ফটাঢোল

আজি এইটোৱেই খা – পাপৰি দত্ত

অফিচৰ পৰা ঘৰলৈ আহোঁতে বজাৰত সোমাই দুই-এটা ঘৰুৱা বস্তু কিনি অনাটো মোৰ এটা পুৰণা অভ্যাস৷ এনেদৰে বজাৰ কৰিলে দুই এজন ভিক্ষাৰী আহি ওচৰতে ঠিয় দিয়েহি৷ হাতত খুচুৰা পইচা থাকিলে কেতিয়াবা সিহঁতক দিওঁ আৰু কেতিয়াবা ধমক এটা দি আঁতৰাই পঠাওঁ৷
এদিন এনেকৈ অফিচৰ পৰা আহোঁতে মিঠাই দোকান এখনত সোমালোঁ৷ ভাবিলোঁ পনীৰ আৰু ব্ৰেডৰ লগতে অলপ মিঠাইও কিনি লৈ যাওঁ৷ সেইদিনা মনটো ভাল লাগি আছিল দিনটোৰ কামবোৰ সুকলমে পাৰ হোৱাৰ বাবে৷ মিঠাই দোকানখনৰ পৰা বস্তু কেইপদ লওঁতেই আহি পালে এজন ভিক্ষাৰী৷ হাত মেলি মেলি মোৰ ওচৰ পালেহি৷ মিঠাই দোকানখনত থকা তিনিওটা ল’ৰাই কামত ব্যস্ত৷ কেচ কাউণ্টাৰত থকা ল’ৰাটোৱে ভিক্ষাৰীজনক তাৰ পৰা ওলাই যাবলৈ কৈ আছে৷ কিন্তু ভিক্ষাৰী জনে একো কথালৈ মন নিদি মোৰ ওচৰত হাত পাতি ৰৈ আছে৷ মই ভালকৈ ভিক্ষাৰী জনলৈ চালোঁ৷ ফটাচিটা কাপোৰেৰে গাটো মেৰিয়াই ৰাখিছে৷ শুকান মুখখন দেখিয়েই লাগিছে কেইবাদিনো খাব পোৱা নাই যেন৷ সেয়ে ভাবিলো ইমান খাব নোপোৱা মানুহ খোৱা বস্তুকে কিনি হাতত দি দিলোঁ৷ ভিক্ষাৰীজনে ব্ৰেডটো লৈ আমন-জিমনকৈ দোকানখনৰ পৰা ওলাই যাব ধৰিলে৷ ময়ো লৰালৰিকৈ ওলাই আহিলোঁ দোকানখনৰ পৰা৷ তেনেতে দোকানী এজনে চিঞৰি চিঞৰি কোৱা কথাকেইটা শুনিলোঁ — “আজি এইটোৱেই খা, সদায় সিটো বস্তু খাই থকাটো ভাল নহয়৷” দোকানীজনৰ কথা শুনিহে গম পালো ভিক্ষাৰীজন আমন-জিমনকৈ ওলাই যোৱাৰ কাৰণ৷

মই পিছলৈ ঘূৰি নাচাই খৰ খোজেৰে ঘৰৰ দিশত আগবাঢ়িলোঁ– লাজত নে খঙত নিজেই গম নাপালোঁ৷

☆★☆★☆

3 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *