ফটাঢোল

বিড়াল – উৎপলা কৌৰ

মনোৰমা বৰুৱাই নিজৰ নতুন ঘৰটো আৰ্কিটেক্ট-ইণ্টেৰিঅ’ৰ ডিজাইনাৰ নিয়োগ কৰি সুদৃশ্য কৈ বান্ধি লোৱাৰ দৰে নিজৰ সংসাৰখনো সজাই-পৰাই লৈছে৷ তেওঁ বৰ হিচাপী
মানুহ৷ সকলো কাম লাভ-লোকচানৰ তুলাচনীত জুখি-মাখি কৰে৷ অৰ্কিটেক্টে ঘৰটোৰ নক্সা আঁকি লোৱাৰ দৰে তেওঁ কলেজত পঢ়ি থাকোঁতেই আঁকি লোৱা নিজৰ জীৱনৰ নক্সাখন সুন্দৰকৈ, ক’তো উজুটি নোখোৱাকৈ অনুসৰণ কৰি গৈছে৷ গৃহ নিৰ্মাণত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ পৰা সাৱধান হোৱাৰ দৰে নিজৰ জীৱনৰ পৰাও কামত নহা মানুহবোৰ গাখীৰত পৰা মাখিটো উলিয়াই পেলোৱাৰ দৰে কাম তেওঁ অতি চতুৰতাৰে কৰি পেলাব পাৰে৷

কলেজীয়া দিনত মনোৰমাহঁতৰ কলেজৰ অন্যতম ৰোমাণ্টিক যোৰা আছিল মনোৰমা আৰু প্ৰসেনজিত৷ কলেজৰ অলিয়ে-গলিয়ে সিহঁতৰ উপস্থিতি আছিল৷ মেধাবী প্ৰসেনে লিখা নোট পঢ়ি, সি অঁকা প্ৰেক্টিকেলৰ বহীৰ ছবিত সম্পূৰ্ণ নম্বৰ লাভ কৰি প্ৰসেনতকৈ ভাল নম্বৰ পাই পাছ কৰি গৈছিল মনোৰমা৷ মনোৰমাই পাছ কৰাৰ পাছতেই চাকৰিৰ পৰা অৱসৰ পোৱা দেউতাকৰ কথা পেলাব নোৱাৰি একপ্ৰকাৰ বাধ্যত পৰি(! ) প্ৰশাসনিক বিষয়া ধনঞ্জয় বৰুৱাৰ সৈতে বিবাহত বহিছিল মনোৰমা৷ এই বিয়াখন আছিল সপোনৰ ঘৰ এখন সাজিবলৈ চহৰৰ অভিজাত আৰু সুচল ঠাইত মাটি এডোখৰ কিনাৰ দৰে প্ৰথম কাম৷ য’ত গৃহনিৰ্মাণৰ কাম এঢাপ-দুঢাপ কৈ আগবাঢ়ে৷ জীৱনটোও তেনেকৈয়ে আগবাঢ়ে৷

ধনঞ্জয় বৰুৱা আছিল গাঁৱৰ ল’ৰা৷ গাঁৱৰ মানিক৷ পাঁচজন ল’ৰা-ছোৱালীৰ আটাইতকৈ কনিষ্ঠজন৷ কিতাপৰ পোক, ঘৰগোণা অভং মানুহ৷ জ্ঞানৰ ভাণ্ডাৰ কিন্তু সংসাৰৰ কায়দা-কিটিপবোৰৰ পৰা আঁতৰি থকা মানুহ৷ সোনকালেই মানুহজনৰ চাল-চলনৰ চাবিকাঠি মনোৰমাৰ কঁকালৰ চাবি ৰিঙৰ কটকটীয়া অভেদ্য মেৰপেছত সোমাল৷ অভং মানুহজন অফিচৰ মুৰব্বী, মনোৰমা তেওঁৰ আৰু তেওঁৰ পৰিয়ালৰ মুৰব্বী৷ মনোৰমাৰ কেঁচুৱা হৈছে, ধনঞ্জয়ৰ বিধবা, দুখীয়া ডাঙৰ বায়েকজনী নতুবা তেওঁৰ ছোৱালীয়ে কলেজ খতি কৰি হ’লেও আহি মনোৰমাৰ আলপৈচান ধৰিবহি লাগিব৷ মনোৰমাৰ ল’ৰাৰ পৰীক্ষাৰ সময়ত ঘৰত কাম কৰা মানুহ নাই, তেতিয়াও বায়েক-ভাগিনীয়েকহঁত আহিব লাগিব৷ তেতিয়াহে বায়েকে নিজৰ বেমাৰ-আজাৰৰ সময়ত, জীয়েকৰ পৰীক্ষাৰ সময়ত এসময়ত কোলাই বোকোচাই লৈ ডাঙৰ কৰা ভায়েকৰ মুখলৈ কিবা এটা সহায়ৰ বাবে চাবলৈ সাহস কৰে৷ কম কথা কোৱা অভং মানুহটোৱে লাহে লাহে তেওঁৰ মুখলৈ চোৱা এসময়ৰ তেওঁৰ আপোন মানুহবোৰৰ চকুলৈ নোচোৱা হ’ল৷ এষাৰ ভাল মাত পাবলৈ, সহায় এটা পাবলৈ বা বিপদত টকা দুটিমানৰ বাবে হাত পাতিবলৈ মনোৰমাক সকলোৱে সন্তুষ্ট কৰাটো এটা অঘোষিত নিয়ম হৈ গ’ল৷

ঠায়ে ঠায়ে ঘৰ, মহানগৰীত দুই-তিনিটা ফ্লেটৰ মালিক হ’ল মনোৰমা বা তাইৰ ভায়েক৷ ধনঞ্জয়ৰ নামত বিশেষ একো নাই৷ তাৰ পৰিয়ালৰ কাৰোবাৰ নামতো সম্পত্তি কৰিব নোৱাৰি৷ আজিকালি কাকো বিশ্বাস কৰিব নোৱাৰি, সম্পত্তিৰ লোভত মানুহে ‘যি তি’ কৰি দিব পাৰে! নিজৰ ল’ৰাটো অষ্টম মান পাওঁতেই মনোৰমাই সিহঁত দুটাক লৈ গুৱাহাটীত নিগাজীকৈ থাকিবলৈ লৈছিল৷ গিৰীয়েক মাহেকে-পষেকে আহি থাকে৷ যোৱাবছৰ সৰুটি ল’ৰা মেডিকেল পঢ়িবলৈ গ’ল৷ এতিয়া মনোৰমা বৰুৱাৰ আজৰিয়েই আজৰি; এগৰাকী সফল জীয়ৰী যি উচ্চপদস্থ জোঁৱাইৰ যোগ্য পত্নী, দুটি সুযোগ্য পুত্ৰৰ মাতৃ৷ মনোৰমাই দ্বায়িত্বশীল বোৱাৰী হিচাপেও নিজকে প্ৰতিষ্ঠা কৰিছে৷ কোন সময়ত আৰু কি কৰিলে নিজৰ সকলো পুৰণি অৱহেলাক, ক্ৰুৰতা, স্বাৰ্থপৰতাক নস্যাৎ কৰি শ্ৰেষ্ঠ বুলি নিজকে প্ৰতিষ্ঠা কৰিব পাৰি তাৰে কিটিপ মনোৰমাই জানে৷ যেনে তেওঁ বিভিন্ন অজুহাতত শাহুৱেক হস্পিটেলত থকাৰ সময়ত হস্পিটেললৈ খবৰ ল’বলৈ অহাৰ পৰা নিজকে বিৰত ৰাখিছিল৷ শাহুৱেকৰ ‘আৰু একেবাৰে আশা নাই’ বুলি ডাক্তৰে কোৱাৰ পাছত তেওঁ হঠাৎ তৎপৰ হৈ পৰিছিল মানুহগৰাকীৰ কাষত থকাৰ বাবে৷ হস্পিটেলৰ পৰা ঘৰলৈ নাহিবই যেন! শেষৰ দুৰাতি ধনঞ্জয় আৰু মনোৰমাই মাকক ৰখিছিল, নিশা তিনিবজাত নৈশ ডিউটিত থকা ডাক্টৰে ‘লাইফ চাপোৰ্ট চিষ্টেম’ খুলি খবৰটো দিয়াৰ পাছত ধনঞ্জয়তকৈ মনোৰমাই বেছিকৈ কন্দা-কটা কৰিছিল৷ পিছৰকেইদিন খবৰ ল’বলৈ অহা মানুহক কান্দি কান্দি কৈছিল শাহুৱেক তেও্ঁৰ কিমান প্ৰিয় আছিল৷ বিমুগ্ধ হৈ চাইছিল মানুহে মনোৰমাক, ইমান ব্যস্ত, ইমান শিক্ষিতা, ইমান ডাঙৰ পদৱীধাৰী পুত্ৰ-বধূৰ হাতত এগৰাকী অশিক্ষিতা গাঁৱলীয়া মাতৃৰ হাতত মৃত্যু কিমান ভাগ্যৰ কথা!ধনঞ্জয়ৰ মাকৰ ভাগ্যক শলাগিছিল মানুহে৷
**
খবৰটোৱে গোটেই ৰাজ্যখনকে তীব্ৰভাবে জোকাৰি গ’ল৷ এসপ্তাহমনলৈ টিভি চেনেলকেইটাত সেইটো খবৰ ‘ব্ৰেকিং নিউজ’ হৈ থাকিল৷ চচিয়েল মিডিয়া তল-ওপৰ হ’ল৷ কোনোৱে চৰকাৰক তুলা-ধুনা দিলে৷ কোনোৱে শিক্ষা ব্যৱস্থা আৰু দোষী ছাত্ৰকেইজনৰ পিতৃ-মাতৃক দূষিলে৷ কোনোৱে আৰক্ষী আৰু শিক্ষামন্ত্ৰীক দূষিলে৷ বিপক্ষৰ দলে শাসনাধীষ্ঠ দলক দূষিলে৷ সোঁপন্থীয়ে বাওঁপন্থীক দূষিলে৷ কোনোবা চুকৰ গাঁৱৰ সদ্য পুত্ৰহাৰা পিতৃ-মাতৃৰ ফটোও ভাইৰেল হ’ল ছছিয়েল মিডিয়াত৷

সেই ৰেগিঙে দিয়া মানসিক যন্ত্ৰণাৰ পৰা মুক্ত হ’বলৈ পৃথিৱীৰ পৰা বিদায় লোৱা ল’ৰাটিৰ ঘটনাটো তল পৰিছিল৷ পৰিবই৷ মানুহৰ স্মৃতিশক্তি কম৷ সকলোৱে নিজৰ নিজৰ জীৱনত ব্যস্ত হৈছিলহে, আৰু এটা ব্ৰেকিং নিউজে তল-ওপৰ লগালে ভাৰ্চুৱেল পৃথিৱী৷ বন্ধুৰ জন্মদিন খাবলৈ গৈ বিল্ডিঙৰ ছাদৰ পৰা পৰি কলেজীয়া ছাত্ৰ ভাৰ্গৱ শইকীয়াৰ মৃত্যু৷  টিভিত কান্দি-কাটি বাউলি হোৱা ভাৰ্গৱৰ মাকৰ কাষত বহি ৰাণীয়ে মাকক সাৱটি ধৰি আছিল৷ মলিন মুখেৰে টিভিৰ সাংবাদিকক সাক্ষাৎকাৰ দি আছিল চহৰখনৰ স্বনামধন্য চিকিৎসক পিতৃয়ে৷ একেকেইটা ভিডিঅ ক্লিপ দিনটোত অজস্ৰ বাৰ দেখুৱাই আছিল৷ কোন দোষী তাৰ বাচ-বিচাৰ কৰিবলৈ অপাৰগ অথবা অনিচ্ছুক মনোৰমাৰ চকু পৰিল ৰাণীৰ ওপৰত৷ নিয়মীয়া বিউটি পাৰ্লাৰ ভ্ৰমণৰ বাবে বয়সে ম্লান কৰিব নোৱাৰা কৰি তোলা মনোৰমাৰ ওঁঠৰে কোমল হাঁহি এটা বিয়পি পৰিল৷ এই কোমল হাঁহিটোৱে তাইৰ মহাস্ত্ৰ৷ দেখিলে এনে লাগে যেন পৃথিৱীৰ সমস্ত সৰলতা তাইৰ মুখতে থূপ খাই আছে৷

ৰাণীয়ে ইমান দিনে ভবাই নাছিল যেতিয়ালৈকে মনোৰমাই কথাবোৰ তাইৰ মগজুত ভৰাই দিয়া নাছিল৷ যেতিয়া ভাবিলে নিজকে ধিক্কাৰ দিলে৷ ইমান দিনে নিজে তাই এইবোৰ কথা ভবা নাছিল কিয়? পৃথিৱীৰ পৰা নিজকে আঁতৰাই নিয়া, সামান্য মনোমালিন্যতে সমনীয়াক মৃত্যুৰ কোলাত শুৱাই দিব পৰাকৈ ৰোগীয়া হৈছে নৱপ্ৰজন্ম৷ সেই, সমাজৰ বাবে ঋণাত্মক, অপকাৰী কাৰকবোৰ নোহোৱা কৰিবলৈ ৰাণীহঁতৰ নিচিনা সচেতন নাগৰিকৰ কিছু কৰ্তব্য আছে৷ তাৰ বাবেই মনোৰমাহঁতে কিছুকাম কৰিব খোজে৷

হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত স্থান পাই কোনোবা অখ্যাত গাঁৱৰ খেতিয়কৰ পুতেকে ইঞ্জিনীয়াৰিং পঢ়িবলৈ যোৱা কলেজ এখনত ৰেগিংৰ প্ৰতাপত ফেনত ওলমি নিজকে নিঃশেষ কৰাৰ পাছত হোৱা মানুহৰ দুখখিনিক একত্ৰিত কৰি এফালে বোৱাবলৈ কোনো টান কাম নাছিল৷ মনোৰমা বৰুৱাই ৰাণীক আৰু এগৰাকী বান্ধৱীৰ সৈতে ল’ৰাজনৰ ঘৰলৈ পঠাই দিলে৷
**
“আপোনাৰ ল’ৰাক জীয়াই ৰখাৰ দ্বায়িত্ব আমাৰ৷ আমি কাকো পাহৰিব নিদোঁ যে এটা প্ৰচুৰ সম্ভৱনাৰে পৰিপূৰ্ণ ডেকা ল’ৰা কেনেকৈ আমাৰ মাজৰ পৰা হেৰাই গ’ল৷ কেৱল আমাক সহযোগ কৰক৷ ” ভাৰ্গব শইকীয়াৰ পিতৃ-মাতৃৰ ওচৰ চাপি মনৰ ভাৱ ব্যক্ত কৰিছিল মনোৰমাই৷ লগত ৰাণী৷ দুখীয়া, মেধাবী আৰু ৰেগিঙৰ বাবে ফেনত ওলমি থকা লৰাটোৰ ইম’চ্যনচ কিছুমান মানুহৰ মনৰ একোণত তেতিয়াও আছিল৷ বহুতে শলাগিলে, – হয়, হয়! কিছু সজাগতাৰ প্ৰয়োজন৷ এনেকৈ আঁতৰি যোৱা ডেকা ল’ৰাবোৰৰ পিতৃ-মাতৃৰ খালি হোৱা বুকু ভৰাই তুলিবলৈ কিছু কাম কৰাৰ দৰকাৰ৷

**
ৰাতিপুৱাই লাইন বাছত উঠি আহিছিল ফেনত ওলমি ইতিহাস হোৱা ল’ৰাটোৰ দেউতাক৷ পুত্ৰৰ বিয়োগৰ পাছত মাকে ইফালে-সিফালে যোৱাৰ সক্ষমতা হেৰুৱাইছিল৷ য’তে-ত’তে জলকা মাৰি বহি থকা মানুহজনীক লগ ধৰিবলৈও বেয়া লাগিল মানুহজনৰ৷ বাছৰ ভিতৰত হেঁচা-ঠেলাৰ পৰা বচাই ৰাখিবলৈ পুতেকৰ একমাত্ৰ বন্ধাই থোৱা ফটোখন থকা পলিথিনটো বুকুতে আলফুলে সাৱটি ল’লে৷ হওক তেওঁ! ল’ৰাটোক কোনোবাইটো মনত ৰাখিছে৷ তেওঁৰ ঘৰখন পোহৰ কৰি থোৱা চাকিগছি হঠাৎ কোনোবাই ফু মাৰি নুমাই দিলে৷ তেওঁলোকৰ জীৱনবোৰেই অন্ধকাৰ হৈ পৰিল!

পুৱাই উঠি পথাৰৰ কামখিনি কৰি গা পা ধুই ৰঙা চাহ এটুপি খায়েই তেওঁ চহৰলৈ বাট বুলিছিল৷ সভাখনলৈ পলম হ’ব বুলি তেওঁ ক’তো চাহ এটুপিও খাবলৈ নোৰোৱাকৈ আহিছে৷নিৰ্দিষ্ট ঠিকনাত উপস্থিত হৈ তেওঁ বহু দেৰি সভাগৃহটোৰ বাৰাণ্ডাত ৰৈ আছিল৷ ভিতৰত তেতিয়াও সভা এখন হৈ আছিল৷ সেইখনৰ কাকোৱেই চিনি নাপায় তেওঁ৷ দুশ্চিন্তাত পৰিছিল, এনেকৈ আহি তেওঁ ভুল কৰা নাইতো? কেতিয়াও চিনি, দেখি নোপোৱা মহিলা দুগৰাকীৰ কথাতে তেওঁ অ’তদূৰ বাটকুৰি বাই অহাটো কিমান সমিচীন হৈছে তেওঁ ভাবি নাপালে৷ সিখন মিটিং শেষ হোৱাৰ পাছত মানুহবোৰ ওলাই আহিল বাৰাণ্ডালৈ৷ বাৰাণ্ডাত থকা বেঞ্চ এখনৰ চুক এটাতে বহি আছিল তেওঁ৷ ঠেক
বাৰাণ্ডাখনৰ তেওঁ বহি থকা বেঞ্চখনতে তিনিগৰাকীমান মহিলা আহি বহি পৰিল৷ তেওঁলোকৰ লগত সন্মুখত হেঁচা-ঠেলাকৈ থিয় হৈ আৰু চাৰিগৰাকী মহিলাই কথা পাতি আছিল৷ কুচি-মুচি বহি থকা মানুহজনৰ আঁঠুত থিয় হৈ থকা মানুহ এগৰাকীৰ চাঁদৰৰ আঁচলটো আহি পৰিছিল৷ ফটোখন বুকুত সাৱটি মানুহজন বাৰাণ্ডাৰ পৰা নামি গৈ চোতালৰ সিফালে গছ এডালৰ গুৰিটো আগুৰি বান্ধি থোৱা পকীৰ ভেটি এটাতে বহি পৰিল৷ মহিলাজাকৰ শৰীৰৰ পৰা অহা মিশ্ৰিত বিভিন্ন সুবাসৰ সলনি এইবাৰ মানুহজনৰ নাকটো গছডালৰ সিফালে থকা নলাটোৰ গোন্ধত কোচ খালে৷ মিটিংখনৰ পৰা ওলাই অহা মানুহবোৰে বিভিন্ন ভঙ্গিমাত ফটো উঠি থাকোঁতে কোনোবা এজনে আহি মানুহজনক কলেহি,’এহ খুড়া আপুনি ইয়াত কিয় মনে মনে বহি আছেহি? আমাৰ টেনচন হৈ গৈছিল ফটোখনৰ কাৰণে৷ দিয়ক’ বুলি ফটোখন থকা পেকেটটো প্ৰায় আজুৰি নিয়াৰ দৰে লৈ গ’ল৷ অইন এজনে তেওঁক মাটি নি ভিতৰত বহিবলৈ দিলে৷  মানুহজনৰ পুত্ৰৰ একমাত্ৰ স্মৃতি স্বৰূপ ফটোখন আৰু সিজন ল’ৰাৰ ফটোখন মেজ এখনত সজাই থোৱা হৈছিল৷ তেতিয়া পুৰুষ, মহিলা সমন্বিতে কেইজনমান মানুহে ফটোখনৰ কাষতে থকা ডাঙৰ পিতলৰ চাকিৰ ষ্টেণ্ড এডালত সজাই থোৱা চাকিবোৰৰ একোগছিকৈ জ্বলাই আছিল৷ ফটোদুখনৰ ঠিক সন্মুখতেও একোগছি ডাঙৰ মাটিৰ চাকি জ্বলি আছিল৷

অনুষ্ঠানটো অনুষ্ঠিত হোৱা প্ৰেক্ষাগৃহটোৰ একেবাৰে শেষত বহিলগৈ মানুহজন৷ শীত-তাপ নিয়ন্ত্ৰিত কোঠাত তেওঁ এই প্ৰথমবাৰ সোমাইছে জীৱনত৷ বাহিৰত উৎকট গৰম৷
সন্মুখৰ মঞ্চত মেজৰ সন্মুখত কেইবাজনো মানুহ বহি পৰিছে ইতিমধ্যে৷ তাৰে এগৰাকী মহিলা৷ সভা আৰম্ভ হোৱাৰ লগে লগে দৌৰা-দৌৰি লাগিল মানুহ কিছুমানৰ মাজত৷ দৌৰা-দৌৰি কৰিয়েই তেওঁলোকে মঞ্চৰ মানুহবোৰক গামোচা পিন্ধালে৷ কোনোৱে ক’ৰবাৰ পৰা আনি পানীৰ বটলকেইটামান মঞ্চৰ টেবুলখনত মানুহবোৰৰ সন্মুখে সন্মুখে থ’লে৷ কণমানি এজনী ছোৱালীয়ে মঞ্চৰ টেবুলখনৰ সন্মুখত কঠ এখন পাৰি বৰগীত এটা গালে৷ বৰ শুৱলা তাইৰ মাতটো৷ গাঁৱৰ পৰা অহা মানুহজনে চকুদুটা মুদি দিলে৷ এচিৰ শীতলতা আৰু বৰগীতৰ প্ৰভাৱত তেওঁৰ চকুযুৰিক বাৰে বাৰে টোপনিয়ে টুকুৰিয়াই গৈছে৷

মঞ্চত বহি থকা মানুহগৰাকীয়ে স্পীকাৰটোৰ সন্মুখত বহি বৰ মিঠা মাতেৰে উপস্থিত মানুহবোৰক উদ্দেশ্যি কিবা কৈছে৷ টোপনিৰ জাল ফাটি ওলাই কি কৈছে বুজিবলৈ অলপ সময় লাগিল তেওঁৰ৷ হয়, হয়! তেওঁ ঠিকেই শুনিছে৷ সেয়া মানুহগৰাকীয়ে তেওঁৰ ল’ৰাটিৰ কথাই কৈছে৷ তাৰ দৰে ল’ৰা এটা ঢুকাই যোৱাত সমাজৰ কিমান ক্ষতি হৈছে তাক মানুগৰাকীয়ে বুজিছে৷ সঁচাইটো! সি আছিল মানুহজনৰ আৰু পুতেকলৈ এতিয়াও ভাত বাঢ়ি ৰৈ থকা আধা পাগলী হোৱা মানুহজনীৰ বাবে জীৱনৰ একমাত্ৰ সমল৷ সেইখিনি ইমান বুজিছে দেৱী সদৃশ মানুহগৰাকীয়ে৷ মঞ্চত কথা কৈ থকা সুশ্ৰী মানুহগৰাকীৰ প্ৰতি ভক্তিত মোৰ দোঁ খাই গ’ল তেওঁৰ৷ হওকচোন,এনেকৈয়ে ফুল কুমলীয়া ল’ৰবিলাকৰ বাবে খাপ পিটি থকা মৃত্যুৰ হাতোৰাৰ পৰা ঘৰবোৰৰ, মাক-দেউতাকৰ মনবোৰ, জীৱনবোৰৰ চাকিবোৰ বাছি থাকক৷ তাৰ কাৰণে দৰকাৰ হ’লে আকৌ আহিব তেওঁ চহৰলৈ পুৱতি নিশাতে উঠি! মানুহটোৰ ঘৰলৈ আজিৰ অনুষ্ঠানটোৰ বাবে আমন্ত্ৰণ কৰিবলৈ যোৱা মহিলা দুগৰাকীয়ে ট্ৰে এখনত লৈ কিবা পেকেট ভগাই আছে৷ হয়তো খাদ্যবস্তু আছে তাত৷ সন্মুখৰ শাৰীত বহি থকা কিছুমান মানুহে পেকেটবোৰৰ পৰা উলিয়াই চোবাবলৈ ধৰা পিছফালৰ পৰা মানুহজনে স্পষ্টকৈ দেখিছে৷ সিহঁতৰ ঠুটৰিবোৰ গালৰ মঙহখিনিৰ সৈতে লৰচৰ কৰি আছে৷ দিনটোৰ এফাল গ’ল৷ এতিয়ালৈ তেওঁৰ পেটটোত একোৱেই গধুৰ খাদ্য পৰা নাই৷ হঠাৎ ভোকটো জোৰকৈ লাগি অহাৰ সময়তে তেওঁৰ হাতত সেই মহিলা দুগৰাকীয়ে এটা পেকেট তুলি দিলেহি৷ পুত্ৰশোকত কৈ ভোক নিবাৰণ কৰাটো সেই মুহূৰ্তত মানুহজনৰ বেছি দৰকাৰী যেন লাগিল৷ মঞ্চত উপবিষ্ট প্ৰত্যেকজন মানুহে ডাঙৰ ডাঙৰকৈ কিবা ক’লে৷ ভাৰ্গৱ শইকীয়া বোলা ল’ৰাটোৰ দেউতাকক গামোচা এখন পিন্ধাই মঞ্চলৈ মাতি নিয়া হ’ল৷ তাৰ কিছুদেৰীৰ পাছত ৰেগিঙৰ আতিশয্যত আত্মহত্যা কৰা ল’ৰাটোৰ দেউতাকো পিছত বহি আছে বুলি ঘোষণা কৰাত সকলোৱে পিছলৈ ঘূৰি চালে৷ তাত দৌৰা-দৌৰিকৈ কাম কৰি থকা কোনোবা এজনে তেওঁক থিয় হ’বলৈ ক’লে৷তেওঁ থিয় হ’ল৷ মানুহজনে হাতযোৰ কৰিলে৷ দুইহাতৰ মাজত মিঠাইৰ পেকেটটো! মুখৰ ভিতৰখন শুকান কেক এটাই অধিকাৰ কৰি থকাৰ বাবে তেওঁ একো মাতিব নোৱাৰিলে৷ তেওঁক বহিবলৈ দিলে৷ সকলোৱে আগলৈ ডিঙিবোৰ ঘূৰালে আৰু ভাৰ্গৱ বোলা মৃত ল’ৰাটোৰ দেউতাকে মাইকত কোৱা কথাবোৰত কাণ দিলে৷ কথা কৈ যাওঁতে মানুহজনে কান্দিছে, কথা সেইখিনিতে স্থগিত হৈছে৷ সভাঘৰ কাঁহ পৰি জীণ গৈছে৷ কোনো কোনোৱে ৰুমালৰ আগটোৰে নিজৰ চকুৰ কোণবোৰ মচি লৈছে৷ নিস্তব্ধতা ফালি দুই একৰ নাক উজোৱা শব্দ বাহিৰ হৈছে৷

…. ভাৰ্গৱৰ দেউতাকে ঘোষণা কৰিলে তেওঁ তেওঁৰ মৃত পুত্ৰৰ নামত প্ৰতিবছৰে এজন দুখীয়া,উচ্চতৰ মাধ্যমিক পৰীক্ষাত মেধাৰ পৰিচয় দিয়া ছাত্ৰক এক লাখকৈ টকা দিব৷ জাউৰিয়ে জাউৰিয়ে হাত তালি পৰি সভাঘৰ গমগমাই গ’ল৷ হাততালিৰ শব্দত ভাৰ্গৱ আৰু গাঁৱলীয়া মানুহজনৰ হোষ্টেলত থাকি পঢ়িবলৈ গৈ মৃত্যুক স্বইচ্ছাৰে সাৱটি লোৱা পুত্ৰৰ মালাধাৰী ফটোকেইখনৰ সন্মুখত ঢিমিক-ঢামাক কৈ জ্বলি থকা চাকিকেইগছিৰ শিখাবোৰ কঁপি উঠিল৷ পিছৰফালে বহি থকা মানুহজনো অন্তৰৰ পৰা কঁপি উঠিল৷ পুত্ৰৰ হৈ কাৰোবাক কিবা দিবলৈ তেওঁৰ যে একোৱেই নাই! এইবাৰ তেওঁ চকুযুৰি পকেটৰ পৰা ৰুমাল এখন উলিয়াই মোহাৰি ল’লে৷ তেওঁ চাই থাকোঁতেই সভা শেষ হ’ল৷ সভাভংগৰ ঘোষণা কৰাৰ লগে লগে তাত উপস্থিত কিছু সংখ্যক মানুহে গাঁৱৰ মানুহজনক আগুৰি ধৰিলে৷ তেওঁলোকে সোধা কিবা কিবি প্ৰশ্নবোৰৰ উত্তৰ দিওঁতে তেওঁৰ সুসজ্জিত, সুদৰ্শন চহৰীয়া মানুহবোৰৰ ওচৰত নিজকে বৰ হেয় যেন লাগিল৷ তেওঁ লাজ-সংকোচে আটাইৰে উত্তৰ দিবলৈ চেষ্টা কৰিলে৷ এসময়ত ভিৰ কমিল৷ মানুহবোৰে তেওঁক তাতে এৰি বাহিৰলৈ গ’ল৷ কিছু সংখ্যকে ভিতৰতে ৰৈ যোৱা ফুলদানী, টেবুলক্লথ আদি সামৰি-সূতৰি আছিল৷ নতুন মানুহ কিছুমানে মানুহজনৰ পুত্ৰ আৰু ভাৰ্গৱ বুলি ল’ৰাজনৰ ছবি থকা বেনাৰখন গুচাই অইন এখন আৰি দিবলৈ যো-জা চলাই আছিল৷ মানুহজন এখোজ-দুখোজকৈ বাহিৰলৈ ওলাই গ’ল৷ উদ্দেশ্য তেওঁক সভালৈ আমন্ত্ৰণ কৰি অহা মহিলা দুগৰাকীক ধন্যবাদ দিয়া৷ যিগৰাকী মহিলাই ভাষণ দিছিল, ইমান সহানুভূতিৰে হেৰাই যোৱা ল’ৰা কেইজনৰ নাম লৈছিল, দুখীয়া মেধাবী ছাত্ৰৰ হকে কাম কৰিবলৈ নিজকে ঘৰৰ চাৰিবেৰৰ মাজৰ পৰা উলিয়াই আনিছিল, তেওঁৰ ওচৰত এবাৰ কৃতজ্ঞতা স্বীকাৰ কৰা৷ মানুহগৰাকীক বাৰাণ্ডাত দেখা পালে তেওঁ৷ বৰ সুন্দৰকৈ টিভিৰ সাংবাদিকৰ সন্মুখত কথা কৈ আছে৷ তেওঁ কাষতে ৰ’ল৷ সাংবাদিকক ক’বলগীয়া কথা শেষ কৰি তেওঁ অতি ব্যস্ততাৰে মানুহজনৰ কাষেৰে খোজ কাঢ়ি অইন অতিথি কিছুমানক ধন্যবাদ দিয়াত ব্যস্ত হ’ল, অনুষ্ঠানটোত উপস্থিত থাকি সফল কৰাৰ বাবে৷ মানুহজন ঠাইতে ৰ’ল৷ কি কৰিব ভাবি নাপায় ভিতৰলৈ গ’ল৷ তেতিয়ালৈ মঞ্চৰ সাজ-সজ্জা বেলেগ হৈছিল৷ ল’ৰাটোক সৰুতে জহকালি দুপৰীয়া এবাৰ দুবাৰ মাতি বিচাৰি নাপালে পুখুৰীৰ পাৰলৈ গ’ল বুলি, সাপ-বেঙে কামুৰিব বুলি অন্তৰখন ধৰফৰাই উঠাৰ দৰে মঞ্চখন দেখি তেওঁৰ অন্তৰ ধৰফৰাই উঠিল৷ তাত তেওঁৰ ল’ৰাটোৰ ফটোখন নাই যে! কোনে নিলে? ক’লৈ গ’ল আকৌ তেওঁৰ ল’ৰাটো! তেওঁ দৌৰি যোৱাদি গৈ প্ৰথমৰে পৰা সভাঘৰত দেখি থকা ল’ৰা এজনক সুধিলেগৈ, “বাবা, মোৰ ল’ৰাটোৰ ফটোখন কলৈ গ’ল? মই যে লৈ আহিছিলো ফটোখন… ইয়াত যে সজাই থৈছিল..”

“মই গম নাপাওঁ খুড়া, .. আপুনি সেই তেওঁক সোধক চোন”

…“অহ! মই গম নাপাওঁ দাদা, তেওঁলোকে গুচাই দিলে নেকি! ৰ’ব সুধি দিছোঁ”

…বাহিৰত মানুহবোৰে ফটো উঠাত ব্যস্ত আছিল৷ মানুহজনে তেওঁক মিঠাইৰ পেকেট দিয়া মানুহগৰাকীক সুধিলেগৈ, “বাইদেউ, ফটোখন লাগিছিল৷ মই যাওঁ, বাছ নাপাম”

“অহ পোৱা নাই নেকি? ৰ’ব মই চাই দিছো৷”
মহিলাগৰাকী ভিতৰলৈ সোমাই গ’ল আৰু ক্ষন্তেকতে ওলাই আহিল৷ ইতিমধ্যে ভিতৰত অইন কাৰোবাৰ ভাষণে গমগমই আছিল৷ কওঁ নকওঁকৈ মানুহগৰাকীয়ে আহি ক’লেহি, খুড়া…কোনোবাই ক’ৰবাত থ’লে নেকি! মই বিচাৰি পালে আপোনাক খবৰ দিম দিয়ক৷ তেতিয়া আহি লৈ যাবহি!”
***

‘বিশিষ্ট সমাজকৰ্মী’,মানৱ দৰদী মনোৰমা বৰুৱাই নিজৰ সুদৃশ্য ড্ৰয়িং ৰূমৰ প্ৰকাণ্ড, আহল-বহল টিভিটোত দি থকা বাতৰিত নিজৰ উদাত্ত ভাষণ শুনি নিজৰ জীৱনৰ নক্সাখনৰ অন্য এটা ঢাপ সম্পূৰ্ণ কৰাৰ আবেশত, আনন্দত, তেওঁৰ সপোনৰ পূৰ্ণতাপ্ৰাপ্তিৰ সুখত উটি-ভাঁহি থাকোঁতে মানুহজন গৈ গাঁৱৰ পৰা পাঁচ কিলোমিটাৰ দূৰৰ চকটোত বাছৰ পৰা নামিছিলগৈ৷ বাছষ্টেণ্ডৰ কাষৰ ইলেক্ট্ৰনিক বস্তুৰ দোকানখনত তিনিটামান টিভিত দিনৰ সভাত ভাষণ দিয়া মহিলাগৰাকীক মানুহে চাই আছিল৷ সিহঁতৰ চিনাকি, হোষ্টেলত আত্মহত্যা কৰা চোকা ল’ৰাটোৰ কথা কৈ আছিল তেওঁ৷ পাহৰিবলৈ ধৰা কথাবোৰ আকৌ মনত পৰি মানুহবোৰ মুক হৈ পৰিছিল৷ সেইখন দোকানৰ
কাষতে অইন এখন চিনাকি দোকানৰ পিছফালে মানুহজনে ৰাতিপুৱা তেওঁৰ পুৰণি, তেওঁৰ যাত্ৰাৰ চিৰসংগী চাইকেলখন থৈ গৈছিল৷ সেইখন লৈ জোনৰ ক্ষীণ পোহৰত ৰাস্তাৰ গাঁতবোৰৰ পৰা চাইকেলৰ চকা দুটা বচাই বচাই যিমানেই আগুৱাই গ’ল সিমানেই তেওঁৰ বুকুখনত বিষাক্ত পোক এটাৰ কামোৰণি গভীৰ হৈ হৈ গৈ থাকিল৷ পুতেকক যে আজি আকৌ হেৰুৱাই থৈ আহিল তেওঁ!

☆★☆★☆

13 Comments

  • তৃষ্ণা সো.

    আবেগিক হলো। এটাই কম, সুন্দৰ সৃষ্টি আপোনাৰ।

    Reply
  • ভাল লাগিল

    Reply
  • মন গধুৰ হ’ল যদিও কিছুমানৰ ‘বিড়াল তপস্যী’ আচৰণটো সুন্দৰকৈ ফুটি উঠিছে। ভাল লাগিল।

    Reply
  • ৰাজদ্বীপ বৰা

    ভাল লাগিল

    Reply
  • Jahnovi

    ভাল লাগিল

    Reply
  • গীতিকা শইকীয়া

    বৰ্তমান সময়ৰ সুন্দৰ প্ৰতিচ্ছবি। পঢ়ি ভাল লাগিল।

    Reply
  • বাঘৰ আগতেল খাইতী

    ধন্যবাদ জনালোঁ।

    Reply
  • ভাল লাগিল।

    Reply
  • গীতিকা শইকীয়া

    বৈসাদৃশ্যবোৰ বৰ সুন্দৰকৈ তুলি ধৰিছা। মন চুই গ’ল।

    Reply
  • অত্ৰেয়ী গোস্বামী

    আপোনাৰ গল্প সদায় ভাল পাওঁ৷

    Reply
  • Malin Majumdar

    কেইটামান সামাজিক সমস্যাক সুন্দৰকৈ উপস্থাপন কৰাৰ লগতে সমাজ সেৱাক ফেশ্ব্যন হিচাপে ব্যৱহাৰ কৰা এচামৰ স্বৰূপ তুলি ধৰাত গল্পটো সাৰ্থক হৈছে।

    গল্পটো ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *