ফটাঢোল

তিতা-কেঁহা – মৃদুলা গগৈ

মেজিক বা মেক্সিম’ত উঠাৰ অভিজ্ঞতা আছেনে বাৰু আপোনালোকৰ? মই মেজিকত উঠি তিতা কেঁহা মিঠা জ্বলা গোটেইবোৰ পাইছো দেই৷ মেজিকৰ ড্ৰাইভাৰবোৰৰ ( সকলো নহয় কিন্তু গৰিষ্ঠ সংখ্যক ) অতপালি কেতিয়াবা সহ্যৰ বাহিৰ হৈ যায়৷ যিসকলে উঠিছে মোৰ দৰে পাইছেনে জনাবছোন দেই৷

ষ্টেণ্ডত ৰখাই থোৱা মেজিকখনত যদি উঠেগৈ যেতিয়ালৈকে চিট কেইটা সম্পূৰ্ণ নহয় কেতিয়াও নাযায় আৰু কাকূতি মিনতি কৰিলেও ড্ৰাইভাৰে আপোনাৰ কথা নুশুনে৷ বেছিকৈ কৈ থাকিলে আপোনাক নমাইয়ে দিব৷ কিন্তু আমিটো ফুৰিবলৈ যাবলৈ নুঠো৷ সময়ত কৰ্মস্থলী পাবগৈয়ে লাগিব৷ গতিকে সিহঁতৰ দম্ভালি শুনিবলৈ বাধ্য৷

চিট কেইটা চাৰিজন বহিব পৰা কোনোপধ্যে নহয়৷ ক্ষীণ – মীন মানুহ হলে যেনেতেনে চাৰিজন বহিব পাৰি৷ যিসকলে উঠি পাইছে তেখেতসকলেহে অনুভৱ কৰিব পাৰিব৷ আপুনি কেনেকৈ বহি যাই আপোনাৰ কথা মুঠতে তিনিজনকৈ বহিব পৰা চিটকেইটাত চাৰিজন বহাব৷ কাৰোবাৰ কোঁচত বহি যাব লগাও হ’ব পাৰে যদি গোটেইকেইজন শকত হয়৷ নাযাওঁ বুলি ৰ’লে কি হ’ব সম্পূৰ্ণ নোহোৱালৈকে গাড়ী নাযায় আৰু সেইখন গাড়ী গ’লেহে পিছৰখন পাব৷ মুঠতে উপায় নাই৷ তদুপৰি সন্মুখা -সন্মুখিকৈ থকা চিটকেইটাত বহিলে আপোনাৰ ভৰিকেইটা বিপৰীত ফালৰ জনৰ ভৰি দুটাৰ মাজত ৰাখিব লাগিব৷ যদি অলপ চুটি-চাপৰ তেন্তে অলপ ৰক্ষা বাৰু৷
উপায় নাই গৈ থাকোঁ আৰু তেনেকৈয়ে৷ আজিও সেই উঠিলোগৈ ঠেলা-হেঁচা কৰি৷ আৰু এজন উঠিলেই গাড়ী যাব পিছে সেইজন বহিবলৈ অলপো ঠাই নাই৷ গোটেইকেইজনৰ চাইজ সমান৷ প্ৰায় ৮০ কেজি৷ মোৰ সন্মুখৰ মানুহজনে খুব জোৰ কৰি আছে গাড়ী চলাবলৈ৷ বাৰে বাৰে কৈ আছে -” আৰু এজন আহিলে বহিব ক’ত?”
নাই ড্ৰাইভাৰৰ গুৰুত্ব নাই৷ অৱশেষত যেনিবা আৰু এগৰাকী আহিল৷
ৰক্ষা তেওঁ কেনেকে বহে নাজানো! কিন্তু গাড়ী চলিব৷
ঠেলি হেঁচি গাড়ীৰ ভিতৰত ভৰাই দৰ্জা মাৰি ড্ৰাইভাৰে গাড়ী ষ্টাৰ্ট দিলে৷ মানুহগৰাকীয়ে বাৰে বাৰে কৈছে অলপ চাপি দিয়কচোন৷ চাপিম কেনেকৈ গোটেইকেইজন খাপ খাই আছো চিটটোত লৰচৰ কৰিব পাৰিলেহে৷ আমাৰ কি হৈছে তালৈ ভ্ৰূক্ষেপ নাই ড্ৰাইভাৰে গাড়ী স্পীড বঢ়াই দিছে৷
“ঐ গাড়ী ৰখাচোন ” অলপ দূৰ যোৱাৰ পিছতে মোৰ কাষত বহি থকা মানুহজনৰ ড্ৰাইভাৰক উদ্দেশ্য কৰি ভাষ্য৷
নামিব নেকি বুলি সুধিলৈ ড্ৰাইভাৰ নামি আহিল দৰ্জা খুলিবলৈ৷
মানুহজনে নামি লৈ ড্ৰাইভাৰজনক ঠেলামাৰি নিজে বহি থকা চিটটোত বহুৱালে৷
একেবাৰে খঙত ৰুদ্ৰমূৰ্ত্তি ধৰি “ তই বহচোন ইয়াত মই গাড়ী চলাওঁ৷ “
একমুহূৰ্ততে গাড়ী ষ্টাৰ্ট দি চলাই লৈ গ’ল৷
ড্ৰাইভাৰে এই ৰখাওক ৰখাওক কৈয়ে চিঞৰি গৈ থাকিল৷
অলপ সময় আমাৰো মুখৰ মাত হেৰাল৷

☆★☆★☆

3 Comments

  • অনুৰূপ মহন্ত

    আকৌ পঢ়িলোঁ,সমানেই ৰস পালোঁ।

    Reply
  • Mitali saharia

    এনেকুৱা কৰিব মন যাব এতিয়া কেতিয়াবা।

    Reply
  • অত্ৰেয়ী গোস্বামী

    কৰিব লাগে ইহঁতক মাজে মাজে এনেকুৱা৷
    তামাম হাঁহিলো কিন্তু৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *