ফটাঢোল

প্ৰেমিক-প্ৰেমিকা – ৰিমঝিম বৰঠাকুৰ

প্ৰেমিকা: তুমি মোক কিমান ভালপোৱা?

প্ৰেমিক: মোৰ বুকুৰ ধপধপনি শুনি অনুমান কৰাচোন মোৰ ভালপোৱাক।

ফোনটো বুকুতে লগাই প্ৰেমিকে ক’লে।

প্ৰেমিকা: অহ এম জি, ইমান ঢপঢপনি তোমাৰ বুকুৰ।

প্ৰেমিক: এতিয়া কোৱা তোমাক মই কিমান ভালপাওঁ।

প্ৰেমিকা: হুহ হ’ব সেইবোৰ যে মোৰ প্ৰতি থকা ভালপোৱাৰ কাৰণে হোৱা ধপধপনি হ’বই নোৱাৰে। সেইবোৰ তোমাৰ বুকুত জমা হোৱা কফৰ ঘূৰঘূৰণিহে। সদায় কিমান কওঁ চিগাৰেট কমাই খাবলৈ, কথা ক’লে শুনিলেহে।

প্ৰেমিকাই কথাকেইটা কৈ শেষ কৰিলে কি নকৰিলে সিফালৰ ফোনটো কটা গ’ল আৰু এতিয়ালৈকে বোলে প্ৰেমিকৰ নম্বৰটো সংযোগ সীমাৰ বাহিৰত।

☆★☆★☆

3 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *