ফটাঢোল

ফটাকেঁথা – অত্ৰেয়ী গোস্বামী

স্নেপশ্বটঃ১

শাহু-বোৱাৰীৰ বৰ মিল৷ দুয়ো স্বল্পভাষী৷ শাহুৰ সেলেঙি বোৱা কোৱাৰিয়েদি ওলোৱা মিচিকিয়া হাঁহিটো পকা থেকেৰা হেন মুখখনত ৰান্ধনীবেলি যেন লাগে৷ বোৱাৰীৰ আকৌ কপালত সূৰুযটো জিলিকি থাকে৷ দুয়ো মিলি বাৰীখন বৰ চালে চকু ৰোৱাকৈ পাতিছে৷ বোৱাৰী মাষ্টৰণী৷ স্কুললৈ যোৱাৰ আগত বাৰীখনত এপাক মাৰি যায়৷ এবাৰ পুতেকে দেৱদাৰুৰ পুলি আঠোটা আনিলে৷ গেটৰ পৰা সোমাই অহাৰ পৰা দুয়োফালে চাৰিটাকৈ ৰুব৷ মাকৰ কাঢ়া নিৰ্দেশ “তামোলগছ কাটিব নোৱাৰিবি৷” সময়ত যেনিবা সাপো মৰিল, লাঠিও নাভাগিল৷
এদিনৰ কথা৷ গৰমৰ দিন৷ শাহু-বোৱাৰী আগফালে বহি আছে৷ বোৱাৰীয়ে কিবা এটা খুব মনত পেলাবলৈ যত্ন কৰিছে৷ শাহুৱে সন্মুখত মজিয়াতে তামোলৰ বটাটো থৈ চকলিওৱা তামোল অকণ মুখত ভৰাবলৈ লৈ বোৱাৰীৰ অস্থিৰতা দেখি মাত লগালে৷
-কি হ’ল অ’ তোৰ? কি চিন্তা কৰিছ?
-আই এই গছজোপাৰ নাম কি আছিল? মনত পৰা নাই দেখোন৷
তেতিয়ালৈ দেৱদাৰু কেইজোপা ছাঁ দিব পৰা হৈছিল৷ শাহুআয়ে তামোলৰ পিক্‌খিনি দূৰলৈ পেলাই এনে ভাৱত ক’লে যেন তোৰ এইটো কথাও মনত নাথাকেনে?
-কেলে “দাই” আক’৷
পিছত পুতেক আহিলতহে উৰহী গছৰ ওৰটো ওলাল৷ বোলে ‘হেৰৌ দাই নহয় দেৱদাৰু৷’

স্নেপশ্বটঃ২

মানুহজন শিক্ষা বিভাগৰ উচ্চ পদস্থ বিষয়া৷ তেওঁৰ কাৰ্যকালতে কেতবোৰ অনিয়মীয়া পদ নিয়মীয়া কৰা হৈছিল৷ মানুহজনৰ সততাৰ কথা দহে এতিয়াও কয়৷ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ অনেকেই উচ্চ ডিগ্ৰীধাৰী আছিল৷ এবাৰ তেওঁলোক অনশনত বহিল৷ ইতিমধ্যে সেইসমূহ পদ নিয়মীয়া কৰিবলৈয়ো নিৰ্দেশ দিয়া হৈছিলেই, লিখিতভাৱে প্ৰকাশ হোৱা নাছিল বাবে ঘোষণা কৰা হোৱা নাছিল৷
এদিন ৰাতি চাৰি-পাঁচজন মান ডেকা ল’ৰা মানুহজনৰ ঘৰলৈ গ’ল৷ গজগজীয়া ল’ৰাকেইটা দেখি পৰিবাৰে অলপ ভয় খালে৷ দলপতি যেন লগা ল’ৰাটোৱে ওফন্দি থকা মুগা কাগজৰ খাম এটা সন্মুখৰ মেজতে থ’লে৷ তেতিয়াহে মানুহজনে ক’লে, “বহা ডেকা ল’ৰা৷ বহা তোমালোক৷” পৰিবাৰকো ৰিঙিয়াই ক’লে, “হৌৰা,চাহ আনিবা হে৷”
-ছাৰ, চাহ নাখাওঁ৷ আমাৰ কামটো কৰি দিব৷
-বাৰু চাম৷
-ইয়াতে কিবা এটা দিছোঁ সাধ্যানুসাৰে৷
এজনে মেজৰ খামটোলৈ চাই ক’লে৷
মানুহজনে কথা-বতৰা পাতি গম পালে আটাইকেউটাই আৰ্থিকভাৱে দুৰ্বল৷ পঢ়া-শুনা কৰিলে৷ ফলাফলো ভাল৷ পাছে দুই-চাৰিটা টিউচনৰ বাহিৰে উপাৰ্জনৰ থল নাই৷ তাকো গাওঁ অঞ্চলত তেতিয়া টিউচন কৰি চলিব পৰা অৱস্থা এটা হোৱা নাছিল৷ মানুহজনে আঁতি-গুৰি জানি লৈ চাহ-মিঠাই খুৱাই ল’ৰাকেইজনক পিছদিনা কাৰ্যালয়ত লগ কৰিবলৈ কৈ বিদায় দিলে৷ খামটো মেজৰ ওপৰতে এলাগী হৈ পৰি থাকিল৷
পিছদিনা ল’ৰাকেইজন গ’ল৷ তেওঁ পিয়নজনক মাতি সহকৰ্মীজনক তেওঁলোকৰ সন্মুখতে ক’লে,“হেৰি বৰুৱা, কালিৰ অৰ্ডাৰটো কেঞ্চেল কৰক৷ ইহঁতৰ মোক দিব পৰাকৈ টকা আছে যেতিয়া চাকৰিনো কেলৈ?”
খামটো তেতিয়াও গংগাটোপ হৈয়েই আছিল৷ ল’ৰাকেইজনৰ চকুত পানী বিৰিঙিছিল৷ সুখৰ৷ মানুহজনক অৱসৰৰ পাছতো ল’ৰাহঁতে একেই শ্ৰদ্ধাৰে বুৰাই ৰাখিছে৷

স্নেপশ্বটঃ৩

দুই বন্ধু একেলগে থাকে৷ দুয়োজন ধোদৰ পচলা৷ এজন গাঁৱৰ৷ এজন চহৰৰ৷ কলেজত পঢ়িবলৈ আহি দুয়ো লগ হ’ল৷ ৰূম এটা ল’লে৷ একেলগে থকাৰে পৰাই নলেগলে লগা বন্ধু হৈ পৰিল৷ বন্ধুত্বলৈকে সকলো ঠিকেই আছিল৷ সমস্যা হয় ভাত ৰান্ধিবৰ বেলিকাহে৷ গাঁৱৰজনে যেনেতেনে ৰান্ধে৷ বন্ধুকো মাতে খাবলৈ৷ বন্ধুৱে নিমখ নোহোৱা আঞ্জাখনো অমৃত খোৱাদি খায়৷ দালিতে ওপঙি থকা নিসিজা আলুৰ পিটিকাৰে যিহে শলাগি শলাগি থাল চেলেকে ঐ, নেদেখিলে মানিবও নোৱাৰি, বুজাবও নোৱাৰি৷
এদিন আমাৰ গাঁৱলীয়া বন্ধুৰ উঠিল খং৷ হ’ল বুলিনো আৰু কিমান ভাত ৰান্ধিব? খঙৰ ভমকত আৰম্ভ কৰি দিলে তৰ্জন-গৰ্জন৷ এইপিনে বিছনাত পেট পেলাই মেচেঞ্জাৰত চেনি খাই থকা চহৰীয়া বন্ধুৱে একো টলকিবই নোৱাৰিলে৷
‘আজি ভাত ৰান্ধিবিনে নাৰান্ধ ক’৷ নাৰান্ধ যদি চিলিণ্ডাৰটোকে কাট্টি পেলাওঁ’ বুলি নেলীয়া কটাৰীখন এনেকৈ ঘূৰাবলৈ ধৰিলে যেন সেইখন বলি কটা দা হে৷
সিজনে বোলে, “হেই হেই৷ কি কৰ কি কৰ? মই ভাত ৰান্ধিম নহয়৷ সেইটো কাটিলে তেনেই মুদাই মৰিব৷”
মনতে ভাবিলে “মই উঠি যোৱালৈ তোৰ খং নাথাকে৷ তইতো ভোকত নাথাক৷ গতিকে তুলসীৰ লগতে কলপটুৱাইও মুক্তি পামেই৷”

স্নেপশ্বটঃ৪

ছমহীয়া পৰীক্ষাৰ বতৰ৷ বেলিয়েও তাইৰ “চ’ হট” নেচাৰটো পূৰাদমে প্ৰয়োগ কৰিছে৷ ৰাইজৰ অৱস্থা বেয়া৷ কমনৰূমত বাইদেউসকলে চেণ্ডেল খুলি সুদা ভৰিৰে থাকে৷ ৰিলিভাৰ পৰিলে সকলোৱে ভাল পায়৷ নহ’লে তিনিঘণ্টা পায়চাৰি কৰি থকা মুখৰ কথা নহয়৷ তাতে নিজে সিজি সিজি৷ যি কি নহওক আমাৰ চম্ফা বাইদেউ সেইদিনা আক’ ৰিলিভাৰেই আছিল৷ লগৰ কেইজনীৰ লগত ঘৰুৱা কথাবোৰকে ৰেপি ৰেপি একোবত উঠি গ’ল৷ ভাবিলে অকণমান ডিউটিও কৰোঁ৷ বাইদেউ যোৱাৰ পিছতে টেট পাছ কৰি নতুনকৈ সোমোৱা জুৰি বোলা সৰু ছোৱালীজনী মিচিকিয়া হাঁহি এটি মাৰি ফোনটো কাণত লগাই ওলাই গ’ল৷ বৰ কষ্টতহে যেন তাই সোমাই আছিল৷ কিছু সময়ৰ পিছতে ল’ৰা দুটামানে ফিচিঙা-ফিচিঙি কৰি থকা দেখি তেওঁ বাৰুকৈয়ে দবিয়ালে৷ তেনেতে কমনৰূমত তেওঁৰ কাষতে বহি থকা কৰুণা বাইদেৱে হাঁহি হাঁহি এবাৰ বাহিৰলৈ মাতিলে৷ বাইদেউ শ্ৰেণী কোঠাৰ বাহিৰ হ’বলৈ পালে কি নাপালে ল’ৰামখাৰ মাজত ভুনভুননি আৰম্ভ হ’লেই৷ ইফালে বাহিৰত গোটখোৱা আটাইকেইজনীৰ হাঁহি নোৰোৱাই হ’ল৷ যেনেতেনে হাঁহি সামৰি কোনোবা এজনীয়ে মাত উলিয়ালে৷
-বাইদেউ আপুনি কি পিন্ধিলে৷
বাইদেৱে থতমত খালে৷
-বাইদেউ ভৰিত৷
তেহে আমাৰ চম্ফা বাইদেৱে ভৰিলৈ চাই দেখে দুযোৰৰ দুপাত চেণ্ডেল৷ এপাতো নিজৰ নহয়৷ তাতে সোঁ ভৰিত বাওঁ ভৰিৰ, বাওঁ ভৰিত সোঁ ভৰিৰ পাত চেণ্ডেল৷ আপোনভোলা মানুহজনীয়ে তেতিয়াহে হোঁহোৱাই হাঁহিলে৷ তেতিয়াহে বুজিলে ল’ৰাহঁতৰ ফিচিঙালিৰ কাৰণ৷

☆★☆★☆

7 Comments

  • পৰিস্মিতা বৰদলৈ

    খুব ভাল লাগিল৷ৰসাস্বাদ পালো

    Reply
  • Mitali saharia

    ভাল লাগিল পঢ়ি।

    Reply
  • তৃষ্ণা সো.

    হাহিঁলো দেই পঢ়ি

    Reply
  • ৰাজদ্বীপ বৰা

    ভাল লাগিল

    Reply
  • Papari Barman

    হাঃ হাঃ , এই গহীন ভনী কমটি নহয় ৷ সুন্দৰ লিখিছে ৷

    Reply
  • Gitarthee Thakur

    ভাল লাগিল পঢ়ি..হাঁহিলো অলপ

    Reply
  • ভাল লাগিল পঢ়ি..হাঁহিলো অলপ

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *