ফটাঢোল

নকাং – ৰূপম কলিতা

বাইকখন পদূলীত ৰখাই দিয়াৰ লগে লগে কংকনাই লাহেকৈ নামি ঠিয় দিলে৷ নীলা ৰঙৰ শাৰীখনৰে নীলা নীলা হৈ আহিছে মোৰ মানুহজনী কংকনা৷ আজি প্ৰথমবাৰৰ বাবে মই জোঁৱাই হৈ আৰু কংকনা মোৰ ঘৈণী হৈ সিহঁতৰ ঘৰত আহিছোঁ৷

আচলতে আমি দুয়ো ঘৰৰ অমতত পলাই গৈ বিয়া হৈছোঁ৷ বিয়াৰ এমাহ পিছত আমাৰ ঘৰে আমাক আদৰি ল’লে যদিও কংকনাহঁতৰ ঘৰখনে হে আজি পাঁচ মাহ পিছত আমাক আদৰি ল’লে৷ এই বিয়াৰ অমতৰ প্ৰধান কাৰণ হ’ল কংকনাৰ ককায়েক প্ৰাঞ্জল৷ ঠিক সেইদৰে মই কংকনাক লগ পোৱাৰ প্ৰথমটো কাৰণো হ’ল প্ৰাঞ্জলেই৷

শাহু মায়ে আহি দুয়োজনকেই আদৰি নিলে৷ আমি দুয়ো লাজ লাজ খোজেৰে মাৰ পিছে পিছে গৈ ড্ৰয়িং ৰুমত সোমালোঁ৷ কংকনা আৰু মাৰ চকু চলচলীয়া কাৰোৱে মুখত মাত নাই৷ মোক বহিব দি দুয়ো মাক জীয়েক আনটো ৰুমলৈ গ’ল৷

এই ড্ৰয়িং ৰুমটোতে মই প্ৰথমবাৰৰ বাবে কংকনাক লগ পাইছিলোঁ৷ কলেজীয়া বন্ধু প্ৰাঞ্জলে তাৰ ঘৰলৈ মোক আনোতে চিনাকি কৰাই দিছিল এয়া আমাৰ সৰু মাইনা৷
মই সুধিছিলোঁ– কি নাম তোমাৰ?
এবাৰ মোৰ চকুত চকু থৈ লাজ লাজ কৈ কৈছিল–কংকনা৷

সেই যে প্ৰথম দেখিছিলোঁ তেতিয়াৰ পৰাই মোৰ বুকুত এক নীৰৱতাৰ নৈ ব’ব লৈছিল৷ আৰু এই নীৰৱতা নৈত কংকনাই এখন পালতৰা নাও হৈ কল্পনাৰ বতাহত ভাঁহিব লৈছিল৷

আমাৰ কলেজীয়া শিক্ষা শেষ হোৱাৰ পিছত প্ৰাঞ্জলে কলকতাত এটি প্ৰাইভেট চাকৰি পালে৷ সি কলকতাত যোৱাৰ আগত মাক-ভনীয়েকৰ খা-খবৰ লৈ থকাৰ দায়িত্ব মোক দি গ’ল৷

আৰু এনদৰে খা খবৰ লোৱা দিনবোৰতেই কংকনাৰ লগত অন্তৰংগ সম্বন্ধ গঢ়ি উঠিল৷  কংকনাই আপুনিৰ পৰা তুমি কোৱা হ’ল মোক৷ মই অভিমান কৰিব পৰা হ’লো তাইক৷ ৰাতিপুৱাৰ পৰা ৰাতিলৈ আমি ইজনে সিজনৰ খবৰ লৈয়ে পাৰ কৰি দিয়া হ’লোঁ৷ ইমানদিনে আমাৰ দুয়োৰে বুকুত বৈ থকা নীৰৱতাৰ নৈ দুখন লগ লাগি সাগৰ হ’লহি৷ সাগৰখন যেন উত্তাল হৈ উঠিল…

আৰু এদিন আমি বান্ধ খালোঁ… ভালপোৱাৰ বান্ধোনেৰে…

প্ৰাঞ্জল ঘৰলৈ আহোতে গম পাই গ’ল সম্পৰ্কৰ কথা৷ দুয়োজনকে নানান কথা শুনাব ধৰিলে৷ ট্ৰেজেডীৰ নৈ এখন বৈ গ’ল৷ মোৰ প্ৰিয় নাৰীয়ে কান্দিছে! নাই নাই এনে হ’ব দিব নোৱাৰো৷ একো বিশেষ নাভাবি আমি দুয়ো পলাই গ’লোঁ৷

এমাহ গোলাঘাটৰ ছায়ামণি পেহীৰ ঘৰত দুয়ো গৈ থাকিলোঁ৷ এমাহমান পিছত আমাৰ ঘৰৰ মানুহে আহিব কোৱাত গুচি আহিলোঁ৷ আৰু আজি পাঁচমাহৰ পিছত আমাৰ এওঁৰ ঘৰখনেও আমাক আদৰি ল’লে৷

বাহিৰত বাইক ৰখোৱাৰ মাত শুনিলো৷ প্ৰাঞ্জল আহিছে যেন পাওঁ! সেই মোক দম দিয়াৰ দিনাই শেষ দেখা৷ বুকুখন কঁপি উঠিল মোৰ৷

পৰ্দাখন আঁতৰাই প্ৰাঞ্জল সোমাই আহিলে৷ বুকুৰ ধপধপনিবোৰ বাঢ়ি আহিল৷ দুয়ো ইজনে-সিজনৰ ফালে এবাৰ চকু দিয়ে আকৌ চকু তল কৰিলোঁ৷ প্ৰাঞ্জলে বিছনাখনত বহিলে৷  মাত-বোল নোহোৱাকৈয়ে দুই মিনিট পাৰ হৈ গ’ল৷

হঠাৎ প্ৰাঞ্জলে উঠি আহি মোৰ বুকুত খামচি ধৰি ঠিয় কৰাই ল’লে মোক৷ তাৰ চকুদুটা ৰঙা কৰি চেঁচা মাতেৰে ক’লেঃ- কুকুৰ……

মই সেপ ঢুকিলোঁ……

মোৰ বুকুৰ পৰা হাত এখন আঁতৰাই সি মোৰ গালত এক ৰাম চৰ সোধাই দিলে৷ আকৌ চেঁচা মাতেৰে ক’লেঃ- কুকুৰ, ভনীজোঁৱাই হ’লি আনে দেখাকৈ একো এটা কৰিব নোৱাৰো তোক৷ এইদৰে যেতিয়াই অকলে পাম এটা এটা ৰাম চৰ সোধাম তোক…৷ আৰু এই চৰ খোৱাৰ কথা কাকোৱে নক’বি৷ কৈ থলোঁ৷

মই আৰু এটা সেপ ঢুকি ক’লো- হ’ব দে নকাং…

প্ৰাঞ্জল ৰুমৰ পৰা ওলাই যোৱাৰ পিছত আমাৰ এওঁ মোৰ ওচৰত আহি কাণে কাণে ফুচফুচাই সুধিলেঃ- কি হে, দাদাক লগ পাই লাজে-ভয়ে একেবাৰে ৰঙা পৰি গৈছা! দাদাই কিবা ক’লে নেকি?
মই গহীন ভাৱে উত্তৰ দিলোঁঃ- নকাং…

☆★☆★☆

4 Comments

  • অবিনাশ

    হাঃ হাঃ ভাল লাগিল

    Reply
  • তৃষ্ণা সো.

    বঢ়িয়া ।

    Reply
  • ৰাজশ্ৰী শৰ্মা

    ভাল কৰিলে, বৰ ভাল লাগিল পঢ়ি

    Reply
  • Lakhimi

    কেনে লাগিল নকাং। কেচটো কিমানদিনলৈ চলিল হয়নে? নে সেইটোও নকাং???

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *