ফটাঢোল

গছৰ বিলৈ – চিকু শৰ্মা

“আজি ৫ জুন, আজিৰ দিনটোক বিশ্ব পৰিবেশ দিৱস হিচাপে সমগ্ৰ বিশ্বতে পালন কৰে। আজিৰ দিনটোত সকলোৱে নিজৰ নিজৰ ঘৰত ভাল গছৰ পুলি ২ টা, ৩ টা মানকৈ ৰুবা।”

ছাৰৰ কথা শুনি ঠিৰাং কৰিলো যে আজি চোতালত গছৰ পুলি ৰুবই লাগিব। তেতিয়া মই পঞ্চম শ্ৰেণীত আছিলো। ২.৩০ মান বজাত স্কুল ছুটী হʼল। স্কুলৰপৰা আহি ঘৰত জিৰাবলৈ সময় নাই, ড্ৰেছযোৰ সলাই গছৰ পুলি বিচৰাত লাগি গʼলো। কʼতো গছৰ পুলি বিচাৰি নাপাওঁ। বাৰীৰপৰা বাটলৈ ১০ বাৰমান মাকো মাৰিলো, কিন্তু গছৰ পুলি নাই। ইফালে বৰ গৰম। ভাগৰো লাগিছে। অলপ পিছতে মায়ে ভাত খাবলৈ মাতিলে। ভাতকেইটা খাই আকৌ মোৰ মিছনত লাগি গʼলো। গছৰ পুলি বিচাৰোহে বিচাৰো, কিন্তু কʼতো গছৰ পুলি নাই। অৱশেষত মোৰ চকু পৰিল গোসাঁই ঘৰৰ পিছফালে মানে ৰাস্তাৰ কাষতে থকা সেই কাঞ্চন ফুলজোপালৈ। কাঞ্চন ফুলজোপাৰ তলতে আছে ৫ টা মান কাঞ্চন ফুলৰ পুলি। ছাৰৰ কথাটো মানিবই লাগিব। গতিকে এই ফুলৰ পুলিকেইটাই উঠাই আনি চোতালতে ৰুই দিওঁ। এইবুলি হাতত সাৰে ভৰিত সাৰে গৈ আইতাৰ তামোল কটা কটাৰীখন আনিলো। সেইখন হাতত লৈ কামত লাগি গʼলো। গোটেইকেইটা ফুলৰ পুলি উঠালো তাৰপৰা। তাৰপিছত চোতালত কটাৰীখনেৰে পাঁচটা গাঁত খান্দিলো আৰু গোটেইকেইটা ফুলৰ পুলি ৰুই দিলো। ফুলৰ পুলি কেইটা ৰুই মনটো বহুত ভাল লাগিল। তাৰপিছত অলপ জিৰণি লʼলো।

“ঐ তই ইগলে কি কচ্ছে! গোটাই পুলিকিটে মাৰি পেল্লি!”

    দেউতাৰ গালি শুনি ওলাই আহিলো। মই লাহেকৈ কʼলো,
“কিনো কল্লো মই! ছাৰে গাছ ৰুবা দিছি, সেইকাৰাণে ফুলুৰ পুলি গিটে ৰুলো চোতালোতে!”

“তোক গাছ হে ৰুবা দিছি, সেইবুলি তোক সেই ৰুৱা গাছোৰ পুলিকে নতুনকে ৰুবা দে নাইতো! তাকো ৰুছে ৰুছে, মাজ চোতালোতে ৰুছে এই কটকটে টান মাটিখেনিত। না তাতে পানী পাবো না সাৰ পাবো!”

মই পুলিকেইটালৈ চাই দেখিলো যে এই ১ ঘণ্টামানতে মৰহি গৈছে। তাৰপিছত আকৌ পুলিকেইটা তাৰপৰা উঠাই নি আগৰ ঠাইত ৰুই দিলোগৈ। পিছদিনা ৰাতিপুৱা পুলিকেইটা চাওঁতে দেখিলো, পাতকেইটা কʼলা হৈ আছে!

(কামৰূপৰ কথিত ভাষা ব্যৱহাৰ কৰা হৈছে)

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *