৷ গণনাকাৰীয়ে প্ৰথমে কনিষ্ঠা আঙুলি চুই হৃষিকেশৰ নামেৰে আৰম্ভ কৰিলে৷ তাৰ পিছত যেতিয়া কনিষ্ঠাৰ কাষৰ আঙুলিটো চুই গণনাকাৰীজনে হৃষিকেশৰ সৈতে তুলনা কৰিব পৰা দ্বিতীয় এটা নাম মনলৈ আনিব নোৱাৰিলে, তেওঁ অনামিকা বুলি ক’লে৷ তেতিয়াৰ পৰাই কনিষ্ঠাৰ কাষৰ আঙুলিটোৰ নাম অনামিকা হৈ পৰিল৷

☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *