ফটাঢোল

এই সংখ্যাৰ আঁৰৰ কথা – মৌচুমী বৰি

শিৱসাগৰত অনুষ্ঠিত হোৱা “ফটা ঢোল বহাগী প্ৰীতিমেলত” ৰিণ্টুমনি দত্ত দাক লগ পাইছিলোঁ ৷ তেওঁ মোৰ স’তে চিনাকি হৈ কথা প্ৰসংগত ক’লে — “আমাৰ আলোচনীখনৰ সম্পাদনাৰ দায়িত্ব এবাৰ ল’ব লাগিব দেই ৷” “ফটা ঢোল”ৰ দৰে এখন উচ্চমানৰ  অসমীয়া হাস্য-ব্যংগ ই-আলোচনীৰ  দায়িত্ব লোৱাটো এই অভাজনীৰ বাবে বৰ ডাঙৰ কথা ৷ সেয়ে ভয় লাগিল অলপ ৷ ভাবিলোঁ– “ৰিণ্টুমনি দাই কথাখিনি যেন ইমানতে পাহৰি যায় আৰু কস্মিনকালেও মোক যেন এই কথা নুসোধে ৷ “পিচে ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি ৷ দাদাই নাপাহৰিলে ৷ দুমাহ মানৰ পিছতে মোৰ অভিন্ন হৃদয়ৰ ভণ্টী পৰীৰ পৰা মোৰ ফোন নম্বৰ লৈ দাদাই  জুলাই সংখ্যাৰ ফটা ঢোলৰ সংখ্যাটিৰ সম্পাদনাৰ বাবে মোলৈ প্ৰস্তাৱ আগবঢ়ালে৷ অৱশেষত গা-মূৰ জোকাৰি দায়িত্ব ল’বলৈ সাজু হ’লো পৰীৰ সাহসতে ৷
সম্পাদনাৰ দায়িত্ব লোৱাৰ পিছতেই সকলোৰে সহযোগিতা দেখি মুগ্ধ হ’লো ৷ সাধাৰণতে সম্পাদনাৰ দায়িত্ব লোৱা মানেই অলপ চাপত থকা যেন হয় ৷ কিন্তু মোক চাপমুক্ত কৰি চবিনা , জীমণি , গীতিকাবা , মনীষা , পৰীস্মিতাই কিবা সহায় বিচাৰিলেই পোৱাকৈ আছো বুলি মোক হয়ভৰ দিলে ৷ মনৰ খূ-দুৱনিবোৰ মাৰ নিয়াবলৈ সহায় কৰাত ৰিণ্টুমনি দা আৰু হেমন্ত দা অনবৰতে আছিলেই ৷ ফটা ঢোল গোটত ভাল লেখা দেখিলেই সেই লেখাটো চাবৰ বাবে পৰামৰ্শ আগবঢ়াইছিল প্ৰণীতা গোস্বামী বৰঠাকুৰ , ধ্ৰুৱজ্যোতি অৰ্জুন , পৰী , চবিনা , হেমন্তদাই ৷ তাৰোপৰি আটাইতকৈ ভাল লগা কথা আছিল যাৰ পৰাই লেখা বিচাৰিছিলোঁ তেওঁলোকৰ বেছিভাগেই লগে লগেই দিম বুলি এবাৰতে মান্তি হৈছিল আৰু তেনেকৈ সময়ত দিছিলোঁ ৷ লেখাবোৰৰ বানান চাবৰ বাবে ঋতুপৰ্ণা মহন্ত ভণ্টী আৰু ঈশান জ্যোতি বৰা ভাইটিক কুটুৰি আছিলোঁ আৰু তেওঁলোকে  ব্যস্ততাৰ মাজতো সময় উলিয়াই বহুতো লেখাৰ বানান চাই দিছিল ৷ ঈশান ভাইটিক আগৰে পৰাই আমনি কৰি ভাল পাওঁ (পিচে আমনি কৰিছো বুলি ক’লে ঈশানে অলপ খং কৰে) ৷ ঈশানক ক’লো–“যেনে তেনে মোৰ বাবে সোণাৰু ফুলৰ ছবি আনি দিয়া সম্পাদকীয় ফটোৰ বাবে” ৷ লগ লগেই ঈশানে তাৰ কেমেৰাত বন্দী কৰি ৰখা ধুনীয়া ধুনীয়া সোণাৰু ফুলৰ ফটো পঠিয়ালে মোলৈ ৷ মই আনন্দতে জপিয়াই উঠিলোঁ ৷ এনেকুৱা ভাইটি এটা পাবলৈ সৌভাগ্য লাগিব ৷ সৌভাগ্য লাগিব পৰীৰ দৰে ভণ্টী এজনী পাবলৈও ৷ পৰীয়ে ক’লে–সাক্ষাৎকাৰৰ বাবে চিন্তাই নকৰিবা ৷ মই সকলো কৰি থৈছোঁ ৷ তুমি কেৱল লেখা গোটোৱা আৰু সম্পাদনাৰ  কামত লাগিলেই হ’ল ৷ বহুত ডাঙৰ দায়িত্বপূৰ্ণ কাম এটাৰ পৰা যেন সকাহ পালো মোৰ এনে লাগিল ৷ এই সংখ্যাটোৰ সম্পাদনাৰ গোটেই সময়ছোৱাত সকলো সময়তে পৰী মোৰ বাবে সাহস আৰু প্ৰেৰণা হৈ থাকিল ৷
দেৱজিত শইকীয়াই প্ৰথম তিনিটা শিতানৰ কেৰিকেচাৰ কৰি দিম বুলি ক’লে , বিজয় মহন্তই হাঁহিৰ খোৰাক দি মনবোৰ সজীৱ কৰি ৰাখিলে ৷ বান্ধৱী চবিনাই ড০ লীলা গগৈ দেৱৰ ৰম্যৰচনা কেইটিমান ব্যস্ততাৰ মাজতো সময় উলিয়াই অশেষ কষ্টেৰে অসমীয়া ইউনিক’ড কৰি দিলে ৷ মোৰ সম্পাদকীয় লেখাটিত হেমন্ত দা , ঈশান ভাইটি আৰু হীৰক ভাইটিয়ে চকু ফুৰাই দিলে ৷ ফটা ঢোলৰ কাম কিমান আগবাঢ়িছে বুলি খবৰ খাতি লৈ থাকিল খনীন্দ্ৰ ভাইটি , বাবু , সত্যেন্দ্ৰ দাদা , সোণটো ৰঞ্জন ,  মনোহৰ দাদা , বান্ধৱী ময়ূৰী আৰু পাপৰিয়ে ৷ এই আপাহতে সকলোকে মই মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতাৰ শৰাই আগবঢ়ালোঁ ৷ কৃতজ্ঞতা জনাইছোঁ ফটা ঢোল গোটৰ সমূহ প্ৰশাসকবৃন্দক যি সকলে এই অভাজনীক সম্পাদকৰ বাবে যোগ্য বুলি ভাবিলে ৷ কৃতজ্ঞতা জনাইছোঁ সেই সকল লেখকক যি সকলৰ লেখাৰে “ফটা ঢোল” আলোচনীখনি সজোৱা হ’ল ৷ কৃতজ্ঞতা জনাইছোঁ সম্পাদনা সমিতিৰ সকলো সদস্যক যি সকলৰ অবিহনে এই সম্পাদক অসম্পূৰ্ণ ৷ কৃতজ্ঞতা জনাইছোঁ অসমীয়া সাহিত্য জগতৰ মহীৰূহ স্বৰ্গীয় দণ্ডিনাথ কলিতা দেৱ , স্বৰ্গীয় লীলা গগৈদেৱ আৰু শ্ৰদ্ধাৰ হোমেন বৰগোহাঞি চাৰলৈ যি সকলৰ মুকুতাহেন লেখাদুটিমান অসমীয়া ইউনিকড কৰি ফটা ঢোলত সজোৱা হ’ল ৷ শেষত অজানিতে হ’ব পৰা ভুল-ক্ৰুটিৰ বাবে এই অভাজনী সকলোৰে ওচৰত ক্ষমাপ্ৰাৰ্থী ৷
জয়তু ফটা ঢোল
ধন্যবাদ সহকাৰে
মৌচুমী বৰি ,
সম্পাদক , জুলাই সংখ্যা
☆★☆★☆

5 Comments

  • অনুৰূপ মহন্ত

    ভাল লাগিল সকলোৰে সহযোগৰ বিষয়ে জানি। আলোচনী খন এনেদৰেই আগুৱাই যাওঁক আৰু সকলোৱে আকোৱালি লওক। জয়তু ফটাঢোল।

    Reply
  • Mitali saharia

    ভাল লাগিল।

    Reply
  • Padma Gogoi

    যদিও আপুনি সমস্ত কৃতিত্ব আনলৈ ঠেলি দিছে,আপোনাৰ পৰা পাঠক সমাজে আৰু আশা কৰিব ৷এই সম্পাদনাই এটা সুকীয়া, সুখকৰ শৈলী বৈ আছে, যিটো সমগ্ৰ সমাজৰ হিতকৰ হ’ব পাৰে ৷ ধন্যবাদেৰে —

    Reply
  • হেমন্ত কাকতি

    বৰ সুন্দৰভাবে সংখ্যাটো পোহৰলৈ আনিলা মৌচুমী৷ বৰ গধুৰ কাম নিয়াৰিকৈ সমাপন কৰিলা

    Reply
  • Mousumee Bori

    আপোনালোকৰ মন্তব্যই সুখী কৰিলে৷ প্ৰেৰণা পালোঁ৷ বহুত ধন্যবাদ আৰু কৃতজ্ঞতা৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *