ফটাঢোল

বাইদেউ-ভিনিৰ কথা – নিবিৰ মৌচম

বাইদেউৱে লেনিয়াই ভিনিক সুধিলে …

বাইদেউঃ হেৰি, মোক নো আপুনি কিমান ভাল পাই হয়নে?

ভিনিঃ সেইটো নো সুধিব লগিয়া কথানে? মই তোমাক নিজতকৈও বেছি ভাল পাওঁ।

বাঃ মিছা কথা ন’কবা!! আপুনি মোৰ কথা অলপো চিন্তা নকৰে।

ভিনি: চোৱা ভালপোৱাৰ ক্ষেত্ৰত চিন্তা কৰিবলৈ কোনোৱে সময় নাপাই হে।

বাঃ হ’লেও আপুনি মোৰ আনন্দ ফূৰ্টিৰ বাবে কিবা এটাতো ভাৱক।

ভিনি: কিয় নেভাবিম বাৰু? চোৱা অহা জানুৱাৰী মাহত আমাৰ বিয়াৰ দহ বছৰ হ’ব। সেইকাৰণে মই তোমাক ফুৰাবলৈ আন্দামান-নিকোবৰ দ্বীপপুঞ্জত যাম।

বাঃ সচাঁ‌নে??? শুনিয়েই কিবা ভাল লাগি গৈছে। বাৰু এটা কথা কওক ছোন।

ভিনি: কি???

বা: যেতিয়া আমাৰ বিয়াৰ ২৫ বছৰ হ’ব তেতিয়া কি কৰিবানো?

ভিনি: কি কৰিম আৰু । তাৰ পৰা তোমাক উভতাই আনিব যাম আকৌ।

তাৰ পাছত কি হ’ল জানো। বেলনামাৰি আৰু পটাগুতি উফৰি আহি ঘটং!!

☆★☆★☆

4 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *