পণ্ডিত গোঁসাই – মীনাক্ষী বৰুৱা
এই খহোঁ,এই খহোঁকৈ নাকটোৰ আগ অংশত ওলমি থকা গান্ধী ফ্ৰে’মৰ চশমাযোৰৰ ওপৰেদি কুঞ্জলতাৰ বাওঁহাতখন চাই পণ্ডিত গোঁসাইয়ে স্বগতোক্তি কৰিলে- “পশ্চিম দিশত পৰিবি বুজিছ! লৰালৰি কৰি লাভ নাই৷ কুৰি পাৰ হ’ব!”
ছোৱালী যে কুৰিতে বুঢ়ী এই কথা কুঞ্জলতাই জানে৷ গাঁৱৰ সমনীয়া আটাইকেইজনী এতিয়া একোটা একোটাৰ মাক হ’লেই!
“কিবা এটা কৰি অলপ আগুৱাব নোৱাৰিনে আতা?”(গোঁসাইক সকলোৱে ‘আতা’ বুলিয়েই মাতে)৷
পণ্ডিত গোঁসাইয়ে কুঞ্জলতাৰ হাতখন অধ্যয়ন কৰি থাকিয়েই মূৰটো লাহে লাহে লৰাই দিলে৷
পণ্ডিত গোঁসাইৰ প্ৰকৃত নাম দধি মহন্ত৷ অঞ্চলটোৰ মানুহে “পণ্ডিত গোঁসাই” বা “কলা গোঁসাই” বুলিলেহে চিনি পায়৷ মানুহজনে কাণেৰে কম শুনে৷ কিন্তু কোষ্ঠী বিচাৰ,নখ বাছনি আৰু ভৱিষ্যদ্বাণীৰ ক্ষেত্ৰত তেওঁৰ সমকক্ষ দ্বিতীয় এজন এই অঞ্চলত নাই৷ পণ্ডিত গোঁসাইয়ে গ্ৰহ-দোষ খণ্ডণ কৰাৰ অৰ্থে কোনোধৰণৰ ৰত্নৰ বিধান নিদিয়ে৷ পাঁচটা শিশুক শনিবাৰ এটাত মাছে-মঙহে এসাঁজ অথবা বুঢ়া গোঁসাই থানত শৰাই এভাগ-এনেকুৱা বিধানহে প্ৰয়োজন সাপেক্ষে দিয়া হয়৷ কিন্তু কুঞ্জলতাৰ হাতৰ ৰেখা একেবাৰেই স্পষ্ট৷ তাক বিধানেৰে খণ্ডন কৰা সম্ভৱ নহয়! আতাৰ হস্তৰেখা বিচাৰ শুনি কুঞ্জলতাৰ ভয় লাগিল৷ কথাটো শুনিলে ঘনকান্তই বা কি কয়! সি যিহে একাচেকা, আজিয়েই লৈ যাওঁ বুলি নক’লেই ৰক্ষা! হঠাতে কুঞ্জলতাৰ বুকুখন চিৰিঙকৈ মাৰিলে- ঘনকান্তৰ ঘৰটো দেখোন পশ্চিম দিশত নহয়!
পুৱাৰ পৰা গধূলিলৈকে “কলা গোঁসাই”ৰ ঘৰৰ চোতাল বিশেষজ্ঞ ডাক্তৰৰ চেম্বাৰৰ দৰেই ভিৰ লাগি থাকে৷ কাৰোবাৰ যদি গৰুটো হেৰাইছে, কাৰোবাৰ বিয়াৰ বয়স পাৰ হৈ গৈছে, কাৰোবাৰ আকৌ নিতৌ ঘৰুৱা কন্দল ইত্যাদি৷ কলা গোঁসাইৰ চেম্বাৰৰপৰা ওলাই আহোঁতে প্ৰতিজন ক্লায়েণ্টৰ মুখবোৰ উজলি উঠে৷ গোঁসাইৰ কথা নফলিয়াব, এনে কথা হ’বই নোৱাৰে৷ কিন্তু কুঞ্জলতাৰ মুখখন আজি বেছ গোমা৷ আৰু দুবছৰ ৰ’ব লগা কথাটো কোন সতেনো ক’ব তাই ঘনকান্তক? আৰু ঘনকান্ত, তেওঁতো এক নম্বৰ নাস্তিক! তেওঁৰ মতে, গোঁসাইৰ হেনো এইবোৰ টকা ঘটাৰহে অসৎ উপায়৷ কি কৰা যায়? কুঞ্জলতা বৰ চিন্তাত পৰিল৷
টকা ঘটা বুলি ঘনকান্তই ক’লেও অৱশ্যে গোঁসাইৰ মাননি বৰ বেছি নহয়৷ তামোল-পান এযোৰ আৰু মাত্ৰ সিকি এটা৷ আৰু গোঁসাইৰ ‘বিচাৰ’ একেবাৰে উলাই কৰিব পৰা বিধৰো নহয়৷ এবাৰ মাগুৰমাৰী গাঁৱৰ তোষেশ্বৰ সন্দিকৈয়ে বিদ্যালয়ৰ চাবিকোছা হেৰুৱাইছিল৷ বহুত বিচাৰ-খোচাৰ কৰিও চাবিকোছা নোপোৱাত পিছদিনা পুৱাতে সন্দিকৈ আহি পণ্ডিত গোঁসাইৰ ঘৰ ওলালহি৷ গোঁসাইয়ে বহু সময় হাতখনৰ আঁক-বাকবোৰ পৰীক্ষা কৰি অৱশেষত ৰায় দিলে শোৱা কোঠাৰ বাকচ থোৱা ষ্টেণ্ডদালত চাবিকোছা দেখা গৈছে৷ হয়ো হয়,সন্দিকৈয়ে ঘৰলৈ আহিয়েই উক্ত স্থানতে চাবিকোছা উদ্ধাৰ কৰিলেহি৷ তেনেকৈ মাঘী শইকীয়াৰ গৰুজনীও পণ্ডিত গোঁসাইৰ বিচাৰ মতেই পশ্চিমৰ জাৰণি ডৰাৰ মাজত বিচাৰি পোৱা গৈছিল৷ আৰু সেই মৰণৈগুৰি হাইস্কুলৰ পানীৰ ফিল্টাৰ চুৰি হোৱাৰ ঘটনাটোৰ কথা কোনোবাই পাহৰিব পাৰিবনে? প্ৰধান শিক্ষক গান্ধী কটকী ছুটিত থকা অৱস্থাতে স্কুলৰ পানী খোৱা ফিল্টাৰটো নোহোৱা হ’ল এদিন৷ গান্ধী কটকীৰ প্ৰকৃত নাম হৈছে ৰবিৰাম কটকী৷ পৰিষ্কাৰ মুধচটোৰ বাবেই কোনোবাই ধেমালিতে দিয়া এই নামটো বহুতৰ পচন্দ হৈছিল৷ ফিল্টাৰ চুৰিৰ ঘটনাটোৰ বাবে গান্ধী কটকীয়ে হেনো চকীদাৰ গোলাপ মণ্ডলকে সন্দেহ কৰিলে৷ গোলাপে অহুকানে-পহুকানে কথাটো শুনি আন শিক্ষকসকলৰ সমুখত দুখৰ চকুলো টুকিলে৷ দৰকাৰ পৰিলে তেওঁ এসাঁজ খাই এসাঁজ নাখাব পাৰে, কিন্তু ইমান পাপ কৰ্মৰ বাবে গোলাপ মণ্ডলক নিজৰ বিবেকে অন্ততঃ কেতিয়াও অনুমতি নিদিয়ে৷ কথাটো হয়৷ পূৰ্ণিমা বাইদেউয়ে গোলাপৰ সততাৰ প্ৰমাণ আগতে পাই থৈছে৷ এবাৰ টকা কেইটামান আৰু তামোল কেইখনমান বান্ধি ৰখা বাইদেউৰ ৰুমালখন বিদ্যালয়ত ভুলতে এৰি থৈ অহাৰ পিছত পিছদিনা আধলি এটাও ক্ষয় নোহোৱাকৈ গোলাপে ৰুমালখন বাইদেউৰ হাতত তুলি দিয়াৰ কথা বাইদেউয়ে আজিও আৱেগেৰে স্মৰণ কৰে৷ সেইহেন গোলাপে এনে এটা দুষ্কাৰ্য্য কৰিবলৈ সাহস কৰিবনে? এই কথাই কথা নহয়,গোলাপ যে নিৰ্দোষী সেই কথাৰ প্ৰমাণ হ’বই লাগিব৷ লগে লগে পূৰ্ণিমা বাইদেউৰ পণ্ডিত গোঁসাইৰ কথা মনলৈ আহিল৷ এই কথাৰ হেস্ত-নেস্ত পণ্ডিত গোঁসাইয়েহে কৰিব পাৰিব৷ গতিকে পিছদিনা পুৱাই গোলাপ মণ্ডল পণ্ডিত গোঁসাইৰ চেম্বাৰত উপস্থিত হ’লগৈ৷ লগত পূৰ্ণিমা বাইদেউ৷ গোঁসাইয়ে খাঁটি মিঠাতেলৰ বটলটোত তৰ্জনী আঙুলিটো যিমান পাৰি সুমুৱাই বটলটো এবাৰ জোকাৰি ল’লে৷ আঙুলিত লাগি অহা তেলখিনি গোলাপৰ সোঁ অঙ্গুষ্ঠৰ খহটা নখটোত সানি কিছু সময় জপ কৰিলে৷ ক্ষন্তেক পিছতে চকু মেলি গোলাপৰ আঙুলিৰ নখত তপা মূৰ এটা জিলিকি উঠা বুলি আতাই ঘোষণা কৰিলে৷ তপা মূৰটো পূৰ্ণিমা বাইদেৱেও স্পষ্টকৈ চিনি পোৱা বুলি পিছদিনা স্কুলত সহ-শিক্ষকসকলৰ আগত ফুচফুচাই কৈছিল৷ পূৰ্ণিমা বাইদেৱে ঠিকেই সন্দেহ কৰিছিল৷ তপা মূৰৰ এইজনা ‘গান্ধী বাপু’ৱে বাইদেউক তেওঁৰ ভনীয়েকৰ নন্দেকৰ বিয়াত দুদিন বিদ্যালয়লৈ নাহোঁতেই সকলোৰে সমুখত যিহে বৰ বৰ কথা শুনাইছিল! এতিয়া পিছে? স্কুলত ঢাকোন নথকা বাল্টিৰ পৰা পানী খাব লগা হ’লেই বাইদেউৰ হেনো সদায়ে গোলাপৰ নখত জিলিকি উঠা টকলা মূৰটোলৈ ভীষণ খং উঠিছিল!
অতবোৰ প্ৰমাণ চকুৰ আগতে থকাৰ পিছতো কুঞ্জলতাই বাৰু গোঁসাইক অবিশ্বাস কৰে কেনেকৈ? গধূলিলৈ কুঞ্জলতাই ঘনকান্তক তিনিআলিৰ বকুলজোপাৰ তললৈ মাতি পঠিয়ালে৷ কুঞ্জলতাৰ মুখত কথাবোৰ শুনি ঘনকান্তই হাঃহাঃকৈ ‘দিল’খোলা হাঁহি এটা মাৰিলে৷ তাৰ কিছুদিন পিছতে গোঁসাই আতাৰ ভৱিষ্যদ্বাণী নস্যাৎ কৰি কুঞ্জলতাক ঘনকান্তই পত্নীৰ মৰ্যাদা দিলে৷ বনজুইৰ দৰে বিয়পি পৰা কুঞ্জলতা-ঘনকান্তৰ খবৰটো শুনি পণ্ডিতনী আইয়ে সেইদিনা মুখখন সামান্য বিকটাই মুখৰ ভিতৰতে হেনো কিবা এষাৰ ভোৰভোৰাইছিল৷
পণ্ডিত গোঁসাইৰ সৰ্বমুঠ সন্তান আছিল একৈশটা৷ ৰ’লগৈ সাতোটা৷ যোৱাবোৰৰ ভিতৰত কোনটোৰ কি হৈছিল সেই কথা পণ্ডিত-পণ্ডিতনী কোনেও মনত ৰাখি থোৱা নাই৷ ঈশ্বৰে সকলোকে দীঘলীয়া আয়ুস নিদিয়ে- এই কথা পণ্ডিত গোঁসাইয়ে বুজে৷ পণ্ডিতনীৰ যেন এইবোৰ কথালৈ অলপো ভ্ৰূক্ষেপ নাই! তেওঁ মনৰ কথা সাধাৰণতে আনৰ আগত প্ৰকাশ কৰিব নিবিচাৰে৷ মানুহগৰাকী স্বভাৱতে ইণ্ট্ৰভাৰ্ট৷ আনৰ ওপৰত আস্থা বৰ বিশেষ নাই৷ সেইবাবেই চাগৈ প্ৰতিটো সন্তান জন্ম হোৱাৰ সময়ত ক্ষন্তেকৰ বাবে অকলেই কোঠাটোৰ ভিতৰত সোমায়৷ কিছুসময় পিছত চিঞৰ এটা মাৰি বাহিৰত অপেক্ষা কৰি থকাকেইজনক শুনাই দিয়ে নৱজাতকটি ল’ৰা নে ছোৱালী৷ নাড়ী কটা কামটো বছৰে বছৰে কৰি কৰি পণ্ডিতনীৰ অভ্যাসতে পৰিণত হৈছিল৷ পণ্ডিত গোঁসাইৰ সামান্য উপাৰ্জনেৰে বাচি থকা সন্তান কেইটাক পোহপাল দিব লাগে৷ পণ্ডিতনীয়ে বোৱাৰী পুৱাতে উঠি বাৰীৰ কচুশাক,ঢেঁকীয়া শাক,ৰঙালাওৰ আগ,খুতৰিয়া-ভতুৱা,টেঙামৰা আদি দৈনিক যোগাৰ কৰে হয়,কিন্তু খাইতেল অকণ, নহৰু এটা, পিয়াজ এটা লাগ বোলোঁতেই সদায় নেপায়৷ অভাৱৰ বাবে পণ্ডিতক খেচখেচাই থকা মহিলাও তেওঁ নহয়৷ খোৱা-বোৱা, পিন্ধা-উৰা, এইবোৰ চহকী লোকৰহে চখ৷ নাখাই থাকিলেও পণ্ডিতনীয়ে সকলোকে চব বস্তু খুজিব নোৱাৰি৷ কিন্তু ভতিজা বোৱাৰী সৰুমাইৰ ক্ষেত্ৰত কথাটো সুকীয়া৷ তাই এটা খুজিলে হাতৰ টিপতে দুটা দি ভাল পায়৷ সেইবাবে বিপদে আপদে পণ্ডিতনী আই আপোন বুলি সৰুমাইৰ কাষলৈকে যায়৷ অৱশ্যে যাবৰ পৰত সৰুমাইক সোনকালেই ভাত এসাঁজ খুওৱাৰ কথা কৈ থৈ যাবলৈ তেওঁ কেতিয়াও নাপাহৰে৷
এদিনৰ কথা৷ পণ্ডিত গোঁসাইয়ে পুৱাৰ চেম্বাৰ সামৰি এঘাৰমান বজাত পুৰণি হাম্বাৰ চাইকেলখন লৈ চেণ্টাৰৰ ফালে এনেই এপাক ওলাই গৈছিল৷ বাৰমান বজাত বেজৰহোলা গাঁৱৰ ৰজনীকান্তই খবৰ দিলেহি আতাৰ হেনো চৰাইজনীয়া গাঁৱৰ দলংখনৰ ওচৰত কিবা দুৰ্ঘটনা হৈছে৷ দুৰ্ঘটনা শব্দটো শুনিয়েই পণ্ডিতনী আই মুহূৰ্তৰ কাৰণে তভক মাৰিলে৷ তাৰপিছত হঠাতে সম্ভিত ঘূৰি অহা মানুহৰ দৰে আৱেগ সামৰি নিয়মমাফিক কৰ্তব্যত ধ্যান দিলে৷ পণ্ডিতনীৰ মূৰৰ আকাশখন নোহোৱা হৈ যোৱা যেন অনুভৱ হ’ল৷ এয়াহে কৰিলা পৰভূ? এতিয়াৰেপৰা উপজি পুৱাতে “আতা”, “আতা” বুলি চিঞৰিবলৈ কোনো নৰমনিচ এটা এই ঘৰলৈ নাহে৷ যি দুই এপইচা আহি আছিল, তাৰ বাটটোও বন্ধ হৈ গ’ল৷ ডাঙৰ ল’ৰা কমলাও খুটি খাব পৰা হোৱাগৈয়ে নাই৷ ভাইগত এয়াহে লিখা আছিলনে মোৰ? বাওঁহাতৰ আঙুলিকেইটা সোঁহাতৰ তলুৱাৰে মট্ মট্ কৈ ফুটাই পণ্ডিতনীয়ে অভিশাপ দিব কণা বিধাতাক৷ ইয়াৰ পিছত শোঁতশোঁতাই শোঁতশোঁতাই যিমান পাৰি খৰতকীয়াকৈ কামবোৰ কৰি গ’ল৷ প্ৰথমতে পাকঘৰৰ চৰু, কেৰাহী,বতুৱা,কাঁহী-বাতিবোৰ উলিয়াই কুঁৱাৰ পাৰত থ’লে৷ ফুটছাইৰে ঘঁহি ঘঁহি ধুই সেইবোৰ শুদ্ধ কৰিলে৷ তাৰপিছত বিছনাৰ কাপোৰ, আলনাৰ কাপোৰ আদি ঘৰৰ ভিতৰত থকা সমস্ত কাপোৰ উলিয়াই ৰিং নোহোৱাকৈ খন্দা কুঁৱাটোৰ পাৰত টৌ এটাত জুবুৰিয়ালে৷ উচুপি উচুপি হাতৰ ঠাৰিৰে কপালখন উকা কৰিলে৷ হঠাতে তেওঁৰ ৰাইজৰ নীতি-নিয়মবোৰৰ কথা মনলৈ আহিল৷ ৰাইজক খবৰটোতো দিব লাগিব! ল’ৰা-ছোৱালী কেইটাৰ এটাও নাই ঘৰত৷ দিনৰ দিনটো গাওঁখনত টলৌ টলৌকৈ ঘূৰি ফুৰাই সিহঁতৰ কাম! সৰুমাইকে ক’ব লাগিল ৰাইজক জনাবৰ বাবে৷ কথাটো মনলৈ অহাৰ লগে লগে এহাতে মেখেলাখন কোচাই, মূৰৰ ওৰণিখন কপাললৈকে টানি, পণ্ডিতনী আইয়ে সৰুমাইৰ ঘৰলৈ বুলি বাট ল’লে৷ ঠিক তেনে সময়তে ৰিস্কা এখনত উঠি, কপালত বেণ্ডেজ লৈ পণ্ডিত গোঁসাই পদূলিত হাজিৰ! গোঁসাইক দেখি পণ্ডিতনী আইৰ মুখেদি স্বতঃস্ফূৰ্তভাৱে নিগৰি আহিল – “উ..উ.. মৰা নাই!”
☆★☆★☆
12:44 pm
পণ্ডিতনী আয়ে হহুৱালে দেই। বঢ়িয়া লিখনি।