ফটাঢোল

এটেকিং মিডফিল্ডাৰ – অনন্ত বৰা

কালিলৈ খেলখনত চাঞ্চ এটা পোৱাৰ ক্ষীণ আশা এটা আছে তাৰ । বেঞ্চত বহি বহি এইকেইদিন মাথা বেয়া হৈ গৈছে । কালি বাবুলক দেখি তাৰ মনটো আৰু ভাল লাগিল । ভালকৈ খোজেই পেলাব পৰা নাই , সেইদিনা টেঙাপুখুৰী টিমৰ হটঙা ডিফেণ্ডাৰটোৱে ঠিকছে দিছে । সি একসপ্তাহ বহিল । এতিয়া আছেগৈ দীন , তাকো গটা এটা দিছিল ভালকৈ । পিছে নিহিলিলেই । দীনক উলিয়াই তাক খেলোৱাৰ চাঞ্চ নাই । দীনতকৈ তাৰ ৰেকৰ্ড বেয়া । তাতে ফাইনেল খেল । পানীবিল এফ চিৰ লগত ফাইনেল জিকাটো ইমান সহজ নহয় । তাতে নিজৰ গাঁৱৰ ফিল্ডত হাৰিবলে হ’লে ইজ্জতৰ কথা আছে । টিম মেনেজাৰ মুনদাই খেলখন যেনে তেনে জিকাৰ কথা কৈ আছে। ইফালে গাঁৱৰ ল’ৰা বুঢ়া,ডেকা জিয়াৰী গোটেই বোৰ খেল চাবলৈ আহে  ফুটবল বুলিলে গাঁৱৰ সকলো মানুহ পাগল। মুনদাই ভৰসা,ফাইনেল লিষ্টখনৰ প্ৰথম এঘাৰটা প্লেয়াৰৰ ভিতৰত কেনেবাকৈ তাৰ নামটো লিখাব পৰা হ’লে ! মুন দাই সেইদিনা অৱশ্যে কৈছে ,সাজু থাকিবি । এটেকিং হাফ খেলা মানুহ তইয়েই আছ । পানীবিলৰ লগত ডিফেঞ্চিফ খেলি জিকিব নোৱাৰ । গল দিবই লাগিব । তাতে তোৰ বাওঁভৰিৰ চুটিং ভাল । জানো ! মুনদাৰ কথা ধৰিবই নোৱাৰি । প্ৰায়ে তেনেকৈ কয় । পাছত দেখিবা বেঞ্চত বহি হাতচাপৰি বজাই থাকোঁতেই খেল শেষ । সেইদিনা বাঘজানৰ লগত হোৱা খেলখনত বেঞ্চত বহি থাকোঁতেই জোনমনিয়ে যিটোহে বিদ্ৰুপৰ চাঁৱনি দিলে । লাজেই পালে সি । তাই যেন ক’ব খুজিছিল : তোৰ কাম নাই । বেঞ্চত বহোঁতেই জীৱন গ’ল । মনটো বেয়া লাগি যায় তাৰ। হাফটাইমত ফুলবেক খেলা জীৱনক পানী বটলটো আগবঢ়াই যিটো মিচিকিয়া হাঁহি মৰিছে জোনমনিয়ে ! বুকু ভাগি যায় তাৰ । জীৱনে আটাইকেইখন খেলতে ভাল খেলি আছে । সি টিমৰ হিৰ’ এতিয়া ।

দুদিনমান আগলৈকে জোনমনিৰ মনটো সি পাইছে বুলিয়েই ভাবিছিল । হাঁহি মাতি বাবাদা,বাবাদা বুলি মাতিছিল । হঠাতে কি হ’ল জানো,তাৰফালে ভালকৈ নোচোৱাই হ’ল । মতাতো দূৰৰে কথা । এই খেলখনেই কাল হ’ল। এখন খেলতটো অন্ত:ত এটা চাঞ্চ পাব লাগে সি । ধেই ।

ফাইনেলৰ দিনা মুন দাই লিষ্টখন বনাই আছে । এনেই এবাৰ সি মুন দা বুলি মাত এষাৰ দি থৈ আহিল । আশা নাই । আজিও আশা নাই । তাতে বাবুলেও দেখোন বুট জাৰ্চী পিন্ধি আছে । ভাল হ’লেই নে !আজিও বেঞ্চত বহাৰ বাহিৰে গত্যন্তৰ নাই তাৰমানে । জোনমনিহঁত আহিছে চাগে খেল চাবলৈ । তাইৰ কথাটো মনত পৰিলেই তাৰ মাথাটো আৰু গৰম হৈ যায় । আহিলেও নাহিলেও তাৰ কি আহে যায় । নাহিলেই ভাল । হাঁহি হাঁহি জীৱনক ভাল খেলিছে জীৱনদা বুলি তাক ইতিকিং কৰিবলৈ তাই নাহিলেই ভাল ।

খেল আৰম্ভ হ’বলৈ পাঁচ মিনিট মান আছে । মুনদাই কাৰোবাৰ লগত ফোনত কথা পাতি আছে । এপাকত তাৰফালে চাই মাতিলে । কেচটো কি ? এই সময়ত ?

: চা বাবা , আজি জীৱন নাহে । কিবা এৰাব নোৱাৰা কামত ফচিল বোলে । জীৱনৰ পজিচনত ৰাজীৱে খেলিব । আৰু ৰাজীৱৰ পজিচনত তাই খেলিব লাগিব । এটেকিং মিডফিল্ড । পাৰিবি নহয় ? নোৱাৰাৰ কথাই নাই । ফালি দিব আজি সি । এইটো চাঞ্চ সি নেৰে । আনন্দত তাৰ চকুলো ওলাবলৈহে বাকী ।

খেল আৰম্ভ । ভৰিত বল পৰিলেই সি দুৰ্দান্ত গতিৰে আগবাঢ়ি যায় । ৰাজীৱৰ পৰা বল তাৰ ভৰিত , তাৰ পৰা পাপুল । পাপুলে আকৌ দিলে তাক । লেফ্ট চাইদৰ পৰা বাওঁ ভৰিৰে তাৰ কোবাল চুটিং । ধেই ,গল বাৰৰ দহফুটমান ওপৰেদি পাৰ হৈ গ’ল । আহি যাব । এইবাৰ পালে ডাইৰেক্ট পাৱাৰ পোষ্টত চুটিং ল’ব সি । খেলৰ মাজতে চকুদুটাই দৰ্শকৰ মাজত জোনমনিক বিচাৰি থাকিল । চা ,আজি খেল চা । পিছে নাই জোনমনিক সি দেখা নাই । আছে চাগে ক’ৰবাত ।

ফাৰ্ষ্ট হাফ জিৰ জিৰ । খেল বেয়া হোৱা নাই তাৰ । মুনদাই পিঠিত ঢকিয়াই ঠিকেই আছে বুলি কৈছে । নাই জোনমনি নাই । চকুত নপৰিল । আজিহে আহিব নালাগেনে মৰতি । অৱশ্য আহিবও পাৰে । আছে চাগে ক’ৰবাত ।

খেল চলি আছে ৰাজীৱৰ ভৰিৰ পৰা বল ওলাই গ’ল । পানীবিলৰ ষ্ট্ৰাইকাৰ এটাই ৰৈ নাথাকিল । নিয়েৰপোষ্টত কোবাল শ্বট । গ’ল কিপাৰ ৰাজুৱে ঢুকি নাপালে । বল নেটত । গল ।  চিঞৰ বাখৰ লাগিল দৰ্শকৰ মাজত । খেল শেষ হ’বলৈ মাত্ৰ দহ মিনিট মান আছে । কি হ’ব ! আজি ইজ্জতৰ কথা আহি গ’ল । দীনৰ ভৰিত বল । ৰাইট আউটৰ পৰা পাচ কৰি দিলে বাবালৈ । বাবাই পাপুললৈ , আকৌ দীন , দীনৰ পৰা বাবা । মাৰিলে চুটিং । গলপোষ্টত লাগি উভতি আহিল । ন’হব আজি । কোফা লাগিল । এইবাৰ মিডফিল্ডৰ পৰা বল লৈ গৈ আছে বাবাই । দুটা ডিফেণ্ডাৰে আগুৰি ধৰিছে । কাটিং এটা দি আগুৱাই গ’ল । আৰু এটা আগত । ড্ৰিব্লিং কৰি কৰি সোঁ ভৰি বাওঁ ভৰি , পাৱাৰ পোষ্টত চুটিং । বল নেটত । গল । সকলোৱে ডাঙি ধৰিছে বাবাক । খেল আকৌ আৰম্ভ । অতিৰিক্ত পাঁচমিনিটৰ খেল । দুৰ্দান্ত বাবা । অপ্ৰতিৰুদ্ধ আজি বাবা । চকুত ভাঁহি উঠিল জোনমনিৰ মুখখন । চা আজি চা । খেল শেষ হওঁ হওঁ ৰেফাৰীৰ হুইচেল বাজো বাজো । জোতা পোটা লাগি বলটো আহি বাবাৰ ভৰিত । ত্ৰিশ মিটাৰ আঁতৰৰ পৰা কোবাল শ্বুটিং । গল ।

ভাল লাগিছে আজি বাবাৰ । গাওঁখনৰ বাবে আজি বাবা হিৰ । সকলোৱে আহি তাক ৱাহ ৱাহ দিলে । মুনদা খুচ । সকলো খুচ । দেখুৱাই দিলে আজি সি । পিছে জোনমনি ক’ত ! তাইক দেখা নাই যে !

লাহে লাহে আন্ধাৰ নামি আহিছিল । মানুহবোৰ ঘৰমুৱা হৈছিল । তিনিআলিৰ বীৰেণৰ দোকানত আচাম এক্সাইজৰ গধুৰ পেগবোৰৰ সতে আজি বাবাৰ দুৰ্দান্ত গলকেইটাৰ আলোচনা চলিছিল । ফিল্ডৰ পৰা চাইকেল খন লৈ তিনি আলি পালেহি বাবা । মনটো যিমান ভাল লাগিব লাগিছিল সিমান ভাল লগা নাই দেখোন তাৰ । এবাৰ যদি জোনমনিয়ে ক’লেহেঁতেন , ভাল খেলিলে বাবাদা বুলি । পানী বটল এটা আগবঢ়াই দিলেহেঁতেন ।
: অ ‘ জীৱন তাৰমানে সেইকাৰণে খেলিবলৈ নাহিল ।
: ই , গম নাপাৱ ?
——- তিনিআলিত আলোচনা ।
: কি হ’ল জীৱনৰ ! — বাবাই সুধিলে ।
: অ ‘ বাবা । গম নাপাৱ হ’বলা । সেই, খেল জমি আছে । কালি জীৱনে সেইজনীক নিলে নহয় ।
: সেইজনী মানে !

: সেই , মহৰীৰ জীয়েক জোনমনিক আকৌ । জীৱনৰ মোমায়েকৰ ঘৰত ৰাখিছে বোলে । জোনমনিৰ বাপেক হৰেন মহৰীয়ে বোলে পদুলিত দা ঘূৰাই আছে এতিয়া ।
— বুকুখন বিষাইছে বাবাৰ । মূৰটো ঘূৰাইছে তাৰ । কি শুনিছে এইবোৰ ! তাই মৰতিয়ে তলে তলে তাৰমানে ?
: আহ আহ অই বাবা । বহুত ভাল খেলিছ তই । আজি তই আমাৰ ইজ্জত বচালি ।
— বাবাৰ সন্মুখৰ টেবুলখনত থকা দীঘল চিচাৰ গিলাচটোত বীৰেণ দোকানীয়ে আচাম এক্সাইজ এগিলাচ বাকি দিলে ।
: টান অই বাবা টান । আজি তোক মই খুৱাম ।
– বাবাই গিলাচটো হাতত লৈ একে টানে শেষ কৰিলে ।
– কেঁহা , তিতা , জ্বলা , — নিমখ অলপ দে অই বীৰেণ কাই ।

☆★☆★☆

One comment

  • ৰাজদ্বীপ বৰা

    মজ্জা ! ভাল লাগিল !

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *